কোৰআনত_মহান_আল্লাহই_কৈছেঃ—
‘আৰু তুমি সিহঁতৰ বাবে এটা দৃষ্টান্ত দাঙি ধৰা, দুজন ব্যক্তি আছিল, সিহঁতৰ এজনক আমি প্ৰদান কৰিছিলো দুটা আঙুৰৰ বাগিচা আৰু দুয়োটাকে আমি খেজুৰ গছেৰে পৰিবেষ্টিত কৰিছিলো আৰু দুয়োটাৰে মধ্যৱৰ্তী স্থানক ৰাখিছিলো শস্যক্ষেত্ৰ।
‘উভয় উদ্যানে ফল দান কৰিছিল আৰু তাত কোনো ত্ৰুটি কৰা নাছিল আৰু আমি উভয় উদ্যানৰ মাজেৰে প্ৰবাহিত কৰিছিলো এটা নিজৰা
‘আৰু তাৰ প্ৰচুৰ ফল-সম্পদ আছিল। তাৰ পিছত কথা প্ৰসঙ্গত সি তাৰ বন্ধুক ক’লে, ‘তোমাতকৈ মোৰ ধন-সম্পদ বেছি আৰু জনবলতো মই তোমাতকৈ শক্তিশালী’।
‘আৰু সি অহংকাৰ কৰি তাৰ উদ্যানত প্ৰৱেশ কৰিলে। সি ক’লে, ‘এইটো কেতিয়াও ধ্বংস হ’ব বুলি মোৰ ধাৰণা নহয়;
‘আৰু কিয়ামত সংঘটিত হ’ব বুলিও মোৰ ধাৰণা নহয়, আৰু মোক যদি মোৰ প্ৰতিপালকৰ ওচৰত উভতাই নিয়া হয়, তেন্তে নিশ্চয় মই ইয়াতকৈয়ো উৎকৃষ্ট প্ৰত্যাৱৰ্তন স্থল পাম’।
‘ইয়াৰ উত্তৰত তাৰ বন্ধুজনে বিতৰ্কমূলক ভাৱে তাক ক’লে, ‘তুমি সেই সত্তাৰ লগত কুফৰী কৰিছা নেকি, যিজনে তোমাক সৃষ্টি কৰিছে মাটিৰ পৰা আৰু তাৰ পিছত বীৰ্যৰ পৰা আৰু তাৰ পিছত তোমাক পুৰ্ণাংঙ্গ পুৰুষ আকৃতি দান কৰিছে’?
‘কিন্তু তেৱেঁই আল্লাহ, মোৰ ৰব; আৰু মই মোৰ প্ৰতিপালকৰ লগত কাকো অংশী নকৰো’।
‘তুমি যেতিয়া তোমাৰ উদ্যানত প্ৰৱেশ কৰিলা তেতিয়া তুমি কিয় এইদৰে কোৱা নাছিলা যে, আল্লাহে যিটো বিচাৰে সেইটোৱেই হয়, আল্লাহৰ সহায় অবিহনে কোনো শক্তি নাই? যদি তুমি তোমাৰ ধন-সম্পত্তি আৰু সন্তান-সন্ততিৰ ক্ষেত্ৰত মোক হীন বুলি ধাৰণা কৰা–
‘তথাপিও এয়া অসম্ভৱ নহয় যে, হয়তো মোৰ প্ৰতিপালকে মোক তোমাৰ উদ্যানতকৈ উৎকৃষ্ট কিবা দান কৰিব আৰু তোমাৰ উদ্যানত আকাশৰ পৰা নিৰ্ধাৰিত বিপৰ্যয় পঠাব, যাৰ ফলত ই উদ্ভিদশূন্য পথাৰত পৰিণত হ’ব।
‘অথবা ইয়াৰ পানী ভূগৰ্ভত গুচি যাব আৰু তুমি কেতিয়াও সেইটোৰ সন্ধান লাভত সক্ষম হ’ব নোৱাৰিবা’।
‘ফলত তাৰ ফল-সম্পদ বিপৰ্যয়ে বেৰি ধৰিলে আৰু গছবোৰ হেন্দালিৰ সৈতে ভাঙি-চিঙি পৰি থকা দেখি সি তাত যি ব্যয় কৰিছিল তাৰ বাবে হাত মোহাৰি মোহাৰি আক্ষেপ কৰি ক’লে, ‘হায়, মই যদি মোৰ প্ৰতিপালকৰ লগত কাকো অংশী নকৰিলোহেঁতেন’!
‘আৰু আল্লাহৰ বাহিৰে তাক সহায় কৰিবলৈ কোনো নাছিল আৰু সি নিজেও প্ৰতিকাৰত সমৰ্থ নাছিল।
‘ইয়াত কৰ্তৃত্ব কেৱল আল্লাহৰেই, যিজন সত্য। পুৰষ্কাৰ প্ৰদানত আৰু পৰিণাম নিৰ্ধাৰণত তেৱেঁই শ্ৰেষ্ঠ।
(ছুৰাঃ আল-কাহফঃ ৩২-৪৪)
✍✍..তাহেৰা বেগম