কবৰত ৰখাৰ পিছত আপোনাক ৩ টা নহয়, ৪ টা প্রশ্ন কৰা হব

কবৰত ৰখাৰ পিছত আপোনাক ৩টা নহয়, ৪টা প্রশ্ন কৰা হব। কবৰত ৰখাৰ পিছত আপোনাক ৩টা নহয়, ৪টা প্রশ্ন কৰা হব। আপুনি শেষৰ উত্তৰটো কেনেকৈ দিব? কাৰণ আপুনিটো কোনোদিনেই কোৰআন মজিদ বুজি পঢ়া নাই । আপুনি দিনৰাত হেদায়া, কুদুৰী, মোখসুদুল মোমিন, নেয়ামুল কোৰআন, মুন্তাখাব হাদীছ, পাঙ্গেগানা ওযীফা পঢ়ি থাকে, উত্তৰটো কেনেকৈ দিব। কবৰলৈ যোৱাৰ আগত বাৰংবাৰ ভাবক, আপুনি দিনৰাত কিবোৰ পঢ়িছিল আৰু কবৰলৈগৈ কি উত্তৰ দিব ? কবৰত ৰখাৰ পিছত আপোনাক প্রথমে যিটো প্রশ্ন কৰা হব সেইটো হল – مَنْ رَبُّكَ؟ ১]-তোমাৰ ৰব কোন ? তাৰপিছত যি প্রশ্ন কৰা হব – مَا دِينُكَ؟ ২]-আৰু তোমাৰ দ্বীন কি ? ইয়াৰ পিছত প্রশ্ন কৰা হব – مَا هَذَا الرَّجُلُ الَّذِي بُعِثَ فِيكُمْ؟ ৩]-যি মানুহজন তোমালোকৰ মাজত প্রেৰিত হৈছিল, তেওঁ কোন ? শেষ প্রশ্নটি কৰা হব – وَمَا يُدْرِيكَ؟ ৪]-তুমি কেনেকৈ জানিব পাৰিলা ? উত্তৰ হব – قَرَأْتُ كِتَابَ اللَّهِ মই আল্লাহৰ কিতাব পঢ়িছো। (আবু দাঊদ ৪৭৫৩, হাদীছটি ছহীহ) ✍️ Afjal Hussain

Leave a comment