কবিৰা গুনাহৰ আভিধানিক অর্থ ডাঙৰ গুনাহ; আৰু শ্বৰীয়তৰ পৰিভাষাত আল্লাহ ও আল্লাহৰ ৰছুল এ যি সমূহ কাম কৰিবলৈ কঠোৰভাৱে নিষেধ কৰিছে আৰু সেই সমূহ কামৰ বাবে শাস্তিৰ বিধান অথবা আল্লাহৰ খং তথা নাৰাজৰ কথা ঘোষণা কৰিছে, তাকেই কবিৰা গুনাহ বোলা হয়।
গুনাহ দু’ভাগত বিভক্ত- প্রথম কবিৰা; দ্বিতীয় ছগিৰা। কোনো কোনোৱে মত পোষণ কৰিছে , মূলত সকলো গুনাহেই- গুনাহ, ইয়াৰ কোনো ভাগ নাই, যদিও মুহাদ্দিছ,উলামায়ে কিৰামৰ মতে গুনাহ দুইপ্রকাৰ। ছগিৰা গুনাহ ও কবিৰা গুনাহ।
কোৰআন ও হাদীছত কবিৰা গুনাহৰ পূর্ণ সংখ্যাৰ বর্ণনা একলগত উল্লেখ নাই, যদিও কোৰআন ও হাদীছত যি সমূহ গুনাহক কবিৰা গুনাহত অন্তর্ভূক্ত কৰা হৈছে, উলামায়ে কিৰাম এ তাৰ সংখ্যা ৭০ টি বুলি বর্ণনা কৰিছে। কিছুমানে আকৌ ইয়াৰ সংখ্যা ইয়াতকৈয়ো অধিক বুলিও উল্লেখ কৰিছে।
যি নহওক কেইটিমান কবিৰা গুনাহ তলত উল্লেখ কৰা হ’ল….
👉আল্লাহৰ সৈতে আন কাৰোবাক অংশী স্থাপন কৰা, অৰ্থাৎ শিৰ্ক কৰা ।
👉নামাজ পৰিত্যাগ কৰা
👉পিতৃ-মাতৃৰ অবাধ্য হোৱা
👉অন্যায়ভাবে মানুহক হত্যা কৰা
👉পিতৃ-মাতৃক অভিসম্পাত কৰা
👉যাদু-টোনা কৰা
👉এতীমৰ সম্পদ আত্মসাৎ কৰা
👉জিহাদৰ ময়দানৰ পৰা পলায়ন কৰা
👉সতী-সাধ্বী মু‘মিন নাৰীৰ প্রতি অপবাদ দিয়া
👉ৰোজা নৰখা
👉যাকাত আদায় নকৰা
👉ক্ষমতা থকা সত্বেও হজ্জ আদায় নকৰা
👉যাদুৰ বৈধতাত বিশ্বাস কৰা
👉প্রতিবেশীক কষ্ট দিয়া
👉অহংকাৰ কৰা
👉চুগলিখোৰ কৰা (কজিয়া লগোৱাৰ উদ্দেশ্যে এজনৰ কথা আনজনক লগোৱা)
👉আত্মহত্যা কৰা
👉আত্মীয়তা সম্পর্ক ছিন্ন কৰা
👉অবৈধ পথত উপার্জিত অর্থ ভক্ষণ কৰা
👉উপকাৰ কৰি খোটা দান কৰা
👉মদ বা অন্য নিচাজাতীয় দ্রব্য গ্রহণ কৰা
👉মদ প্রস্তুত ও প্রচাৰত অংশ গ্রহণ কৰা
👉জুৱা খেলা
👉তকদীৰ অস্বীকাৰ কৰা
👉অদৃশ্যৰ খবৰ জনাৰ দাবী কৰা
👉গণকৰ ওচৰত অদৃশ্যৰ খবৰ জানিবলৈ বিচৰা।
👉ৰছুল (ছল্লালাহু আলাইহি অছাল্লাম)ৰ নামত মিছা হাদিছ বর্ণনা কৰা
👉মিছা সপোন বর্ণনা কৰা
👉মিছা কথা কোৱা
👉মিছা শপত গ্ৰহণ কৰা
👉মিছা কছমৰ মাধ্যমত পণ্য বিক্রী কৰা
👉জিনা-ব্যভিচাৰত লিপ্ত হোৱা
👉সমকামিতাত লিপ্ত হোৱা
👉মানুহৰ গোপন কথা চোপ পাতি বা মনে মনে শুনাৰ চেষ্টা কৰা
👉মানুহৰ বংশ মর্যাদাত আঘাত হানা
👉মৃতকৰ উদ্দেশ্যে উচ্চস্বৰে ক্রন্দন কৰা
👉মুছলিম সমাজৰ পৰা বিচ্ছিন্ন থাকা
👉মুছলিমক গালি দিয়া অথবা তাৰ সৈতে কাজিয়াত লিপ্ত হোৱা
👉খেলাৰ চলেৰে কোনো প্রাণীক নিক্ষেপ যোগ্য অস্ত্রৰে লক্ষ্য বস্তু বনোৱা
👉কোন অপৰাধীকে আশ্রয় দান কৰা
👉আল্লাহৰ বাহিৰে অন্য কাৰো নামত পশু জবেহ কৰা
👉ওজনত কম দিয়া
👉কাজিয়া -বিবাদত অশ্লীল ভাষা প্রয়োগ কৰা
👉জমিনৰ সীমা পৰিবর্তন কৰা বা পৰৰ জমী বলপূৰ্বক দখল কৰা
👉গীবত তথা অসাক্ষাতে কাৰো দোষ চর্চা কৰা
👉সৌন্দর্য্যৰ উদ্দেশ্যে মুখ মণ্ডলৰ চুলি উঠোৱা বা ভ্রু উঠোৱা
👉অতিৰিক্ত চুলি সংযোগ কৰা বা নকল চুলি লগোৱা
👉পুৰুষে নাৰীৰ বেশ ধাৰণ কৰা আৰু নাৰীয়ে পুৰুষৰ বেশ ধাৰণ কৰা
👉বিপৰীত লিঙ্গৰ প্রতি কামনাৰ দৃষ্টিত চোৱা
👉কবৰক মছজিদ হিচাবে গ্রহণ কৰা
👉পথিকক নিজৰ ওচৰত অতিৰিক্ত পানী থকাৰ পিছতো নিদিয়া
👉পুৰুষৰ টাখনুৰ (ভৰিৰ সৰু গাঠি)তলত পোচাক পৰিধান কৰা
👉ডকাইতি কৰা
👉চুৰি কৰা
👉সুদ লেন-দেন কৰা, সুদ লিখা বা তাতে সাক্ষী থাকা
👉ঘোছ লেন-দেন কৰা
👉স্ত্রীৰ পায়ু পথত যৌন ক্রিয়া কৰা
👉জুলুম-অত্যাচাৰ কৰা
👉অস্ত্র দ্বাৰা ভয় দেখুওৱা বা তাৰ দ্বাৰা কাৰোবাক ইঙ্গিত কৰা
👉প্রতাৰণা বা ঠগ বাজী কৰা
👉ৰিয়া বা লোক দেখোওৱাৰ উদ্দেশ্যে সৎ আমল কৰা
👉স্বর্ণৰ পাত্র ব্যবহাৰ কৰা
👉পুৰুষৰ ৰেছমি পোছাক আৰু স্বর্ণ পৰিধান কৰা
👉ছাহাবা(ৰা:)সকলক গালি দিয়া
👉নামাজৰত অবস্থাত মুছল্লিৰ সন্মূখেৰে গমন কৰা
👉ভ্রান্ত মতবাদ জাহেলী ৰীতিনীতি অথবা বিদআতৰ প্রতি আহবান কৰা
👉কোনো দুষ্কৃতিকাৰীক প্রশ্রয় দিয়া
👉আল্লাহৰ কাৰণে অনধিকাৰ চর্চা কৰা
👉বিনা প্রয়োজনত তালাক বিচৰা
👉স্বামীৰ অবাধ্য হোৱা
👉স্বামী-স্ত্রীৰ মিলনৰ কথা জনসম্মুখত প্রকাশ কৰা
👉স্বামী-স্ত্রীৰ মাজত বিবাদ সৃষ্টি কৰা
👉বেছি বেছি অভিশাপ দিয়া
👉বিশ্বাস ঘাতকতা কৰা
👉আমানতৰ খিয়ানত কৰা
👉প্রতিবেশীক কষ্ট দিয়া
👉ঋণ পৰিশোধ নকৰা
👉অহংকাৰী: যিয়ে উপদেশ গ্রহণ নকৰে
👉তাবিজ-কবজ, ৰিং, সুতা ইত্যাদি পিন্ধা
👉ভেজাল পণ্য বিক্রী কৰা
👉ইচ্ছাকৃত ভাবে জানি-বুজি অন্যায় বিচাৰ কৰা
👉কোনো ইলম সম্পর্কে সোধা হলে জনা সত্যেও তাক গোপন কৰা
👉নিজৰ পিতৃৰ বাহিৰে অইনক পিতা বুলি দাবী কৰা
👉আল্লাহৰ ৰাস্তাত বাধা দিয়া
#কবিৰা_গুনাহৰ_পৰা_ৰক্ষা_পোৱাৰ_উপায়
আল্লাহ তা’লাই কোৰাণ মজিদত কৈছে
(সিহঁতক) জনাই দিয়া, ‘হে মোৰ বান্দাসকল! তোমালোকৰ যিসকলে নিজৰ ওপৰত অন্যায় কৰিছা, আল্লাহৰ অনুগ্ৰহৰ পৰা নিৰাশ নহ’বা, নিশ্চয় আল্লাহে সকলো পাপ ক্ষমা কৰি দিব। নিশ্চয় তেওঁ পৰম ক্ষমাশীল, পৰম দয়ালু’। (39:53)
মুলত: একনিষ্ঠ তৌবাহৰ মাধ্যমত সকলো গুনাহৰ পৰা মুক্তি লাভ কৰা যায় যদিও ইয়াৰ বাবে চাৰিটা চৰ্ত আছে । যেনে (১) আন্তৰিকভাবে এখলাছে নিয়তৰ সৈতে অনুতপ্ত ও লজ্জিত হোৱা; (২) ভবিষ্যতে আৰু উক্ত গুনাহ নকৰাৰ প্ৰতিশ্ৰুতি ওয়াদাহ কৰা (৩) অবিলম্বে উক্ত গুনাহ একেবাৰেই ত্যাগ কৰা; (৪) গুনাহৰ সৈতে মানুহৰ অধিকাৰ জড়িত থাকিলে সংশ্লিষ্ট ব্যক্তি যদি জীবিত থাকে তেতিয়া তেওৰ ওচৰত ক্ষমা বিচৰা আৰু প্রয়োজনত তেওক বা তেওৰ উত্তৰাধিকাৰীক সন্তোষজনক ক্ষতিপূৰণ দান কৰা। এই চাৰিটি চর্ত পালন কৰি ক্ষমা বিচাৰিলে ইন শ্বা আল্লাহ ক্ষমা হ’ব।
আল্লাহ তা’আলাই আমাক সকলো ধৰণৰ গুনাহৰ পৰা হিফাছত কৰক।