______________________________
ঘটনাটি এনে ধৰণৰ
– ওহুদ যুদ্ধত যেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ দাঁত মোবাৰক শ্বহীদ হ’ল¸ তেতিয়া ওৱায়েছ কৰনীয়ে ঘটনাটো জানিব পাৰি শোকত মৰ্মাহত হ’ল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্রতি তেওঁৰ অগাধ ভালপোৱা আছিল। এই ঘটনা শুনি তেওঁ স্থিৰ হৈ থাকিব নোৱাৰিলে। তেওঁ ভাৱিলে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ দাঁত মোবাৰক যেতিয়া শ্বহীদ হৈছে¸ গতিকে মোৰ এই দাঁতৰ কি প্ৰয়োজন! তেওঁ নিজৰ এটি দাঁত ভাঙি পেলালে।
পিছ মূহুৰ্তত চিন্তা কৰিলে, মই যি দাঁত ভাঙিছোঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ হয়তো এইটো দাঁত ভঙা নাই¸ অন্য দাঁত হ’ব। সেইবুলি ভাৱি তেওঁ নিজৰ আন এটি দাঁত ভাঙি পেলালে। এনেদৰে তেওঁ নিজৰ সকলো দাঁত ভাঙি পেলালে।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্রতি উম্মতৰ ভালপোৱা প্রকাশৰ চূড়ান্ত নজিৰ হিচাবে বিভিন্নজনে বিভিন্ন ধৰণে এই ঘটনা কৈ থাকে। কিন্তু এই ঘটনাৰ কোনো ভিত্তি নাই। মোল্লা আলী কাৰী (ৰাহ.)য়ে কৈছে, এই ঘটনা প্রমাণিত নহয়। (দ্র. আলমা‘দিনুল আদানী, আলবুৰহানুল জালি ফী তাহকীকি ইনতিচাবিচ ছুফিয়্যাতি ইলা আলী, পৃ. ১৬৪-১৬৫)
ওৱায়েছ কৰনী (উৱাইছ আলকাৰানী) এজন উচ্চ-মানৰ তাবেঈ ও বুযুর্গ আছিল। তেওঁ ইয়ামানৰ অধিবাসী আছিল। তেওঁ ৩৭ হিজৰীত ইন্তেকাল কৰে। নবী চাল্লাল্লাহু আলাইহি অছাল্লাম যুগৰ হোৱা সত্ত্বেও তেওঁৰ লগত সাক্ষাতৰ সুযোগ তেওঁৰ হোৱা নাছিল। কিন্তু নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্রতি তেওঁৰ অগাধ ভালপোৱা আছিল। তেওঁৰ বৃদ্ধা মা আছিল। মাকৰ সৈতে তেওঁ সদাচৰণ কৰিছিল। মাকৰ শুশ্ৰূষা কৰিছিল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক চিনি পাইছিল। হাদীছত আহিছে, ‘উমাৰ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, ইয়ামানৰ পৰা উৱাইছ নামৰ এজন ব্যক্তি তোমালোকৰ ওচৰলৈ আহিব। ইয়ামানত মাকৰ বাহিৰে তেওঁৰ আন কোনো নাই। তেওঁৰ বগা বেমাৰ আছিল। তেওঁ আল্লাহৰ ওচৰত দু‘আ কৰাত আল্লাহে তেওঁৰ ৰোগ ভাল কৰি দিয়ে, কিন্তু তেওঁৰ শৰীৰৰ এঠাইত এক দিনাৰ অথবা এক দিৰহাম পৰিমাণ ঠাই বগা হৈ থাকি যায়। তোমালোকৰ কোনোবাই যদি তেওঁৰ সাক্ষাৎ পোৱা তেওঁ যেন তেওঁক নিজৰ কাৰণে ইস্তেগফাৰ কৰিবলৈ কয়। -(ছহীহ মুছলিম, হা/২৫৪২)
ওৱায়েছ কৰনীৰ সৈতে চাহাবীসকলৰ সাক্ষাতৰ ঘটনাও হাদীছত আহিছে। কিন্তু ক’তো এনেকুৱা কিচ্ছাৰ কথা নাই। ছহীহ মুছলিমত আহিছে, ‘উমাৰ ৰাদ্বিয়াল্লাহু আনহুৰ সৈতে ওৱায়েছ কৰনীৰ সাক্ষাৎ হোৱাত তেওঁক চিনাক্ত কৰাৰ কাৰণে তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈ যোৱা সকলো আলামত প্ৰশ্ন কৰে। এই বর্ণনাত আছে ‘উমাৰ ৰাদ্বিয়াল্লাহু আনহুৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কথা অনুযায়ী তেওঁক নিজৰ কাৰণে ইস্তিগফাৰ কৰিবলৈ কোৱাত, তেওঁ ’উমাৰ ৰাদ্বিয়াল্লাহু আনহুৰ কাৰণে ইস্তিগফাৰ কৰে। পৰৱর্তী বছৰ হজ্বৰ মৌচুমত ওৱায়েছ কৰনী যি এলেকাত বসবাস কৰিছিল তাৰ পৰা এজন ব্যক্তি অহাত ‘উমাৰ ৰাদ্বিয়াল্লাহু আনহুৱে তেওঁৰ (ওৱায়েছ কৰনীৰ) খা-খবৰ লয়। (দ্র. ছহীহ মুছলিম, হাদীছ ২৫৪২)