নবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে, “যেতিয়া তোমালোকৰ মাজৰ কোনোৱে (শেষ) তাশাহহুদ সম্পন্ন কৰিব, তেতিয়া সি যেন আল্লাহৰ ওচৰত চাৰিটা বস্তুৰ পৰা আশ্রয় প্রার্থনা কৰে। ইয়াৰ পিছত সি ইচ্ছামতে দু‘আ কৰিব।”
দু‘আটি নিম্নৰূপ:-
اَللّهُمَّ إِنِّيْ أَعُوْذُ بِكَ مِنْ عَذَابِ جَهَنَّمَ وَأَعُوْذُ بِكَ مِنْ عَذَابِ الْقَبْرِ وَأَعُوْذُ بِكَ مِنْ فِتْنَةِ الْمَسِيحِ الدَّجَّالِ وَ أَعُوْذُ بِكَ مِنْ فِتْنَةِ الْمَحْيَا وَ فِتْنَةِ الْمَمَاتِ।
উচ্চাৰণ:- আল্লা-হুম্মা ইন্নী আঊযু বিকা মিন আযা-বি জাহান্নাম, অ আঊযু বিকা মিন আযা-বিল ক্বাবৰ, অ আঊযু বিকা মিন ফিতনাতিল মাছীহিদ দাজ্জা-ল, অ আঊযু বিকা মিন ফিতনাতিল মাহ্য়্যা অ ফিতনাতিল মামা-ত।
অর্থ:- হে আল্লাহ! নিশ্চয় মই জাহান্নাম ও কবৰৰ আযাবৰ পৰা, কণা দাজ্জাল, জীৱন ও মৃত্যুৰ ফিৎনাৰ পৰা তোমাৰ ওচৰত আশ্রয় প্রার্থনা কৰিছোঁ। (ছহীহ মুছলিম, আহমাদ- ২/২৩৫, আবূদাঊদ- ৯৮৩, নাছাঈ- ১৩০৯, ইবনে মাজাহ্- ৯০৯, দাৰেমী, ইবনুল জাৰুদ- ১১০, চিৰাজ, আহমাদ- ২/২৩৭, ৪৪৭, বায়হাকী- ২/১৫৪, মিশকাত- ৯৪০ নং)
তেওঁ কৈছে, “তোমালোকে কবৰৰ আযাবৰ পৰা আল্লাহৰ ওচৰত পানাহ বিচৰা, জাহান্নামৰ আযাবৰ পৰা আল্লাহৰ ওচৰত পানাহ বিচৰা, মাছীহ্ দাজ্জালৰ ফিৎনাৰ পৰা আল্লাহৰ ওচৰত পানাহ বিচৰা আৰু জীৱন-মৰণৰ ফিৎনাৰ পৰা আল্লাহৰ ওচৰত পানাহ বিচৰা।” (ছহীহ মুছলিম- ৫৮৮ নাছাঈ)
গতিকে ছালাতৰ শেষ তাশাহ্হুদত দৰূদৰ পিছত অন্যান্য দু‘আৰ পূর্বে উক্ত চাৰি প্রকাৰ আযাব ও ফিৎনাৰ পৰা আশ্রয় প্রার্থনা কৰা ওৱাজীব।
এই দু‘আ তেওঁ নিজেও তাশাহ্হুদত পাঠ কৰিছিল। (ছহীহ বুখাৰী, ছহীহ মুছলিম, আবূদাঊদ- ৮৮০, ৯৮৪, আহমাদ, মিশকাত- ৯৩৯ নং)। পৰন্তু চাহাবাসকলক কুৰআনৰ ছূৰা শিকোৱাৰ দৰে উক্ত দু‘আও শিক্ষা দিছিল। (ছহীহ মুছলিম, আহমাদ, মিশকাত- ৯৪১ নং)
উক্ত দু‘আসমূহৰ প্রতি আমি বিশেষ গুৰুত্ব আৰোপ কৰা জৰুৰী।
http://www.hadithbd.com/shareqa.php?qa=2913