এবাৰ আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ ওচৰলৈ এজন যুৱকে আহি ক’লে, হে আল্লাহৰ ৰাছূল ! মোক যিনাৰ অনুমতি দিয়ক

এবাৰ আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ ওচৰলৈ এজন যুৱকে আহি ক’লে, হে আল্লাহৰ ৰাছূল ! মোক যিনাৰ অনুমতি দিয়ক । তেতিয়া উপস্থিত লোকসকলে তাক ধমকি দিবলৈ আৰম্ভ কৰিলে আৰু ক’লে, তুমি এয়া কি কৈছা, চুপ থাকা । তেতিয়া ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে ক’লে, বাছা! কাষলৈ আহাঁ । সি ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ ওচৰলৈ আহি বহিল । নবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামে তাক ক’লে, তুমি তোমাৰ মা-ৰ সৈতে কোনোবাই যিনা কৰাতো বিচাৰানে ? সি ক’লে, হে আল্লাহৰ ৰাছূল ! আপোনাৰ প্রতি মোৰ জান কুৰবান হওঁক, মই কেতিয়াও সেইটো নিবিচাৰোঁ । তেতিয়া ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে ক’লে, কোনেও তাৰ মাকৰ কাৰণে সেইটো পছন্দ নকৰে ।

নবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামে পুনৰ ক’লে, তুমি তোমাৰ ছোৱালীৰ সৈতে কোনোবাই যিনা কৰাতো বিচাৰানে ? সি ক’লে, আপোনাৰ প্রতি মোৰ জান কুৰবান হওঁক, হে আল্লাহৰ ৰাছূল, কেতিয়াও নিবিচাৰোঁ । তেতিয়া ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে ক’লে, কোনেও তাৰ ছোৱালীৰ কাৰণে সেইটো পছন্দ নকৰে ।

নবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামে তাক ক’লে, তুমি তোমাৰ ভগ্নীৰ সৈতে কোনোবাই যিনা কৰাতো বিচাৰানে ? সি ক’লে, আপোনাৰ প্রতি মোৰ জান কুৰবান হওঁক, মই কেতিয়াও সেইটো বৰদাস্ত নকৰোঁ । তেতিয়া ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে ক’লে, কোনেও  তাৰ ভগ্নীৰ কাৰণে সেইটো পছন্দ নকৰে ।

নবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামে তাক ক’লে, তুমি তোমাৰ পেহীৰ সৈতে কোনোবাই যিনা কৰাটো বিচাৰানে ? সি ক’লে, কোনো কাৰণতেই মই তাক মানি লব নোৱাৰোঁ । তেতিয়া ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে ক’লে, কোনেও তাৰ পেহীয়েকৰ কাৰণে তাক পছন্দ নকৰে ।

নবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামে তাক ক’লে, তুমি তোমাৰ মাহীৰ সৈতে কোনোবাই যিনা কৰাতো বিচাৰানে ? সি ক’লে, আপোনাৰ প্রতি মোৰ জান কুৰবান হওঁক, কেতিয়াও নিবিচাৰোঁ । তেতিয়া ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে ক’লে, কোনেও তাৰ মাহীয়েকৰ সৈতে তাক পছন্দ নকৰে ।

তাৰ পিছত ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে তাৰ পিঠিত হাত ৰাখি ক’লে, হে আল্লাহ ! তুমি তাক মাফ কৰি দিয়া । তাৰ অন্তৰ পবিত্র ৰাখা । তাৰ লজ্জাস্থানৰ হিফাজত কৰা । চাহাবীয়ে ক’লে, ইয়াৰ পিছৰ পৰা সেই যুৱকে কোনো দিনে অন্যায়ৰ ফালে ভৰি দিয়া নাই । [মুছনাদে আহমাদ : ৫/২৫৬

ছেয়াৰ কৰক সকলোৱে ।

Leave a comment