জীব্রাঈল (আঃ)য়ে ওপৰৰ ফালে চাই ক’লে-
‘আজি আকাশৰ পৰা সেই দৰ্জা খুলি গৈছে যিখন ইতিপূর্বে কেতিয়াও খোলা নাই।’
ইয়াৰ পিছত তাৰ পৰা এজন ফিৰিস্তা ৰাছূল্লুল্লাহ চাল্লাল্লাহু আলাইহি ওৱা চাল্লামৰ ওচৰলৈ আহি ক’লে, ‘আপুনি খুছী হওঁক! এনেকুৱা দুটি নূৰ আপোনাক দিয়া হ’ল যি দুটি ইতিপুর্বে কাকো দিয়া হোৱা নাই। সেয়া হ’ল ছূৰা ফাতিহা আৰু ছূৰা বাক্বাৰাহ’ৰ শেষৰ আয়াতসমূহ। ইয়াৰ প্ৰত্যেকটি আখৰৰ ওপৰত নূৰ আছে”।
– ছহীহ মুছলিম, চুনান নাছাঈ; চুনান নাছাঈ’ৰ শব্দ।
যেতিয়া ৰাছূল্লুল্লাহ চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামক মিৰাজলৈ লৈ যোৱা হয় আৰু তেওঁ সপ্তম আকাশত অৱস্থিত ছিদৰাতুল মুন্তাহাত উপস্থিত হয় (যি বস্তু আকাশৰ ফালে উঠি যায় সেইটো এই স্থানত উপস্থিত হৈ থাকে আৰু ইয়াৰ পৰাই লৈ যোৱা হয়। আকৌ যি বস্তু ওপৰৰ পৰা নামি আহে সেইটোও ইয়াত উপস্থিত হৈ থাকে আৰু ইয়াৰ পৰাই লৈ অনা হয়)। তাত ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামক তিনিটা বস্তু দিয়া হয়-
১/ পাঁচ ওৱাক্ত ছালাত
২/ ছূৰা বাক্বাৰাহ’ৰ শেষৰ আয়াতসমূহ
৩/ একত্ববাদীসকলৰ সমস্ত পাপৰ ক্ষমা
– ছহীহ মুছলিম।
ইবন আব্বাছ (ৰাঃ)য়ে কৈছে- আমি ৰাছূল্লুল্লাহ চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামৰ কাষত বহি আছিলোঁ আৰু জিব্ৰাঈল (আঃ)য়েও তেওঁৰ ওচৰত আছিল। এনে সময়ত আকাশৰ পৰা এক ভয়াৱহ শব্দ আহে।
জীব্রাঈল (আঃ)য়ে ওপৰৰ ফালে দৃষ্টি নিক্ষেপ কৰিলে আৰু ক’লে-
‘আজি আকাশৰ পৰা সেই দৰ্জা খুলি গৈছে যিখন ইতিপূৰ্বে কেতিয়াও খোলা নাই।’
ইয়াৰ পিছত তাৰ পৰা এজন ফিৰিস্তা অৱতৰণ কৰিলে আৰু ৰাছূল্লুল্লাহ চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামক ক’লে-
‘আপুনি সন্তোষ প্রকাশ কৰক! আপোনাক সেই দুটি নূৰ দিয়া হৈছে যি দুটি আপোনাৰ পূর্বে কোনো নাবী’ক দিয়া হোৱা নাই। সেয়া হৈছে ছূৰা ফাতিহা আৰু ছূৰা বাক্বাৰাহ’ৰ শেষৰ আয়াত দুটি। এইবোৰৰ প্রত্যেকটি আখৰৰ ওপৰত আপোনাক নূৰ দিয়া হব।
– ছহিহ মুছলিম ১/১৫৫, নাছাঈ ৫/১২।