এদিনাখন ৰাছুল (ছাল্লাল্লাহু আলাইহি ওৱা ছাল্লাম) ছাহাবা (ৰাযিআল্লাহু আমহুম ) সকলক কলে, এজন ব্যক্তি এটা মাখিৰ কাৰণে জান্নাতত যাব আৰু এজন ব্যক্তি জাহান্নামত যাব ৷তেতিয়া
ছাহাবা (ৰাযিআল্লাহু আমহুম) সকলে সুধিলে সেইটো কেনেকৈ?
উত্তৰত ৰাছুল (ছাল্লাল্লাহু আলাইহি ওৱা ছাল্লাম) কলে :
এটা কওমৰ এটা ভাষ্কর্য বা
মূর্তি আছিল ৷ সেইটোৰ ওচৰেদি জোনেই গৈছিল তেওঁ সেই মূৰ্তিক কিবা উৎসৰ্গ নকৰি সেই বাটটো পাৰ হ’ব নোৱাৰিছিল । সেই বাটেদি এদিনাখন দু’জন ব্যক্তি গৈ আছিল ।
তেতিয়া মূর্তিপূজাৰীসকলে তেওঁলোকক কিবাকিবি দান কৰিবলৈ কলে ।তেতিয়া
এজনে কলে ,দান কৰিবলৈ মোৰ একো নাই
।
সিহঁতে কলে এটা মাখি হলেও তোমালোকে উৎসৰ্গ কৰিবা ৷
গতিকে তেওঁ এটা মাখি উৎসৰ্গ কৰিলে । সিহঁতে তাক বাট এৰি দিলে ৷এনেকৈ সি জাহান্নামৰ পথ নিশ্চিত কৰিলে ৷
.
এতিয়া দ্বিতীয়জনক সুধিলে :
কিবাকিবি দান কৰি যোৱা।
তেওঁ কলে, মই আল্লাহ ব্যতীত বেলেগ কাৰো
উদ্দেশ্যত
একো দান কৰিব নোৱাৰো ৷
ফলত সিহঁতে তাক শিৰচ্ছেদ কৰিলে
।
কিন্তু তেওঁ জান্নাতৰ পথ নিশ্চিত কৰিলে ৷
(মুসনাদে আহমাদ:২২)
এটা সামান্য মাখি উৎসৰ্গ কৰাৰ কাৰণে যদি জাহান্নামত যাব লগা হয়, তেন্তে কবৰপূজাৰী,মাযাৰপূজাৰী, পীৰপূজাৰী, প্রতিমাপূজাৰী সকলৰ অৱস্থান ক’ত হ’ব? ????