↘
মুছলিম সকলে স্পষ্ট ভাবে বিশ্বাস কৰি আহিছে যে যীশু খ্ৰীষ্ট কোনো প্ৰকাৰে ইশ্বৰ বা ইশ্বৰৰ পুত্ৰ নহয় কাৰণ এই বিষয়ে কোৰআনত স্পষ্ট ভাবে উল্লেখ আছে যে যীশু খ্ৰীষ্ট বা ইছা(আঃ) ইশ্বৰৰ প্ৰেৰিত এজন মানুহ আৰু ইশ্বৰৰ দূতৰ বাহিৰে আন একোৱেই নাছিল। আদম(আঃ)ৰ পৰা আৰম্ভ কৰি বিভিন্ন নবী/ৰছুলে প্ৰচাৰ কৰা ‘এক ঈশ্বৰৰ ওচৰত নিজকে আত্মসমৰ্পণ কৰি এক ইশ্বৰৰ উপাসনা কৰা ধৰ্ম, যাক চমুকৈ ইচলাম” বুলি কোৱা হয় তাকেই যীশু খ্ৰীষ্টই মানুহৰ মাজত প্ৰচাৰ কৰিছিল ।
কোৰআনৰ ১৯:৩৬ত যীশু খ্ৰীষ্টই কৈছে-
” নিশ্চয় আল্লাহেই মোৰ ৰব্ আৰু তোমালোকৰো ৰব্; সেয়ে তোমালোকে তেওঁৰ ইবাদত কৰা, এইটোৱেই সৰল পথ। “
✔এতিয়া প্ৰশ্ন হ’ল খ্ৰিষ্টাণ সকলে ইশ্বৰৰ বাণী বুলি বিশ্বাস কৰি অহা বাইবেলত এই সম্পৰ্কে কি কৈছে? বাইবেলত ইশ্বৰে কৰবাত কৈছে নেকি যে , “মই নিজে যীশু খ্ৰীষ্ট নাম ধাৰণ কৰি পৃথিৱীত মানুহৰ পাপ মোচন কৰিবলৈ গৈছিলো” বা “যীশু খ্ৰীষ্ট বুলি মই পুত্ৰ সন্তান এজন জন্ম দি তাক মানুহক পাপৰ পৰা উদ্ধাৰ কৰিবলৈ পঠিয়াই দিছিলো।” আহঁক বাইবেলৰ উদ্ধৃতি সহ এই বিষয়ে আলোচনা কৰো।
👇
যীশু খ্ৰীষ্ট কোন আছিল এই বিষয়ে যীশু খ্ৰীষ্টতকৈ আন কোনেওঁ ভালকৈ ক’ব পাৰিব বুলি সাধাৰন জ্ঞান থকা কোনো মানুহে বিশ্বাস নকৰিব।
বাইবেলত আছেঃ
⏩ যীশুয়ে ক’লে- ” প্ৰথমতে শুনা হে ইজৰাইলৰ মানুহসকল , প্ৰভুৱেই আমাৰ ঈশ্বৰ ,প্ৰভু এজনা , আৰু তুমি সকলো হৃদয়, প্ৰাণ, সকলো শক্তিৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা। ” (বাইবেলঃ মাৰ্ক – ১২-২৯:৩০)
✔ Jesus answered him, The first of all the commandments is : Hear O Israel, the Lord our God , the Lord is One .
Holy Bible (Mark 12:29)
⏩ কোনো এজন শাসনকর্তাই যীশুক আহি সুধিলে, বোলে হে সৎগুৰু মই কি কৰি অনন্ত জীৱনৰ অধিকাৰী হ’ম ?
– যীশুয়ে ক’লে, ” মোক সৎ কিয় বুলিছা? ঈশ্বৰৰ বাহিৰে সৎ আৰু কোনো নাই। ” (বাইবেলঃ যোহন- ৫:৩৭)
✔ “Why do you call me good?” Jesus answered. “No one is good–except God alone.”
(Bible- Mark 10:18)
⏩ যীশুয়ে ক’লে- ” ঈশ্বৰে মোক পঠালে, তোমালোকে ঈশ্বৰৰ মাত কোনো কালে শুনা নাই , তেওঁৰ ৰূপো দেখা নাই। ” (বাইবেলঃ যোহন- ৫:৩৭)
✔ You have never heard his voice or seen his form .
⏩যীশুয়ে ক’লে- ” প্ৰভুৱেই আমাৰ ঈশ্বৰ, প্ৰভু এজনেই আৰু তুমি সকলো হৃদয়, সকলো প্ৰাণ আৰু সকলো শক্তিৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা। ” (বাইবেলঃ মাৰ্ক ১২:৩০)
⏩ বাইবেলত কোন ইশ্বৰক প্ৰকৃত ঈশ্বৰ বুলি কোৱা হৈছে। চাওঁ আহঁক।
⬇
👉 The Father is the only true God:
John 17:3 ত যিজনে যীশু খ্ৰীষ্টক পৃথিৱীলৈ পঠিয়াই দিছিল তেওঁকহে প্ৰকৃত ইশ্বৰ বুলি কোৱা হৈছে।
✔ And this is eternal life, that they know you (the Father) the only true God, and Jesus Christ whom you have sent.(John 17:3)
↘
অৰ্থাৎ যীশু ইশ্বৰ নহয়, প্ৰকৃত ইশ্বৰ হ’ল তেওঁ যিজনে যীশুক পৃথিৱীলৈ পঠিয়াই দিছিল।
⏩ John 20:17 ত আকৌ কোৱা হৈছে যীশুক যিজনে পঠিয়াই দিছিল অৰ্থাৎ Father তেৱেঁই যীশুৰ ইশ্বৰ।
✔Jesus said to her, “Do not cling to me, for I have not yet ascended to the Father; but go to my brothers and say to them, ‘I am ascending to my Father and your Father, to my God and your God.’” (John 20:17)
↘
যীশু যদি ঈশ্বৰ হয় ,তেওঁৰ আৰু কোন ইশ্বৰ থাকিব পাৰে। ইশ্বৰ কেতিয়াওঁ দুজন থাকিব নোৱাৰে, গতিকে যীশু ইশ্বৰ নহয়।
👉 John 14:28 ত আকৌ Father ক যীশুতকৈ ডাঙৰ বুলি কোৱা হৈছে।
✔ ″You heard me say, ‘I am going away and I am coming back to you.’ If you loved me, you would be glad that I am going to the Father,for the Father is greater than I.
Is there anyone greater than God? (John 14:28)
👉 Mat 23:9 ত কোৱা হৈছে যে পৃথিৱীৰ কোনো সত্বা ইশ্বৰ বা Father হ’ব নোৱাৰে; ইশ্বৰ এজন, যিজন স্বৰ্গত বসবাস কৰে।
✔And do not call anyone on earth ‘father,’ for you have one Father, and he is in heaven. 10 Nor are you to be called ‘teacher,’ for you have one Teacher, the Messiah. (Mat 23:9)
↘
ওপৰৰ বাইবেলৰ Verse টোত যীশুক এজন শিক্ষক বুলি কোৱা হৈছে , ইশ্বৰ বুলি কোৱা হোৱা নাই ।
👉 Mar 13:32 ত যীশুক সৰ্বজ্ঞানী নহয় বুলি কোৱা হৈছে। সময়ৰ জ্ঞান কেবল Father অৰ্থাৎ ইশ্বৰহে আছে Son অৰ্থাৎ যীশুৰ সেই জ্ঞান নাই বুলি কোৱা হৈছে।
✔ “But about that day or hour no one knows, not even the angels in heaven, nor the Son, but only the Father.(Mar 13:32)
👉 যীশু নিজাববীয়াকৈ একো কৰিব নোৱাৰে বুলি যীশুয়ে John 5:30 ত স্বীকাৰ কৰিছে , গতিকে তেওঁ ইশ্বৰ হ’বই নোৱাৰে ।
-” মই নিজৰ পৰা একো কৰিব নোৱাৰো। যেনেকৈ শুনিছো তেনেকৈ বিচাৰ কৰিছোঁ , কিয়নো মই ইচ্ছালৈ নিচিন্ত ,মোক যিজনে পঠাইছে সেইজনৰ ইচ্ছালৈহে চিন্ত। “
✔By myself I can do nothing; I judge only as I hear, and my judgment is just, for I seek not to please myself but him who sent me. (John 5:30)
☞ ” যীশুয়ে ক’লে, ঈশ্বৰৰ বাহিৰে, বিচাৰ দিৱসৰ সময় কোনেও নাজানে।” (বাইবেলঃ মথি-২৪:৩৬)
✔But of that day and hour knoweth no man, no, not the angels of heaven, but my Father only.
Matthew:24:36
🔜বাইবেলত যীচুৰ পুনৰাগমন আৰু পাপ-পুৰুষৰ বিষয়ে চেতনা বাক্য –
⏩ ” সেই দিনা বহু লোকে মোক ক’ব, ‘হে প্ৰভু, হে প্ৰভু’ আমি আপোনাৰ নামেৰে ভাবোক্তি প্ৰচাৰ কৰা নাই নে? আপোনাৰ নামেৰে ভূতবোৰক খেদোৱা নাই নে? আপোনাৰ নামেৰে অনেক পৰাক্ৰম কাৰ্য্য কৰা নাই নে? তেতিয়া মই সিহঁতক স্পষ্টকৈ ক’ম, ‘মই তঁহতক কেতিয়াও চিনি নাপাওঁ, দুৰাচাৰীবোৰ। মোৰ ওচৰৰ পৰা দূৰ হ’। “
✔ Many will say to me in that day, Lord, Lord, have we not prophesied in thy name? and in thy name have cast out devils? and in thy name done many wonderful works?
Matthew:7:22
And then will I profess unto them, I never knew you: depart from me, ye that work iniquity.
~ Holy Bible Matthew – 7:22:23
↘
গতিকে ওপৰৰ আলোচনাৰ পৰা এটা কথা স্পষ্ট হৈছে যে, খ্ৰিষ্টাণ সকলে বিশ্বাস কৰাৰ দৰে যীশু খ্ৰীষ্ট ইশ্বৰ নাছিল ,মুছলিম সকলে বিশ্বাস কৰাৰ দৰে তেওঁ এজন মানুহ আৰু খ্ৰিষ্টাণ সকলে কোৱা পৰমপিতা অৰ্থাৎ আল্লাহৰ প্ৰেৰিত দূত আছিল, যিজনে আল্লাহ প্ৰদত্ত “এক ঈশ্বৰৰ ওচৰত নিজকে আত্মসমৰ্পণ কৰি এক ইশ্বৰৰ উপাসনা কৰা ধৰ্ম (যাক চমুকৈ দ্বীন ইচলাম)” প্ৰচাৰ কৰিছিল কাৰণ বাইবেলৰ ক’তো নাই যে যীশুয়ে নিজক ইশ্বৰ বুলি দাবী কৰিছে আৰু কতো নাই যে নিজকে খ্ৰিষ্টাণ বুলি কৈছে ।
⏩ যীশু এজন মানুহ আছিল আৰু ইশ্বৰ মানুহ নহয় বুলি বাইবেলৰ জন ৮:৪০ ত কোৱা হৈছে ।
✔ But now ye seek to kill me, a man that hath told you the truth, which I heard from God: this did not Abraham.( John 8:40)
⏺ইয়াৰ উপৰিও বাইবেলৰ Num 23:29 তো ইশ্বৰ মানুহ নহয় বুলি স্পষ্ট ভাবে উল্লেখ কৰিছে ।
✔ God is not a man, that he should lie, Neither the son of man, that he should repent” (Num 23:19)
গতিকে বাইবেলৰ মতে ইশ্বৰ কেতিয়াওঁ মানুহ নহয়। সেই হিচাপে যীশু ইশ্বৰ নাছিল, বৰঞ্চ তেওঁ মানুহ আৰু ইশ্বৰৰ দূত আছিল।
🔘 কোৰান —
৫:১১৬
আৰু স্মৰণ কৰা, আল্লাহে যেতিয়া ক’ব, ‘হে মাৰইয়ামৰ পুত্ৰ ঈছা! তুমি মানুহক এই কথা কৈছিলা নেকি যে, তোমালোকে আল্লাহৰ বাহিৰে মোক আৰু মোৰ মাকক উপাস্যৰূপে গ্ৰহণ কৰা? তেওঁ ক’ব, ‘তুমি মহিমান্বিত! যিটো কোৱাৰ অধিকাৰ মোৰ নাই সেইটো কোৱা মোৰ পক্ষে কেতিয়াও শোভনীয় নহয়। যদি মই এনেকৈ ক’লোহেঁতেন তেন্তে তুমিতো সেয়া জানিলাহেঁতেন। মোৰ অন্তৰৰ কথাতো তুমি জানা, কিন্তু তোমাৰ অন্তৰৰ কথা মই নাজানো, নিশ্চয় তুমি অদৃশ্য সম্পৰ্কে সৰ্বজ্ঞানী’।