💢–হজৰ পৰা ঘূৰি অহাৰ সময়ত লগত কি আনিব; তাছবিহ-মালা ,জায়নামাজ, স্বর্ণ, কাপোৰ, বিভিন্ন ধৰণৰ খেজুৰ, পাচঁ গেলেন জমজমৰ পানী অথবা সৌদী উপহাৰ কোৰআন মজিদ ⁉⁉
২]এইবাৰ আমাৰ ফালৰ পৰা এটা অনুৰোধ থাকিল।
১নংৰ বস্তুবোৰৰ উপৰিও আৰু কেইটামান বস্তু আনক।ইয়াৰ বাবে কোনো খৰচ বা কষ্ট নাই। কেৱল প্রয়োজন বিবেকৰ।
–তাৰ চালাতত ইকামত পৰিবর্তন আৰু কিয়াম সংশোধন মন কৰক।
–ছুৰা ফাতিহাৰ তেলাওয়াত ঠিক নিয়ম মন কৰক।
(লগতে জানাজাত চামিল হলে তাত অলপ মন কৰিলে ছুৰা ফাতিহা পঢ়াৰ শব্দটো সৰু সৰুকৈ শুনিবলৈ পাব ইন শ্বা আল্লাহ ।
–ৰুকু-ছিজদাহৰ সময় দানৰ সঠিকতাৰ কথাটো মন কৰক।
–চুন্নত আদায় গুৰুত্বৰ কথাটো মন কৰক।
–তাজবিহ হাতত নে মালাত লৈছে মন কৰক।
–সম্মিলিত মুনাজাত কৰিছে নেকি চাওঁক।
–জুম্মাত মুখস্ত খুতবাহৰ ভূতটো আছে নেকি চাওঁক।
**************************
এজন মুমিন মুছলমান হিচাবে ১নংৰ লগতে ২নংৰো কৰেকটেত ৰূপটোওঁ এইবাৰ হজৰ পৰা আহোতে লগত লৈ আহক। ঘৰত আহি ছহী হাদিচ আৰু কোৰআন মজীদৰ লগত সেইবোৰ মিলাই চাওঁক। আপুনি এক সিহৰণ অনুভব কৰিব। লগতে কিছু খঙো উঠিব নামধাৰী আলিম আৰু তথাকথিত জোনাববিলাকে আপোনাক প্রায় গোটেই জীৱনটো গুমৰাহ বনোৱাৰ বাবে। ##