এইবাৰৰ ‘ফিৎৰা’ কিমান? 35/- টকাৰ পৰা 60/- টকা নে অন্য কিবা?

আচ্ছালামুআলাইকুম ওৱা ৰহমতুল্লাহি ওৱা বাৰাকাতুহু

এইবাৰৰ ‘ফিৎৰা’ কিমান?

35/- টকাৰ পৰা 60/- টকা নে অন্য কিবা?

        প্রতিবাৰেই ৰমজান আহিলে মানুহৰ প্রশ্ন হয় এইবাৰৰ ফিৎৰা কিমান? অথচ আল্লাহ্‌ৰ ৰাছূল চাল্লাল্লাহু আলাইহি ৱাছাল্লামে ১৪০০ বছৰ আগতেই ইয়াৰ পৰিমাণ নির্ধাৰণ কৰি গৈছে। যিসকলে ছুন্নাহৰ অনুসৰণ কৰি ফিৎৰা আদায় দি থাকে তেওঁলোকে কেতিয়াও উক্ত প্রশ্নটো নকৰে যে এইবাৰৰ ফিৎৰা কিমান?

         যিসকলে ছুন্নাহৰ অনুসৰণ বাদ দি দ্রব্য মূল্যৰ দ্বাৰা তথা টকা দি ফিৎৰা আদায় কৰে তেওঁলোকেই মূলত প্রতিবছৰে এই সময়টো আহিলেই প্রশ্ন কৰে এইবাৰৰ ফিৎৰা কিমান?

        ছাদাক্বাতুল ফিৎৰ বা যাক আমি ফিৎৰা বুলি কওঁ তাক, মুছলিম নাৰী-পুৰুষ, সৰু-ডাঙৰ, সকলোৰে কাৰণে আদায় কৰা ফৰজ। এই মর্মে হাদীছত আহিছে,
         ইবনে উমাৰ ৰাদ্বিয়াল্লাহু আনহুৱে, ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ স্বীয় উম্মতৰ ক্রীতদাস আৰু স্বাধীন, নাৰী ও পুৰুষ, সৰু-ডাঙৰ সকলোৰে ওপৰত এক ছা‘ পৰিমাণ খেজুৰ বা যব যাকাতুল ফিৎৰ হিচাবে ফৰজ কৰিছে আৰু  তাক ঈদগাহৰ উদ্দেশ্যে বাহিৰ হোৱাৰ পূর্বেই আদায় কৰাৰ নির্দেশ দিছে’।
{ বুখাৰী-মুছলিম, মিশকাত হা/১৮১৫}

        উক্ত হাদিছৰ দ্বাৰা বুজা গৈছে, ফিৎৰা আদায় কৰিব লাগিব খাদ্যদ্রব্যৰ দ্বাৰা, খাদ্যৰ মূল্য বা টকা-পইচা নগদ অর্থ ফিৎৰা গ্রহণকাৰীৰ পৰা প্ৰত্যক্ষভাৱে উঠাই দি নহয় । আৰু তাক আদায় কৰিব লাগিব প্রত্যেকৰ কাৰণে এক ছা‘ খাদ্যশস্য। ‘ছা’ হৈছে তৎকালীন সময়ৰ এক ধৰণৰ ওজন কৰাৰ পাত্র। নবী কৰীম চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ যুগৰ ছা‘ হিচাবে এক ছা‘-ত সকলোতকৈ ভাল গম ২ কেজি ৪০ গ্রাম হয়। বিভিন্ন ফচলৰ ছা‘ ওজন হিচাবে বিভিন্ন হয়। এক ছা‘ চাউল প্রায় ২ কেজি ৫০০ গ্রাম হয়। কিন্তু ওজন হিচাবে এক ছা‘ গম, যব, ভুট্টা, খেজুৰ ইত্যাদি ২ কেজি ২২৫ গ্রামৰ বেছি ইফাল সিফাল হৈ থাকে। সতর্কতা হিচাবে বহুতে ৩ কেজি নির্ধাৰণ কৰিবলৈ কয়।

        প্রত্যেক দেশৰ প্রধান খাদ্যৰ দ্বাৰা ফিৎৰা আদায় কৰিব। মানে যি দেশৰ মানুহৰ যিটো প্রধান খাদ্য সেইটোৰ দ্বাৰাই ফিৎৰা আদায় কৰিব। আমাৰ এই কৃষি প্রধান দেশৰ মানুহৰ প্রধান খাদ্য (طعام) চাউল। সেইকাৰণে চাউলৰ দ্বাৰা ছাদাক্কাতুল ফিৎৰা আদায় কৰাই উত্তম। খাদ্যশস্যৰ মূল্যৰ দ্বাৰা ছাদাক্কাতুল ফিৎৰা প্রদানৰ সপক্ষে কুৰআন-হাদীছত স্পষ্ট কোনো দলিল নাই। গতিকে মুদ্রাৰ দ্বাৰা ফিৎৰা আদায় কৰা ছুন্নাহৰ বিৰোধী কাম।

খাদ্যশস্য ব্যতীত অর্থ নাইবা দীনাৰ-দিৰহামৰ দ্বাৰা ফিৎৰা আদায় কৰিছে মর্মে ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লাম, ছাহাবায়ে কিৰাম, তাবেঈ আৰু তাবে-তাবেঈসকলৰ কোনো আমল পোৱা নাযায়। তাৰ ওপৰিও ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ পূর্ব যুগৰ পৰাই মক্কা-মদীনাত দিৰহাম-দীনাৰ প্রভৃতি মুদ্রাৰ প্রচলন আছিল। কিন্তু তেওঁ এক ছা‘ খাদ্যশস্যৰ মূল্য হিচাবে দিৰহাম প্রদানৰ নির্দেশ দিয়া নাই। বৰং খাদ্যশস্যৰ দ্বাৰা ছাদাক্কাতুল ফিৎৰা আদায় কৰা ওৱাজিব কৰিছে।

       আলহামদুলিল্লাহ্‌ !!! চৌদি আৰাবিয়াত এই ছুন্নাতি আমলৰ প্রতি লক্ষ্য ৰাখি চৌদি নাগৰিকসকলে এতিয়াও খাদ্যদ্রব্যৰ দ্বাৰাই ফিৎৰা দি থাকে, ৰমজানৰ শেষৰ ফালে দেখা যায় প্রতিটো ৰাষ্টাৰ ওচৰৰ মার্কেটত ফিৎৰাৰ চাউলৰ ৫/১০/২০ কেজি বস্তা স্তূপ কৰি ৰখা হয়, ফিৎৰা আদায়কাৰী ব্যক্তিসকলে আহি তাক কিনি লৈ যায়।

১ ছা-ৰ সহজ পদ্ধতি= তিনি লিটাৰ জোখৰ পাত্ৰ এটাৰে ভৰ্তি এক জোখ খাদ্যবস্তু দিলে এজনৰ ফিৎৰা আদায় হৈ যাব ইন শ্বা আল্লাহ ।

Leave a comment