সকলো প্ৰশংসা একমাত্ৰ মহান আল্লাহৰ বাবেই , যিহেতু আমাক আল্লাহে মুচলীম হিচাবে দুনিয়াইলৈ প্ৰেৰণ কৰিলে আৰু অন্তিম নবী মুহাম্মদ চল্লাল্লাহু আলাইহি অছাল্লামৰ উম্মত হোৱাৰ সৌভাগ্য দান কৰিলে ।
কিন্তু চৰম দূৰ্ভাগ্যজনক বিষয় যে – আল্লাহে আমাক ইমান সৌভাগ্যৱান কৰাৰ পাছতো আমি আল্লাহৰ অবাধ্য !! মুহাম্মদ চল্লাল্লাহু আলাইহি অছাল্লামক আল্লাহে অনুসৰণ কৰিবলৈ নিৰ্দেশ দিয়াৰ পাছতো মাজহাবী ফিৰকাবন্দীৰ কবলত পৰি পদে পদে আজি আমাৰ নবী চল্লাল্লাহু আলাইহি অছাল্লামৰ আদৰ্শক কৰি আহিছো প্ৰত্যাখান !!
সকলো অৱস্থাতে আল্লাহে পাঁচ ৱক্তৰ চালাত আমাৰ বাবে বাধ্যতামূলক কৰাৰ পাছতো দুনিয়াৰ ক্ষন্তেকীয়া মায়া মোহে আমাক সকলো পাহৰাই পেলাইছে !! পাৰ্থিৱ জীৱনৰ কৰ্মব্যস্ততাই আমাৰ চালাত আদায়ৰ সময়কণো নাটনি কৰি পেলাইছে !! সামাজিক পৰিচয় অক্ষুন্ন ৰখাৰ স্বাৰ্থত হলেও এচামে কিন্তু কেৱল সপ্তাহত জুমু’আহৰ চালাত বা ৰমজানৰ তাৰাবীৰ চালাতৰ নিয়মানুৱৰ্তীতা বজাই ৰখাৰ চেষ্টা কৰি আহিছে !! মুচলীম হিচাবে এনে প্ৰতিটো কাৰ্য্যই জানো আল্লাহৰ অবাধ্যতাৰ পৰিচায়ক নহয় ?? আমি গুৰুত্ব দিয়া উচিত যে – দৈনিক পাঁচ ৱক্তৰ চালাত অনাদায়কাৰীক অতি স্পষ্ট ভাষাৰে আল্লাহে কোৰআনত ” কুফৰ ” বুলি ঘোষণা কৰিছে ।
ইয়াৰ মাজতো আমাৰ যিসকলে আল্লাহৰ এই হুকুম মানি পাঁচ ৱক্ত চালাত আদায় কৰিছো , দূৰ্ভাগ্যজনক ভাবে তাৰেই আকৌ গৰিষ্ঠ সংখ্যকেই মাজহাবী ফিৰকা বন্দীৰ কবলত পৰি নবী চল্লাল্লাহু আলাইহি অছাল্লামৰ চালাত সম্পৰ্কীয় আদৰ্শক পদে পদে প্ৰত্যাখান কৰি অহা দেখা গৈছে !!
উদাহৰণ স্বৰূপে —
১] মছজিদত প্ৰৱেশ কৰিয়েই ফৰজ চালাতলৈ সময় থকা অৱস্থাত দুই ৰাকাত দাখলুল মছজিদ চালাত আদায় নকৰাকৈ নবহিবলৈ নবী চল্লাল্লাহু আলাইহি অছাল্লামে বাৰাম্বাৰ বাধা দি যোৱাৰ স্বত্তেও আমাৰ মাজহাবে এই হুকুম অমান্য কৰিছে !! যাৰ বাবে কোনো এজন আলীমেও এই হুকুম সন্দৰ্ভত সাধাৰণ মানুহক সজাগ কৰা আজিলৈ আমি শুনা নাই !!
২] হুজুৰ চল্লাল্লাহু আলাইহি অছাল্লাম বা কোনো এগৰাকী চাহাবায়ো চালাতৰ বাবে থিয় হৈ জাইনামাজ পাকৰ দো’আ বা চালাতৰ শাব্দিক নিয়ত পঢ়াৰ কোনো দলীল নথকাৰ স্বত্তেও আনৰ আদৰ্শৰে আমাৰ চালাত আমি সদায় আদায় কৰি আহিছো !! শ্বৰীয়তৰ দৃষ্টিভংগীত এনে কাৰ্য্যকেই বিদআত আখ্যা দিয়াৰ পাছতো কিঞ্চিতো আমি এই বিদআত পৰিহাৰ কৰিবলৈ ইচ্ছুক নহওঁ । কিয়নো দলীল বিহীন বাপ দাদাৰ আদৰ্শৰে আমি ” আদত্ চে মজবুৰ “!!
৩] সকলো মুক্তাদীয়ে ইমামৰ পাছত চালাত আদায় কৰোতে চুৰা ফাতিহা মনে মনে নপঢ়িলে চালাত আদায় নহব বুলি চহীহ হাদীছ স্পষ্ট হৈ থকাৰ পাছতো এনে গুৰুত্বপূৰ্ণ আদেশো আজি ফিৰকাবন্দীৰ মন্তব্যৰে স্পষ্ট প্ৰত্যাখান কৰা হৈছে !!
৪] ফৰজ চালাতৰ পাছত নবী চল্লাল্লাহু আলাইহি অছাল্লাম বা কোনো চাহাবায়ো ইমামৰ সৈতে সন্মিলিত মোনাজাতৰ কোনো দলীল নাই !! তত্স্বত্তেও স্বৰ্ণ যুগৰ আদৰ্শ এৰি কাক আমি প্ৰকৃততে অনুসৰণ কৰিছো ?? এই প্ৰশ্নৰ উত্তৰ আমি দিব নালাগিব নে ??
৫] টকাৰ বিনিময়ত আনৰ দ্বাৰা কোৰআন খতম দিয়া , টকাৰ বিনিময়ত মিলাদ বা আন বিভিন্ন খতম পঢ়োৱা আদি ইছলাম্ আদৰ্শ নে ধৰ্মীয় বেপাৰীৰ ঠিকা দাৰীৰ কৌশল ??
এনে বিভিন্ন দলীল বিহীন আমল বৰ্জন কৰি প্ৰকৃত ইছলামীক আদৰ্শ গ্ৰহণ নকৰালৈ কোনো আমলেই আল্লাহৰ দৃষ্টিত গ্ৰহণযোগ্য নহয় !! কাৰণ দ্বীন ইছলামত প্ৰতিটো নৱ সংযোজনেই বিদআত আৰু পৰিণতি জাহান্নাম !! এনে সকলো আমলেই আমি বৰ্জন কৰিবই লাগিব , যি আমলৰ হুকুম নবী চল্লাল্লাহু আলাইহি অছাল্লামে আমাক দিয়া নাই !!
গতিকে দ্বীনি ভাই সকল !! গ্ৰহণযোগ্য দলীল অবিহনে সকলো আমল বৰ্জন কৰিব পাৰিলেহে আমি উম্মতে মুহাম্মদ (চঃ) বুলি ৰোজ হাচৰত ইন শ্বা আল্লাহ আমাৰ পৰিচয় দিবলৈ সক্ষম হম !! সিদিনা আন সকলো আদৰ্শ প্ৰত্যখিত হব , একমাত্ৰ নবী চল্লাল্লাহু আলাইহি অছাল্লামৰ আদৰ্শ ভিত্তিক হে আমাৰ বিচাৰ হব !! আজি আমাক ব্যৱহাৰ কৰা সকলো বাতিল নেতাৰ আদৰ্শৰ পতন ঘটিব , ইন শ্বা আল্লাহ একমাত্র মুহাম্মদ চল্লাল্লাহু আলাইহি অছাল্লামৰ আদৰ্শ নিশ্চিত ভাবে বিজয়ী হব …………….
✍ মোক্তাবুল হুছেইন