〰〰〰〰
ঈমানৰ স্তম্ভ ১ম স্তম্ভ হ’ল আমান্তু বিল্লাহ বা ‘আল্লাহৰ প্রতি বিশ্বাস’❗
ছাত্র জীৱনত ‘আল্লাহৰ প্রতি বিশ্বাস’ শিৰোণামৰ ব্যাখ্যাত লিখিছিলোঁ -মুখেৰে ও অন্তৰেৰে বিশ্বাস স্থাপন কৰা যে, তেৱেঁই আল্লাহ যিজন আমাৰ সৃষ্টিকর্তা, পালনকর্তা, ৰিজিকদাতা। তেৱেঁই আমাৰ ৰক্ষাকর্তা, বিধানদাতা যিজন নিৰাকাৰ ও সর্বত্র বিৰাজমান।
এইবোৰ লিখিয়েই সেই সময়ত পৰীক্ষাত সর্বোচ্চ নম্বৰ পাইছিলোঁ।
.
যোৱা বছৰ মোক পৰীক্ষাত ৯০+ নম্বৰ প্রদানকাৰী আমাৰ সেই প্রিয় হেড মাওলানাক প্রশ্ন কৰিলোঁ-
-‘আল্লাহ নিৰাকাৰ’ -এইটো কোৰআন হাদীছৰ ক’ৰবাত লিখা আছে নেকি❓আছে যদি ক’ত❓
-আল্লাহ নিৰাকাৰ নহয় যদি কি❓
তেওঁক দেখা পোৱা যায় নেকি❓
-আল্লাহক তো পৃথিৱীৰ মানুহে দেখিব নোৱাৰে, সেই ক্ষমতা মানুহক দিয়া হোৱা নাই। কিন্তু জান্নাতবাসীসকলে তো আল্লাহক দেখিবলৈ পাব। ছহীহ মুছলিমত তেনেকুৱা এটি হাদীছ আছে, আপুনি নিশ্চয় জানে, নহয়নে❓
-সেই হাদীছৰ ব্যাখ্যা তুমি বুজা❓
এজন অন্ধই যেনেকৈ তাৰ শিশু সন্তানক কোলাত লৈ তাক বুজিব পাৰে, তেনেকৈ আমিও কিয়ামতৰ দিনা আল্লাহক বুজিব পাৰিম, কিন্তু স্বচক্ষে দেখা নাপাওঁ❗
-হাদীছত কোৱা হৈছে, পর্দা আঁতৰাই পোলোৱা হব, আমি পূর্ণিমাৰ জোনৰ দৰে স্পষ্টকৈ আমাৰ ৰবক দেখা পাম আৰু আপুনি কৈছে স্বক্ষে দেখা নাপাওঁ। আমি কোনটো মানিম❓
-শুনা, আহলে হাদীছ নামৰ এটি দল বাহিৰ হৈছে, তেওঁলোকে এইবোৰ প্রশ্ন বেছিকৈ কৰে। এইবোৰ প্রশ্ন কৰা বিদ’আত❗
‘আল্লাহৰ আকাৰ আছেনে❓’ বা ‘আল্লাহ ক’ত’❓
এই প্রশ্ন কৰাটো কিন্তু ইমান দিনে বিদ’আত নাছিল। অর্থাৎ ইমান দিনে যেতিয়া কোৱা হৈছিল আল্লাহ নিৰাকাৰ ও সর্বত্ৰে বিৰাজমান তেতিয়া মুফতি চাহেবসকলে কৈছিল ঠিক আছে। কিন্তু যেতিয়াই ছহীহ হাদীছ অধ্যয়ন কৰি ‘আল্লাহ ক’ত’ এই প্রশ্নৰ উত্তৰত কোৱা হ’ল- ‘আল্লাহ আৰশ্বৰ ওপৰত আছে’, যেতিয়াই কোৱা হ’ল- আল্লাহ নিৰাকাৰ নহয়, তেতিয়াই মুফতি চাহেবসকলে খঙত জ্বলি উঠিল। সেইকাৰণেইতো মুফতি চাহেবসকলৰ ওচৰত একেই প্রশ্ন- ইমান দিনে বিদ’আত নহ’লেও এতিয়া সেই একেই প্রশ্ন কৰা বিদ’আত হৈ গ’ল‼‼‼
.
অর্থাৎ প্রশ্ন একেই; কিন্তু বিদ’আত হ’ল উত্তৰৰ ভিন্নতাৰ কাৰণে। উত্তৰ যদি আহে বাপ-দাদাৰ ধর্মানুযায়ী তেনেহ’লে ঠিকেই আছে, কিন্তু উত্তৰ যদি হয় বাপ-দাদাসকলৰ ধর্মৰ বিপক্ষে কোৰআন বা ছহীহ হাদীছ অনুযাযী, তেনেহ’লে সম্পূৰ্ণ প্রশ্ন-উত্তৰটিয়েই বিদ’আত❗
জাহেলীয়াতৰ চুড়ান্ত সীমাত গৈ উপস্থিত হ’লে যিটো হয়….‼‼‼