ঈদ মেহফিলৰ নামত সাংস্কৃতিক সন্ধিয়া চুপাৰষ্টাৰ প্ৰতিযোগিতা ইছলামবিৰোধী

#ঈদ_মেহফিলৰ_নামত_সাংস্কৃতিক_সন্ধিয়া_চুপাৰষ্টাৰ_প্ৰতিযোগিতা_ইছলামবিৰোধী

  অসমৰ মুছলিম সমাজত প্ৰচলিত বিভিন্ন ধৰণৰ অপসংস্কৃতিৰ ভিতৰত দুটা হ’ল–ঈদ মেহফিলৰ নামত সাংস্কৃতিক সন্ধিয়া আৰু চুপাৰষ্টাৰ প্ৰতিযোগিতা । এনে ধৰণৰ ইছলাম বিৰোধী সাংস্কৃতিক সন্ধিয়া,চুপাৰষ্টাৰ প্ৰতিযোগিতাৰ মাধ্যমত মুছলিম সমাজৰ কোনো উপকাৰ সাধন হোৱা নাই ।
  ইছলামৰ পৱিত্ৰতাক কলুষিত কৰি অহা সেইবোৰ সাংস্কৃতিক সন্ধিয়া,চুপাৰষ্টাৰ প্ৰতিযোগিতাত সচৰাচৰ যিবোৰ গীত-মাত চলে,উদ্দাম নৃত্য চলে,সেইবোৰ ইছলামৰ দৃষ্টিত সম্পূৰ্ণভাৱে হাৰাম ।
   সাধাৰণতে বাছ,বাইক আদি ৰাস্তাত আগচি ধৰি টকা সংগ্ৰহ কৰি পতা এনে ধৰণৰ সাংস্কৃতিক অনুষ্ঠানসমূহত টোপনি ক্ষতি কৰিও শেষ নিশালৈকে চঞ্চল ডেকা-গাভৰু,পুৰুষ-নাৰী,বয়স্ক লোকৰ যি দৃষ্টিকটু উপস্থিতি,সেয়া দেখিলেই লজ্জাবোধ হয় । অসমৰ বিভিন্ন মুছলিম সমাজত অনুষ্ঠিত হৈ অহা এনেবোৰ সাংস্কৃতিক অনুষ্ঠান,চুপাৰষ্টাৰ প্ৰতিযোগিতাৰ বিৰোধিতা কৰিবলৈ সৎসাহসী মুছলিমৰ বাৰুকৈয়ে অভাৱ পৰিলক্ষিত হৈছে । সমষ্টিগত বিৰোধিতা,প্ৰতিবাদ অবিহনে অকলে বা দুজনমানে এনেবোৰ অনুষ্ঠান বন্ধ কৰাটো কোনোপধ্যে সম্ভৱ নহয় ।
  আমাৰ সমাজৰ কোনো কোনো অতি আধুনিকতাবাদী,অতি উদাৰতাবাদী বুলি জহাব বিচৰা লোকে হয়তো ক’ব বিচাৰিব যে এনে ধৰণৰ অনুষ্ঠান আয়োজনৰ মাধ্যমত আমাৰ উঠি অহা নৱ প্ৰজন্মই তেওঁলোকৰ প্ৰতিভা বিকাশৰ সুবিধা পায় । এই সংক্ৰান্তত আমি মনত ৰখা উচিত যে আমাৰ ল’ৰা-ছোৱালীৰ প্ৰতিভা বিকশিত কৰাৰ বহুবোৰ ক্ষেত্ৰ আৰু মাধ্যম আছে । সেইবোৰ ক্ষেত্ৰত আমি মনোনিবেশ কৰা উচিত । তাকে নকৰি ইছলামে অনুমোদন নকৰা কাম কৰা আৰু তাত সহযোগিতা-সমৰ্থন কৰা কোনোপধ্যে সমীচীন নহয় । 
   এনেবোৰ অনুষ্ঠানলৈ সাধাৰণতে আমন্ত্ৰিত হয় বুলবুল মাৰ্কা কিছুমান শিল্পী । তেওঁলোকে বৃহৎ অৰ্থৰ বিনিময়ত সাধাৰণ ৰাইজক মূৰ্খ সজাই ৰাতিটোৰ ভিতৰতে হাজাৰ হাজাৰ,লাখ লাখ টকা লুটি লৈ যায় । আনহাতে ঈদ মেহফিলৰ সাংস্কৃতিক সন্ধিয়াক বৈধতা দিয়াৰ উদ্দেশ্যে বিভিন্ন আয়োজকে একাংশ কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱাটো হাস্যকৰ কথা ।
   সেয়েহে আমাৰ মুছলিম সমাজৰ আলীমসকলে এইবোৰ অপসংস্কৃতি প্ৰতিৰোধ,বন্ধ কৰাৰ ক্ষেত্ৰত আগভাগ লোৱা উচিত । বিশেষকৈ জুম্আৰ খুতবাত এই বিষয়ে বক্তব্য ৰাখিব লাগে । এইবোৰৰ বিৰুদ্ধে ঈমানদাৰ আৰু দায়িত্বশীল লোকসকলে কোনো ভূমিকা গ্ৰহণ নকৰিলে,মৌন হৈ থাকিলে আমি মহান আল্লাহতাআলাৰ ওচৰত জবাবদিহী হ’ব লাগিব । এই ক্ষেত্ৰত ইছলাম দৰদী সমাজসেৱী,সাধাৰণ লোকসকলৰো যথেষ্ট কৰণীয় দায়িত্ব,ভূমিকা আছে । অসমৰ মুছলিম সম্প্ৰদায়টোৰ নৈতিক প্ৰগতি,আধ্যাত্মিক বিকাশ,সুস্থ সমাজ গঢ়াৰ স্বাৰ্থত আমাৰ মানসিকতাৰ পৰিৱৰ্তন অতি জৰুৰী ।

✍✍ Nurul Hoque .

Leave a comment