কোৰাইছবিলাকৰ অত্যাচাৰৰ পৰা ৰেহাই পাবলৈ কিছু সংখ্যক মুছলমানে আবিচিনিয়ালৈ হিজৰত কৰে । আবিচিনিয়াত মুছলিমসকল বৰ শান্তি আৰু নিৰাপত্তাৰে বাস কৰিবলৈ ধৰিলে । এই খবৰ পাই কোৰাইছবিলাক আকৌ অগ্নিশৰ্মা হৈ পৰিল । তেওঁলোকে আবিচিনিয়াৰ বাদছাহ নাজ্জাচীৰ ওচৰলৈ কেইজনমান মানুহ পঠিয়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিলে । আব্দুল্লাহ ইবনে ৰাবিয়া আৰু আমৰ ইবনে আছক এই কামৰ বাবে মনোনীত কৰা হল। তেওঁলোকে বৰ জাকজমকভাৱে ৰাওনা হল। তেওঁলোকে প্ৰথমে আবিচিনিয়াৰ পাদ্ৰীসকলৰ ওচৰলৈ গৈ কলে, ” এওঁলোকে এটা নতুন ধৰ্ম উদ্ভাৱন কৰিছে। আমি সিহঁতক খেদি পঠোৱাত, সিহঁত আপোনালোকৰ দেশলৈ পলাই আহিছে । গতিকে আমি অনুৰোধ কৰো যে ইহঁত আমাৰ পলাতক অপৰাধী , অনুগ্ৰহ কৰি ইহঁতক আমাৰ ওচৰত প্ৰত্যাৰ্পণ কৰক।”
মক্কাবাসী কোৰাইছবিলাকে নাজ্জাচীৰ দৰবাৰত আবেদন জনোৱাত বাদছাহে মুছলিমকেইজনক মতাই আনি সুধিলে ,” তোমালোকে বাৰু কি নতুন ধৰ্ম আৱিষ্কাৰ কৰিছা?”
মুছলিমসকলে নিজৰ পক্ষে বক্তব্য ৰাখিবলৈ জাফৰ ইবনে আবু তালিবক মনোনীত কৰিলে ।
তেওঁ কলে,” হে ৰাজন, আমি বহুত বছৰ ধৰি অজ্ঞতা আৰু বিভ্ৰান্তিৰ মাজত হাবাথুৰি খাই ফুৰিছিলো। এক আল্লাহক পাহৰি গৈ অসংখ্য মুৰ্তিৰ পূজা কৰিছিলো । মৃত জীৱ-জন্তৰ মাংস ভক্ষণ কৰিছিলো । ব্যাভিচাৰ, লুটপাট, পাৰস্পৰিক অন্যায় উৎপীড়ন আদি আছিল আমাৰ দৈনন্দিন কামৰ অন্তৰ্ভুক্ত। আমাৰ সবল শ্ৰেণীৰ মানুহবিলাকে দুৰ্বল শ্ৰেণীৰ মানুহবিলাকক শোষণ কৰি গৰ্ববোধ কৰিছিল । মুঠতে আমাৰ জীৱনযাত্ৰা আছিল জীৱ-জন্ততকৈও নিম্ন পৰ্যায়ৰ। কিন্তু চাওক আল্লাহৰ দয়া কেনেকুৱা অপৰিসীম । তেওঁ আমাৰ প্ৰতি অনুগ্ৰহ প্ৰদৰ্শন কৰি আমাৰ মাজৰ পৰাই এক ব্যক্তিক ৰছুল নিযুক্ত কৰি পঠিয়াইছে। তেখেত বৰ সত্যবাদী, আমানতদাৰ, বিশ্বস্ত আৰু সচচৰিত্ৰবান। শত্ৰু – মিত্ৰ সকলোৱেই তেখেতৰ সততা আৰু মহানুভৱতাৰ প্ৰশংসা কৰে। তেখেতে ইছলামৰ দাৱত পেশ কৰি এই শিক্ষা দিছ-” আপোনালোকে মুৰ্তি পূজা পৰিত্যাগ কৰক, এক আল্লাহক নিজৰ মালিক আৰু প্ৰভু বুলি স্বীকাৰ কৰক, জীৱনৰ সকলো কামত তেখেতৰ বন্দেগী কৰক, সচা কথা কওক, হত্যা আৰু নৃশংস কাৰ্যৰ পৰা বিৰত থাকক, ওচৰ চুবুৰীয়াক সাহাৰ্য কৰক, নামাজ পঢ়ক, ৰোজা পালন কৰক, মাউৰা লৰা-ছোৱালীৰ সম্পত্তি আত্মসাৎ নকৰিব আৰু ব্যাভিচাৰ তথা অশ্লীল ক্ৰিয়া কৰ্মৰ পৰা আতৰি থাকক। ” আমি তেখেতৰ কথাত পতিয়ন গৈছো, তেওঁৰ প্ৰতি ঈমান আনিছো, শ্বিৰ্ক আৰু মুৰ্তি পূজা পৰিত্যাগ কৰিছো আৰু সকলো অসৎ কামৰ পৰা তওবা কৰিছো। ইয়াৰ ফলত আমাৰ দেশৰ মানুহে আমাৰ লগত শত্ৰুতা আৰম্ভ কৰিছে আৰু আকৌ তেওঁলোকৰ ধৰ্মৰ পিনে উভতি যাবলৈ আমাৰ ওপৰত চাপ দিব ধৰিছে আৰু এইকাৰণে এই মানুহবিলাকে আমাক আপোনাৰ ওচৰৰ পৰা উলিয়াই নিবৰ বাবে আবেদন জনাইছে।”
নাজ্জাচীয়ে কলে ,” বাৰু , তোমালোকৰ নবীগৰাকীৰ ওপৰত আল্লাহৰ যি বাণী নাযিল হৈছে, তাৰ কিছু অংশ পঢ়ি মোক শুনোৱা।”
জাফৰে ছুৰা মৰিয়মৰ কেইটিমান আয়াত পাঠ কৰি শুনালে । পৱিত্ৰ কোৰআনৰ বাণী শুনি নাজ্জাচী বৰ প্ৰভাৱিত হল। তেওঁৰ চকুলো ওলাই দুগালেদি বৈ গল। তেওঁ কলে “এই কালাম আৰু ইন্জিল কিতাপ একেটা বন্তিৰ পৰা ওলোৱা ৰশ্মি।”
ইয়াৰ পাছত তেওঁ কোৰাইছৰ প্ৰতিনিধিবৰ্গক স্পষ্ট ভাষাত জনাই দিলে যে তেওঁলোকৰ হাতত মুছলিমসকলক সমৰ্পন কৰা নহব।
পিছদিনা কোৰাইছ প্ৰতিনিধিবৰ্গই এটা নতুন কৌশল উদ্ভাৱন কৰিলে । তেওঁলোকে বাদছাহৰ দৰবাৰত গৈ কলে,” এই মুছলিম কেইজনক সোধকছোন, এওঁলোকে ঈছাৰ(আ:) বিষয়ে কি বিশ্বাস পোষণ কৰে।” কোৰাইছবিলাকে জানিছিল যে ঈছাৰ সম্পৰ্কে খ্ৰীষ্টানসকলৰ বিশ্বাসৰ লগত মুছলিমসকলৰ আকীদাৰ মিল নাই । খ্ৰীষ্টানসকলে ঈছাক আল্লাহৰ পুত্ৰ বুলি বিশ্বাস কৰে । আনহাতে মুছলিমসকলে বিশ্বাস কৰে যে, ঈছা কুমাৰী মৰিয়মৰ পুত্ৰ । যেতিয়া নাজ্জাচীৰ সন্মুখত এই কথা প্ৰকাশ পাব, তেতিয়া তেওঁ নিশ্চয় মুছলিমসকলৰ ওপৰত অসন্তষ্ট হব।
নাজ্জাচীয়ে আকৌ মুছলিমসকলক দৰবাৰলৈ মাতি পঠিয়ালে । পৰিস্থিতিৰ জটিলতা উপলব্ধি কৰি মুছলিমসকল চিন্তান্বিত হৈ পৰিল । জাফৰে কলে,” প্ৰতিক্ৰিয়া যিয়েই নহওক আমি কিন্তু সচাঁ কথাই কব লাগিব । ” ইয়াৰ পাছত তেওঁ ৰাজদৰবাৰত থিয় হৈ কলে ,” আমাৰ পয়গম্বৰ গৰাকীয়ে আমাক জনাইছে যে, ঈছা (আ:) আল্লাহৰ বান্দা আৰু ৰছুল আছিল ।”
এই কথা শুনি নাজ্জাচীয়ে কলে ,” নিশ্চয় তুমি যিG কৈছা সেয়া সত্য ।” এইদৰে কোৰাইছবিলাকৰ শেষ চক্ৰান্তও ব্যৰ্থ হৈ গল। নাজ্জাচীয়ে জাফৰ আৰু তেওঁৰ সংগিবৃন্দক আবিচিনিয়াত সসন্মানে বাস কৰাৰ অনুমতি দিলে ।
এই নাজ্জাচীৰ নাম আছিল আছমাহা। এও নবুৱতৰ সত্যতা স্বীকাৰ কৰি ইছলাম গ্ৰহণ কৰে আৰু এখেতৰ মৃত্যুত ৰছুল (ছ:) এ মৃতকৰ অনুপস্থিতিত জানাজাৰ নামাজ পঢ়াইছিল।
(ঈছা)ই কৈ উঠিল -” মই আল্লাহৰ দাস। তেওঁ মোক পুথি দিছে আৰু মোক নবী হিচাবে মনোনীত কৰিছে ।” (মৰিয়ম,১৯:৩০)
[মূল: আবু ছলীম মোহম্মদ আব্দুল হাই
অনুবাদ : দেৱান নজৰুল কাদিৰ]