ইত্তিকাফ

@@ ইত্তিকাফ @@
আমি সকলোৱেই পবিত্ৰ ইছলামৰ চাৰিসীমা মূখ্যতঃ কোৰআন আৰু হাদীছৰ মাজতেই সীমাবদ্ধ ৰখাত মনোনিৱেশ কৰা উচিত ! বিগত কেইটামান বছৰৰ পৰা ২১ ৰমজান আৰম্ভ হোৱাৰ লগে লগে অসমৰ বহুতো মছজিদত ভাৰাতীয়া ইত্তিকাফ কাৰী মকৰল কৰা আমি দেখিবলৈ পাই আহিছো । ইত্তিকাফৰ সময় সীমা পাৰ হোৱাৰ পাছত সমাজৰ বিভিন্ন জনে বিভিন্ন উপহাৰ আৰু টকা পইচাৰে ইত্তিকাফকাৰীক সন্টুষ্ট কৰিবলৈ চেষ্টা কৰা দেখা যায় !! এইয়া প্ৰকৃততে শ্বৰীয়তৰ আদৰ্শ নে ইছলামৰ নামত এক ব্যঙ্গ সংস্কৃতি ?? বাহ্যিক দৃষ্টিভংগীত আমি ভাল কৰিবলৈ গৈ আল্লাহৰ দৃষ্টিত প্ৰকৃততে আমি নিজৰ কাল কৰি আছো নেকি , সেই দিশটোৰ প্ৰতি আমি সতৰ্ক হোৱাৰ প্ৰয়োজন ।
ইছলামীয় শ্বৰীয়তৰ মাহে ৰমজানৰ শেষৰ দহদিন মছজিদত থাকি ইত্তিকাফ কৰাটো এক অতি গুৰুত্বপূৰ্ণ ইবাদত । চহীহ হাদীছত ইয়াৰ অসংখ্য ত্বথ্য সহজতে বিচাৰি পোৱা যায় । এই ইত্তিকাফৰ মূখ্য উদ্দেশ্য হৈছে লাইলাতুল কদৰৰ অপৰিসীম ফজিলতৰ সৌভাগ্য লাভ কৰিবলৈ উক্ত বিশেষ ৰাতিটোৰ সন্ধান কৰা ! কিন্তু অতি দূৰ্ভাগ্যজনক বিষয় যে অতীতৰে পৰা আমাৰ সমাজত কোনো দুস্কৃতিকাৰীয়ে এক অপপ্ৰচাৰ চলাই আহিল যে , কোনো এক মহল্লাত যিকোনো এজনে ইত্তিকাফ কৰিলেই সকলোৰে দায়িত্ব পূৰন হৈ যায় !!! এনে দলীল বিহীন অদ্ভুত মিছা কথাৰ বাবেই সমাজত প্ৰত্যেকেই নিজৰ দায়িত্ব সামৰাৰ স্বাৰ্থতে ইত্তিকাফৰ নামত বহুতো নতুন নতুন ব্যঙ্গ সংস্কৃতিৰ জন্ম দিয়াত অৰিহনা যোগাই আহিছে !! নিশ্চিত ভাবে এনেধৰণৰ শ্বৰীয়তত অপসংস্কৃতিৰ সৃষ্টিত অৰিহণা যোগোৱা প্ৰত্যেক ব্যক্তিয়েই আল্লাহৰ ওচৰত জবাবদিহি হবই লাগিব ।
গতিকে সময় থাকোতেই আমি সকলোৱে ইছলামৰ এনে ধৰণৰ স্পৰ্শকাতৰ বিষয়বোৰত ত্বথ্যৰ অনুসন্ধান কৰি সঠিক সিদ্ধান্তৰে আগুৱাই যাবলৈ চেষ্টা কৰা উচিত । আল্লাহে আমাক সকলোকে কোৰআন হাদীছৰ সীমাৰ ভিতৰত থাকি দ্বীন পালন কৰি যাবলৈ তৌফিক দান কৰক …… আমীন ………..

— Muktabul Hussain

Leave a comment