ইছলাম বুলিলে আপুনি কি বুজে?

ইছলাম বুলিলে আপুনি কি বুজে?

Friends ইছলাম বুলিলে আপুনি কি বুজে? আমি সকলোৱেই জানো ইছলাম পৰিপূর্ণ। (ছুৰা মায়িদা ৫:৩)
এতিয়া “ইছলাম” বুলিলে আপুনি কি বুজে? মছজিদ, মাদ্রাছা, ডাঙৰ ডাঙৰ হুজুৰ, পীৰ-মাশ্বায়েখ বা আধুনিক প্রযুক্তি। যেনে- এচি, মাইক, ফেন, মোবাইল, মটৰগাড়ী, হেলিকপ্টাৰ, উৰাজাহাজ ইত্যাদি এইবোৰ ইছলাম নেকি??

নিশ্চয় আপোনাৰ উত্তৰ হ’ব, এইবোৰ ইছলাম নহয়। কিন্তু এইবোৰ ইছলাম প্রচাৰৰ মাধ্যম হ’ব পাৰে, যিবোৰ কিয়ামত পর্যন্ত পৰিৱৰ্তন হৈ থাকিব।
যদি এইবোৰ মাধ্যম হয়, তেনেহ’লে

ইছলাম মানে কি?

এক কথাত ইছলাম বুলিলে, আল্লাহ তা‘আলাৰ হুকুম আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ “ছুন্নাহ” হ’ল ইছলাম।
আৰু এই ইছলামকেই (ছুৰা মায়িদা ৫:৩) আল্লাহ তা’আলাই পৰিপূর্ণ বুলি ঘোষণা কৰিছে।
অর্থাৎ আল্লাহ তা’আলাৰ আদেশ-নিষেধ আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছুন্নাহক আমাৰ কাৰণে পূর্ণাঙ্গ কৰি দিছে।
আৰু আমি সাধাৰণতে আল্লাহৰ হুকুম আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছুন্নাহ পালন কৰাকেই “ইবাদত” বুলি কওঁ।
এইবাৰ চাওঁ আহক, এই পৰিপূর্ণ ইছলাম সম্পর্কে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ দিক-নির্দেশনা।
এই প্রসঙ্গত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, নিশ্চয় সর্বোত্তম বাণী হৈছে আল্লাহৰ কিতাব। আৰু সর্বোত্তম আদর্শ হ’ল মুহাম্মদৰ (ছঃ) আদর্শ। আৰু সকলোতকৈ নিকৃষ্ট বিষয় হ’ল- ইছলামৰ মাজত নতুন কোনো ইবাদত সৃষ্টি কৰা। আৰু নৱ-উদ্ভাৱিত সকলো ইবাদতেই বিদ’আত। আৰু প্রত্যেক বিদ‘আতেই হৈছে ভ্রষ্টতা, আৰু প্রত্যেক ভ্রষ্টতাৰ পৰিণাম জাহান্নাম।’ (মুছলিম, ১৫৩৫, নাছাঈ ১৫৬০)
এই হাদীছৰ পৰা আমি বুজিব পাৰিলোঁ, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ পৰিপূর্ণ ইছলামৰ মাজত নতুন কোনো ইবাদত উদ্ভাৱনকাৰীক জাহান্নামি বুলি ঘোষণা কৰিছে।
*এতিয়া কিছু প্রশ্নঃ আল্লাহ তা‘আলাই নুবুজাকৈয়েই “ইবাদত”ক পূর্ণাঙ্গ বুলি ঘোষণা কৰিছে নেকি? (নাউজুবিল্লাহ)
*তেওঁৰ বান্দা-বান্দীৰ কিমানখিনি “ইবাদত” নাযাতৰ কাৰণে যথেষ্ট তাক নুবুজাকৈয়ে তেওঁ “ইবাদত”ক পূর্ণাঙ্গ কৰি দিলে নেকি? (নাউজুবিল্লাহ)

*ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ আদর্শ আমাৰ বাবে যথেষ্ট নহয় নেকি?

যদি আল্লাহ তা‘আলাই দিয়া পূর্ণাঙ্গ ইছলাম আপোনাৰ কাৰণে যথেষ্ট হয় তেনেহ’লে আপোনাৰ কৰণীয় হৈছে কোৰআন আৰু ছুন্নাহৰ বহির্ভূত সকলো নৱ উদ্ভাৱিত ইবাদত বর্জন কৰা।
এইটো ক’ব পাৰে যে, কিছুমান আমল আমি বাবা-আতাৰ দিনৰ পৰা দেখি আহিছোঁ। গতিকে এই আমলবোৰ কেনেকৈ নৱ উদ্ভাৱিত ইবাদত (বিদ’আত) হয়।
এই ক্ষেত্রত আপোনাক প্রশ্ন কৰিব বিচাৰোঁ যে, আপোনাৰ বাবা-আতা, বড় হুজুৰ, পীৰ মাশ্বায়েখ এওঁলোকতকৈ মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে কম আমল কৰিছিল নেকি?
আনকি চাহাবীসকলৰ (ৰাঃ) প্রত্যেকেই আপোনাৰ বাবা-আতা আৰু বড় হুজুৰতকৈ হাজাৰ গুণে বেছি আল্লহক ভয় কৰিছিল আৰু আমল কৰিছিল।
সহজ হিচাব, এজন অদক্ষ ড্রাইভাৰৰ দ্বাৰা গাড়ী চলালে যেনেকৈ আপোনাৰ ৬০-৭০ বছৰৰ জীৱন ব্যর্থ, ঠিক তেনেকৈ বিদ‘আতী হুজুৰৰ দ্বাৰা ইছলাম বুজিলে আপোনাৰ চিৰকালৰ জীৱন ব্যর্থ।
সেয়েহে পৰকালৰ মহা সফলতাৰ কাৰণে আপুনি কৰা প্রত্যেকটো “ইবাদত” কোৰআন-ছুন্নাহ আৰু চাহাবীসকলৰ (ৰাঃ) আদর্শৰ দ্বাৰা শুদ্ধতা প্ৰমাণ কৰক।
এতিয়া মূল বিষয়, “ঈদে মিলাদুন্নবী”। এইটো নিঃসন্দেহে অমুছলিমসকলৰ কালচাৰ। প্রমাণ- খ্রীষ্টানসকলে ঈছা (আঃ)-ৰ জন্মদিন উপলক্ষে “বৰদিন” উদযাপন কৰে।
মূল কথা, কেৱল ঈদে মিলাদুন্নবী নহয়, প্রচলিত মিলাদ-কিয়াম, জন্মদিৱস, মৃত্যুদিৱস, চল্লিছা, কুলখানি আৰু বিভিন্ন জিকিৰ, বিভিন্ন দু’আৰ অনুষ্ঠান ইত্যাদি সহ সকলো ইবাদত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু চাহাবীসকলৰ (ৰাঃ) আদর্শৰ দ্বাৰা শুদ্ধতা প্ৰমাণ কৰি চাওক।
কেইটামান টুলুঙা যুক্তি খণ্ডন-

১. ঈদে মিলাদুন্নবী যে বিদ’আত তাৰ দলিল ক’ত?

<ভাই! আপোনাৰ হাতৰ মোবাইলটো মোৰ নহয়। ইয়াৰ দলিল মই কেনেকৈ দিম? এক কথাত বিদ‘আতৰ দলিল নাথাকে। ইছলামত ইয়াৰ দলিল নাই কাৰণেই এইটো “বিদায়াত”.
২. কোৰআন আৰু হাদীছত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ মিলাদ সম্পর্কে কোৱা হৈছে নে?
<আচ্ছা, চাহাবীসকলে (ৰাঃ) উক্ত মিলাদ সম্পর্কে জনা নাছিল নেকি? তেওঁলোকে এনেদৰে ঈদে মিলাদুন্নবী পালন কৰিছে যদি দলিল দিয়ক।
৩. এইবোৰ তো আমি আল্লহৰ নামত আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ মহব্বততেই কৰোঁ?
<কথাতে কয়, অতি ভক্তি চোৰৰ লক্ষণ। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ইছলামত ইবাদতৰ পদ্ধতি পূর্ণ কৰি দিছে, এতিয়া নতুন কোনো পদ্ধতি চালু কৰা মানে আল্লাহ আৰু তেওঁৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক উপেক্ষা কৰা। সেইটো যিমানেই সুন্দৰ নহওক কিয়।
৪. পকী মছজিদ, মাদ্রাছা, তাবলীগ এই সকলোবোৰেই তো বিদ‘আত। এইবোৰ তো নবীৰ যুগত নাছিল?
<এক কথাত, এনেকুৱা কথা কোৱা মূর্খতা, কাৰণ ইবাদতৰ “মাধ্যম” কেতিয়াও বিদ‘আত নহয়, কাৰণ এইবোৰ পূর্ণাঙ্গ নহয়, পৰিৱর্তনশীল।যেনে- ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে বাহনত উঠাৰ সময়ত দু’আ পঢ়িছিল। ইয়াত “বাহন” মাধ্যম আৰু “দু’আ” ইবাদত। কিয়ামত পর্যন্ত বাহন পৰিৱর্তন হৈ থাকিব। কিন্তু দু’আ একেই থাকিব। দু’আৰ মাজত কোনো পৰিৱর্তন আনিলে সেইটোৱেই বিদ‘আত হ’ব।
আল্লাহে আমাক সঠিক জ্ঞান দান কৰক (আমিন)

Leave a comment