ইছলাম বিৰোধীৰ অপপ্ৰচাৰ আৰু তাৰ প্ৰত্যোত্তৰ

অমুছলিম সকলক উচটনি দিবলৈ আৰু মুছলিম বিদ্বেষী মানসিকতা গঢ়ি তুলিবলৈ লগতে ইছলামক বদনাম কৰিবলৈ ইচলামৰ শত্ৰুসকলে কোৰআন-হাদীছৰ বিভিন্ন আয়াতৰ অপব্যাখ্যা কৰি প্ৰচাৰ চলাই অহাটো কোনো নতুন কথা নহয় । এই সন্দৰ্ভত কোৰআনৰ #ছুৰা_তৌবাহৰ ৫ নং আয়াতটিও ইয়াৰ ব্যতিক্ৰম নহয় । ইছলামৰ শত্ৰুসকলে কোৰআন-হাদীছৰ যিসমূহ আয়াতৰ অপব্যাখ্যা কৰি প্ৰচাৰ কৰি আছে তাৰ ভিতৰত ছুৰা তৌবাহৰ এই আয়াতটিও এটি অন্যতম আয়াত । ইচলামৰ শত্ৰু সকলে কোৱাৰ দৰে সচাকৈয়ে আল্লাহে ছুৰা তৌবাহৰ ৫ নম্বৰ আয়াতত কাফিৰ সকলক য’তেই পোৱা যায় তাতেই হত্যা কৰিবলৈ আদেশ দিছে নে ? আহক ইয়াৰ সম্পৰ্কত কিছু পৰ্যালোচনা কৰো —

আপুনি যেতিয়া কোৰআন মেলি #ছুৰা_তৌবাহৰ ৫ নং আয়াত চাব তেতিয়া দেখিব যে তাত ইচলামৰ শত্ৰু সকলে কোৱাৰ দৰে স্পষ্টকৈ লিখা আছে যে কাফিৰ সকলক য’তেই পোৱা¸ ততেই হত্যা কৰা । কিন্তু এয়া সম্পুৰ্ণ আয়াত নহয় । কথাখিনিৰ আগে পিছে আৰু কিছুমান কথা আছে । ইছলামৰ শত্ৰু সকলে উক্ত আয়াতটিৰ আগে পিছে থকা কথাখিনি কেতিয়াও  নকয় । কাৰণ সেইখিনি কথা কলে সিহঁতৰ জোলোঙাৰ মেকুৰী ওলাই পৰিব ।

আমি সকলোৱেই জানোঁ যে মুহাম্মদ (ছঃ) মক্কাৰ মুছৰিক কুৰেইছবিলাকৰ পৰম শত্ৰু আছিল । কুৰেইছবিলাকে মুহাম্মদ (ছঃ) আৰু ইছলামক নিঃশেষ কৰিবলৈ সদায় যৎপৰোনাস্তি চেষ্টা চলাই আছিল । মুহাম্মদ (ছঃ) ক কোনো সময়তে মুছৰিক কুৰেইছবিলাকে শান্তিত থাকিবলৈ দিয়া নাছিল । সকলো সময়তেই সিহঁতে তেখেত (ছঃ)ক কষ্ট দি আছিল আৰু তেখেতৰ বিৰুদ্ধে যুদ্ধ-বিগ্ৰহ ৰচনা কৰি আছিল ।
মুহাম্মদ (ছঃ)এ মক্কাৰ মুছৰিক কুৰেইছবিলাকৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি অৱশেষত মক্কাৰ পৰা মদিনালৈ হিজৰত (প্ৰব্ৰজন) কৰিছিল । তেখেত (ছঃ)এ হিজৰী চনৰ ষষ্ঠ বৰ্ষৰ জিলকদ মাহত সহস্ৰধিক মুছলিমক লগত লৈ পুনৰ মদিনাৰ পৰা মক্কালৈ যাত্ৰা কৰিলে । লগে লগে মুহাম্মদ (ছঃ) ৰ পৰম শত্ৰুবিলাকে এই সংবাদ মুছৰিক কুৰেইছবিলাকৰ মাজত প্ৰচাৰ কৰি দিলে যে সহস্ৰধিক মুছলিমক লগত লৈ মুহাম্মদ (ছঃ)এ পুনৰ মদিনাৰ পৰা মক্কা অভিমুখে যাত্ৰা কৰিছে  । এই সংবাদ পোৱাৰ  লগে লগে মুছৰিক কুৰেইছবিলাকে মুহাম্মদ (ছঃ)ক অৱৰোধ কৰিবলৈ কৌশল ৰচনা কৰিলে ।  মুহাম্মদ (ছঃ)ক অৱৰোধ কৰিবলৈ সিহঁতে গোপনে ৰাস্তাত খাপ পিতি থাকিল । মুছৰীক সকলৰ এই পৰিকল্পনাৰ সংবাদ মুহাম্মদ (ছঃ)য়ে পাই গল । এই সংবাদ তেখেতে পাই লগে লগে ৰাস্তা পৰিৱৰ্তন কৰি দিলে আৰু মক্কাৰ ওচৰত হুদাইবিয়া নামৰ ঠাই এডোখৰত বাহৰ পাতিলে ।
মুছৰিক কুৰেইছবিলাকেও গম পালে যে মুহাম্মদ (ছঃ)এ ৰাস্তা পৰিৱৰ্তন কৰি হুদাইবিয়াত বাহৰ পাতিছেহি । মুছৰিক সকলে মুহাম্মদ (ছঃ) এ হুদাইবিয়াত বাহৰ পতা বুলি গম পাই সিহঁতে মুহাম্মদ (ছঃ)ক হত্যা কৰিবলৈ সিহঁতৰ মানুহ পঠিয়ালে । মুহাম্মদ (ছঃ)ৰ মানুহে মুহাম্মদ(ছঃ) ক হত্যা কৰিবলৈ যোৱা মুছৰিক কেইজনক কৰায়ত্ব কৰি মুহাম্মদ (ছঃ)ৰ ওচৰলৈ লৈ অহা হল  । মুহাম্মদ (ছঃ) ক হত্যা কৰিবলৈ যোৱা মুছৰীক কেইজনে মুহাম্মদ (ছঃ)ৰ ওচৰত নিজৰ ভুল স্বীকাৰ কৰাত তেখেত (ছঃ)য়ে সিহতঁক ক্ষমা কৰি দিলে ।

ইয়াৰ পিছত যুদ্ধ-বিগ্ৰহ, ৰক্তক্ষয় আদিৰ পৰা ৰক্ষা পাবলৈ মহম্মদ (ছঃ)য়ে ওচমান (ৰাঃ)ক কুৰেইছবিলাকৰ লগত আলোচনাৰ্থে পঠিয়ালে । কিন্তু কুৰেইছবিলাকে ওচমান (ৰাঃ)ক বন্দী কৰি ৰাখিলে । ইফালে হুদাইবিয়াত বাহৰ পাতি থকা আল্লাহৰ ৰছুল মুহাম্মদ (ছঃ) ক খবৰ দিয়া হল যে ওচমান (ৰাঃ)ক হত্যা কৰা হৈছে । এই খবৰ পোৱাৰ লগে লগে মুছলিম সকলে ইয়াৰ প্ৰতিশোধ লোৱাৰ বাবে পূৰ্ণ প্ৰস্তুতি চলালে ।
মুছৰিকসকল নিশ্চিত হল যে এইবাৰ সিহঁতৰ বিপদ অনিবাৰ্য । উপায়ন্তৰ হৈ কুৰেইছসকলে ছোহেইল বিন ওমৰক মুহাম্মদ (ছঃ)ৰ ওচৰলৈ পঠিয়াই দিলে । ছোহেইলৰ পৰা নিশ্চিত হল যে, ওচমান (ৰাঃ)ক হত্যা কৰা হোৱা নাই, বন্দীহে কৰা হৈছে । ছোহেইলে ওচমান (ৰাঃ)ৰ মুক্তিৰ লগতে যুদ্ধ-বিগ্ৰহ নহবলৈ মুহাম্মদ (ছঃ) ৰ ওচৰত কেইটিমান চৰ্ত আৰোপ কৰিলে ।

প্ৰথম চৰ্ত আছিল- এই বছৰ হজ নকৰাকৈ আপোনালোকে উভতি যাব লাগিব । অহাবছৰ মাত্ৰ ৩ দিনৰ বাবেহে হজ কৰিবলৈ মক্কালৈ আহিব পাৰিব ।
দ্বিতীয় চৰ্ত হল – যদি কোনোবা কুৰেইছে মক্কা এৰি মদীনালৈ যায়, তেওঁক ওভতাই দিব লাগিব । কিন্তু যদি কোনোবা মদীনাৰ মুছলিমে মক্কাত প্ৰৱেশ কৰে, তেনেহলে তেওঁক ওভতাই দিয়া নহব ।
তৃতীয় চৰ্ত হল – যিকোনো কাবীলা (গোত্ৰ) নিজৰ ইচ্ছানুযায়ী কুৰেইছসকলৰ লগত অথবা মুছলমানৰ লগত চামিল হব পাৰিব ।
চতুৰ্থ চৰ্ত – এই চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত কুৰেইছ আৰু মুছলিম কোনেও কাৰো ওপৰত আক্ৰমণ কৰিব নোৱাৰিব । আনকি চুক্তিবদ্ধ গোত্ৰবিলাকৰ ওপৰতো কোনেও আক্ৰমণ কৰিব নোৱাৰিব । এই চুক্তিৰ ম্যাদ ১০ বছৰলৈ থাকিব আৰু এই চুক্তি হুদাইবিয়া সন্ধি নামে জনাজাত হব ।
এই চৰ্তসমূহ এক পক্ষীয় আৰু অন্যায়মূলক আছিল যদিও তথাপি শান্তি আৰু ধৈৰ্যৰ দূত মুহাম্মদ (ছঃ)এ শান্তি স্থাপনাৰ্থে এই চৰ্তসমূহ মানি লৈছিল ।
চুক্তিৰ দুবছৰৰ পাছতেই মুছৰিক কুৰেইছসকলে মুছলিম সকলৰ ওপৰত আক্ৰমণ কৰি চুক্তি উলংঘা কৰিলে । একমাত্ৰ শান্তিৰ বাবেই মুহাম্মদ (ছঃ) এ নিজে বশ্যতা স্বীকাৰ কৰি চুক্তি কৰিছিল, তথাপি কুৰেইছসকলে প্ৰৱঞ্চনা কৰি সেই চুক্তি উলংঘা কৰিলে ।
তেতিয়া যুদ্ধ অৱশ্যম্ভাৱী হৈ পৰিছিল । প্ৰৱঞ্চক মুছৰিক সকলক শাস্তি প্ৰদান কৰি সমাজত শান্তি স্থাপন কৰিবলৈ যুদ্ধ অতি জৰুৰী হৈ পৰিছিল । এনে এক জটিল পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ আল্লাহ তাআলাই মুহাম্মদ(ছঃ)ৰ ওপৰত ছুৰা তৌবাহৰ ১,২, আৰু ৩ নম্বৰ আয়াতকেইটি অৱতীৰ্ণ কৰিছিল ।
(হে মুছলিম সকল, এতিয়া) আল্লাহ আৰু তেওঁৰ ৰছুলৰ পক্ষৰ পৰা সিহঁতৰ লগত সম্পৰ্কচ্ছেদৰ ঘোষণা কৰা হল, যিবিলাক মুছৰিকৰ সৈতে তোমালোকে চুক্তি কৰিছিলা । (ছুৰা তৌবাহঃ ১ নম্বৰ আয়াত)
এতেকে তোমালোকে দেশত চাৰিমাহ ঘূৰা-ফিৰা কৰি লোৱা আৰু জানিথোৱা, তোমালোকে আল্লাহক কেতিয়াও দুৰ্বল কৰিব নোৱাৰা¸ বৰং আল্লাহে মুছৰিক সকলক লাঞ্চিত কৰিব । (ছুৰা তৌবাহঃ ২)
আল্লাহ আৰু তেওঁৰ ৰছুলৰ পক্ষৰ পৰা মহান হজৰ দিনা ঘোষণা যে, মুছৰিক সকলৰ লগত আল্লাহ আৰু তেওঁৰ ৰছুলৰ কোনো সম্পৰ্ক নাই । এতিয়া তোমালোকে যদি অনুশোচনা কৰা তোমালোকৰেই মঙ্গল আৰু যদি মুখ ঘূৰোৱা তেনেহলে ভালদৰে জানিথোৱা¸ তোমালোকে আল্লাহক দুৰ্বল কৰিব নোৱাৰা । (হে নবী ! মুছৰিক কাফিৰসকলক কঠোৰ শাস্তিৰ সংবাদ দিয়া । (ছুৰা তৌবাহঃ ৩)

আল্লাহৰ এই হুকুমৰ পিছত মহম্মদ (ছঃ) এ মুছৰিক সকলক জনাই দিলে- এয়া আল্লাহৰ হুকুম । এতিয়া চুক্তি ভঙ্গ হৈ গৈছে ।  তোমালোকৰ দ্বাৰাই এই চুক্তি ভঙ্গ কৰা হৈছে । গতিকে পৱিত্ৰ চাৰি মাহ অতিবাহিত হোৱাৰ পিছতে তোমালোকৰ লগত যুদ্ধ আৰম্ভ হব ।
চুক্তি উলংঘ কৰি আক্ৰমণ কৰোঁতাসকলৰ বিৰুদ্ধে প্ৰত্যুত্তৰমূলক আক্ৰমণ কৰি ন্যায় প্ৰদান কৰাটো মুছলিমসকলৰ বাবে অৱশ্যে কৰ্তব্য হৈ পৰিছিল । সেয়েহে সৰ্বোচ্চ ন্যায়কৰ্তা আল্লাহ তাআলাই ছুৰা তৌবাহৰ উক্ত ৫ নং আয়াতত হুকুমনামা পঠিয়াইছে ।

(যদি ভাৰত আৰু চীনৰ মাজত যুদ্ধ আৰম্ভ হয় তেনেহলে দুয়োখন ৰাষ্ট্ৰৰ সেনা প্ৰধানে সৈন্য সকলৰ মনোবল বৃদ্ধি কৰিবলৈ নিশ্চয় কব যে শত্ৰুসকলক যতে পোৱা ততেই হত্যা কৰা । ঠিক তদ্ৰুপ মুছলিম সকলৰ মনোবল বৃদ্ধি কৰিবলৈ আল্লাহ তালায়ো ছুৰা তৌবাহৰ ৫ নং আয়াতত মুছলিম সকলক কাফিৰ মুছৰীক সকলক যতেই পোৱা যায় হত্যা কৰিব কৈছে ।
লগতে যুদ্ধৰ সময়ত কোনো সেনা প্ৰধানে কেতিয়াও নকয় যে¸ শত্ৰুপক্ষৰ সেনাই যদি তোমালোকৰ ওচৰত ক্ষমা ভিক্ষা মাগে আৰু আশ্ৰয় বিচাৰে তেনেহঁলে সিহঁতক ক্ষমা কৰি দিবা আৰু আশ্ৰয় দিবা¸ লগতে  তাক নিৰাপদ ঠাইত থৈ আহিবাগৈ ।
কিন্তু আল্লাহে এই কথা ৬ নং আয়াতটিত মুছলিম সকলক জনাই দিছিল ।)

ছুৰা তৌবাহৰ ৫ নং আয়াতৰ আগৰ ৪ নং আয়াতত আল্লাহে কৈছে, “অৱশ্যে সেইসকল মুছৰিকৰ ক্ষেত্ৰত এই ঘোষণা প্ৰযোজ্য নহয়, যিবিলাকৰ লগত তোমালোকে চুক্তি কৰিছিলা আৰু সিহঁতে তোমালোকৰ লগত চুক্তি ভঙ্গ কৰা নাছিল ।”
যুদ্ধৰ এই ঘোষণা আত্মৰক্ষাৰ বাবেহে আছিল । অন্যায়কাৰী, অত্যাচাৰীৰ দ্বাৰা জোৰপূৰ্বকভাবে জাপি দিয়া যুদ্ধৰ বিৰুদ্ধে আত্মৰক্ষাৰ বাবে কৰা যিকোনো প্ৰয়াসক আক্ৰমণ  বুলি কব নোৱাৰি ।
অন্যায়কাৰী তথা অত্যাচাৰীৰ পৰা নিজৰ লগতে নিজৰ ধৰ্মক ৰক্ষা কৰিবলৈ যুদ্ধ কৰা আৰু যুদ্ধৰ সৈন্য সামন্তক উৎসাহিত কৰা ধৰ্ম সন্মত কাৰ্য ।
আমি মনত ৰখা উচিত যে¸ এই সম্পূৰ্ণ ছুৰাটো সেই সময়ৰ মক্কাৰ অত্যাচাৰী কাফীৰ-মুছৰীকসকলৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছিল । তেনেস্থলত আজিৰ প্ৰসঙ্গত আৰু অমুছলিমসকলৰ বিৰুদ্ধে এই আয়াত কিয় টানি অনা হৈছে ? নিশ্চয় অমুছলিম সকলক মুছলিমৰ বিৰুদ্ধে উচটনি দিবলৈ আৰু মুছলিম বিদ্বেষীৰ মানসিকতা সৃষ্টি কৰিবলৈ নহয় জানো ?
কোৰআনৰ আয়াতৰ অপব্যাখ্যা কৰি ইছলামক বদনাম  কৰিবলৈ এয়া এক ঘৃণনীয় ষড়যন্ত্ৰ নহয় নে বাৰু ?

Leave a comment