ইছলামৰ দলীল কোৰআন আৰু ছহীহ/বিশুদ্ধ হাদিছ

কোনো পীৰ- বুজুৰ্গ, অলী- আউলীয়া, ইমাম-মুফতি, বাপ- দাদা, চৈধ্য পুৰুষ পৰম্পৰা, ভোগোলিক পৰিবেশ, ৰাজনীতি কুটনীতি আদি বাৰভূজিয়াৰ দোহাই দি ইছলাম নচলে।
ইছলাম এজন মানুহৰ মতে চলিব সেইজন হল মুহাম্মাদুৰ ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লাম।‌ তেওঁৰ মত কত পাব? একমাত্ৰ ক্বোৰআন আৰু ছহীহ হাদীছত। মক্কা মদিনা ইছলাম ৰ দলীল নহয় , ইছলামৰ দলীল ক্বোৰআন আৰু বিশুদ্ধ হাদীছ।
ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কি কৰিছে আৰু আমি কি কৰিছো সেয়া মিলাই চাব লাগিব পবিত্র কুৰআন আৰু ছহীহ ছূন্নাহৰ লগত। সকলো প্রকাৰৰ আবেগ আৰু অতিৰঞ্জনৰ পৰা আতৰি থাকিব লাগিব আৰু প্রচলিত শ্বিৰ্ক আৰু বিদ‘আতী আক্বীদা-বিশ্বাস আৰু ৰছম-ৰিৱাজ-পৰম্পৰা পৰিহাৰ কৰিব লাগিব। আল্লাহ তাআলাই আমাক বিদ‘আত মুক্ত জীৱন-যাপন কৰাৰ তাওফীক্ব দান কৰক- আমীন!

Leave a comment