ইছলামে কিয় নাৰী-পুৰুষৰ অবাধ বিচৰণক অনুমোদন নিদিয়ে? এইটো ইছলামত আধুনিকতা নে পৌৰাণিক ধাৰণা?

#প্রশ্ন- ইছলামে কিয় নাৰী-পুৰুষৰ অবাধ বিচৰণক অনুমোদন নিদিয়ে? এইটো ইছলামত আধুনিকতা নে পৌৰাণিক ধাৰণা?

#উত্তৰ- (ডাঃ জাকিৰ নায়েক)

যদি আপুনি “আধুনিকতা” বুলিলে আপোনাৰ স্ত্রী বা ভনীক বিক্রীৰ পণ্য কৰাতো বুজে¸ যাতে তেওঁলোকে আন কাৰোবাৰ সৈতে অবাধ মিলা-মিচা কৰিব পাৰে অথবা আপুনি তেওঁক “মডেলিং” পেচাত নিয়োগ কৰিব, তেনে ক্ষেত্রত ইছলাম ‘পৌৰাণিক’ বুলিয়েই মোৰ মনত ভাৱ হয়। কাৰণ পাশ্চাত্য মিডিয়াত নাৰীসকলৰ সম্পর্কে কোৱা হয় যে, তেওঁলোকে মহিলাসকলক অধিক স্বাধীনতা আৰু অধিকাৰ দিছে, তেওঁলোকে তেওঁলোকৰ সামাজিক মর্যদা বৃদ্ধি কৰিছে। প্রকৃতপক্ষে তাত নাৰীসকলৰ মর্যদাই ক্ষুণ্ন কৰিছে।

এটা পৰিসংখ্যাৰ পৰা দেখা যায় যে, আমেৰিকাৰ ৫০% নাৰী যিসকলে বিশ্ববিদ্যালয় নাইবা কর্মক্ষেত্রলৈ যায়, তেওঁলোকে ধর্ষণৰ চিকাৰ হয়। আপুনি কল্পনা কৰিব পাৰে ৫০%! কিন্তু কিয়? কাৰণ হ’ল তাৰ অধিকাংশ কর্মক্ষেত্রত নাৰী-পুৰুষে অবাধ মিলা-মিচাৰ সুযোগ পায়।

এতিয়া আপুনি যদি ভাৱে, এজন মহিলা ধর্ষিতা হোৱাটোয়েই হৈছে “আধুনিকতা” তেন্তে সেই ক্ষেত্রত ইছলাম হৈছে “পৌৰাণিক”। আনহাতে যদি কয় ‘নহয়’, তেনেহ’লে কম ইছলাম অতি আধুনিক।

Leave a comment