ইছলামী শ্বৰীয়তৰ দৃষ্টিত গান-বাজনা কৰা হাৰাম আৰু কবীৰা গুণাহৰ অন্তর্ভূক্ত। সেয়া যি কোনো গানেই নহওঁক কিয়। যেনে- নবী তত্ত্ব, মুর্শ্বীদি, জাৰী, কাওৱালী, পল্লীগীতি, ভাওৱালী, ভক্তিমূলক ইত্যাদি যিকোনো প্রকাৰৰ গানেই হোক নহওঁক কিয়। কিন্তু মিউজিক, বাজনা বা বাদ্য-যন্ত্র নোহোৱাকৈ শ্বিৰ্ক-বিদাত মুক্ত হামদ, না’ত, কাছিদা, গজল ইত্যাদি পাঠ কৰা আৰু শুনা জায়েয আছে। মূলতঃ গান-বাজনা কুৰআন, হাদীছ, ইজমা আৰু ক্বিয়াছৰ দলীলৰ দ্বাৰা সুস্পষ্টভাৱে হাৰাম সাব্যস্ত। মহান আল্লাহ্ পাকে পবিত্র কালামৰ বহু স্থানত গান-বাজনা কৰিবলৈ আৰু শুনিবলৈ নিষেধ কৰিছে। ﻭَﻣِﻦَ ﺍﻟﻨَّﺎﺱِ ﻣَﻦ ﻳَﺸْﺘَﺮِﻱ ﻟَﻬْﻮَ ﺍﻟْﺤَﺪِﻳﺚِ ﻟِﻴُﻀِﻞَّ ﻋَﻦ ﺳَﺒِﻴﻞِ ﺍﻟﻠَّﻪِ ﺑِﻐَﻴْﺮِ ﻋِﻠْﻢٍ ﻭَﻳَﺘَّﺨِﺬَﻫَﺎ ﻫُﺰُﻭًﺍ ﺃُﻭﻟَﺌِﻚَ ﻟَﻬُﻢْ ﻋَﺬَﺍﺏٌ ﻣُّﻬِﻴﻦٌ অর্থ: “লোকসকলৰ ভিতৰত কিছুমান এনেকুৱা আছে যিসকলে , ﻟﻬﻮ ﺍﻟﺤﺪﻳﺚ “লাহওৱাল হাদীছ” অৱলম্বন কৰে, এই কাৰণে যে, (লোকসকলক) বিনা জ্ঞানে আল্লাহ তা’আলাৰ পথৰ পৰা ভ্রষ্ট কৰে আৰু সেইবোৰ হাঁহি-ঠাট্টাৰূপে ব্যৱহাৰ কৰে। তেওঁলোকৰ বাবে অপমানজনক শাস্তি আছে।” (ছূৰা লুকমান: আয়াত-৬)। ক. ইবনে মাছঊদ ৰদ্বিয়াল্লাহু আনহুয়ে কৈছে-আল্লাহ তাআলাৰ শপত! (ﻟﻬﻮ ﺍﻟﺤﺪﻳﺚ) হল, সঙ্গীত বা গান-বাজনা। -তাফছীৰে ইবনে কাছীৰ ৮ম খণ্ড, ৩/৪ পৃষ্ঠা। খ. ইবনে জাৰীৰ ৰহমতুল্লাহি আলাইহি আফদ্বালুন নাছ বা’দাল আম্বিয়া গ্রন্থত আবু বকৰ ছিদ্দীক্ব ৰা.ৰ পৰা বর্ণনা কৰিছে, তেওঁ আব্দুল্লাহ ইবনে মাছঊদ ৰদ্বিয়াল্লাহু তায়ালা আনহুক- ﻭ ﻣﻦ ﺍﻟﻨﺎﺱ ﻣﻦ ﻳﺸﺘﺮﻯ ﻟﻬﻮ ﺍﻟﺤﺪﻳﺚ ﻟﻴﻀﻞ ﻋﻦ ﺳﺒﻴﻞ ﺍﻟﻠﻪ
এই আয়াত সম্বন্ধে সুধিছিল, আব্দুল্লাহ ইবনে মাছঊদ ৰদ্বিয়াল্লাহু আনহুয়ে কৈছে যে, মহান আল্লাহ পাক ব্যতীত অন্য মা’বুদ বা উপাস্য নাই মই তেওঁৰ শপত কৰি কৈছো, (ﻟﻬﻮ ﺍﻟﺤﺪﻳﺚ) ‘লাহওৱাল হাদীছ’-ৰ অর্থ- সঙ্গীত বা গান-বাজনা। তেওঁ তিনিবাৰ এনেকুৱা কৈছে। গ. এনেদৰে ইবনে আব্বাছ ৰদ্বিয়াল্লাহু আনহু, জাবিৰ ৰদ্বিয়াল্লাহু আনহু, ইকৰামা ৰদ্বিয়াল্লাহু আনহু, ছাইদ ইবনে যুবায়েৰ ৰদ্বিয়াল্লাহু আনহু, মুজাহিদ মাকতুল ৰহমতুল্লাহি আলাইহি, আমৰ ইবনে শুয়াইব ৰহমতুল্লাহি আলাইহিম তেওঁলোকৰ প্রত্যেকেই ( ﻟﻬﻮ ﺍﻟﺤﺪﻳﺚ) ‘লাহওয়াল হাদীছ’ ৰ অর্থ- সঙ্গীত বা গান-বাজনা বুলি কৈছে।
ঘ. হাছান বছৰী ৰহমতুল্লাহি আলাইহিয়ে কৈছে, ‘এই আয়াতটো সঙ্গীত আৰু বাদ্য-যন্ত্ৰসমূহ সম্বন্ধে নাযিল হৈছে।”
✍✍… Dr. Arfan Ali