ইছলামী জীৱন-ব্যৱস্থাত হাদীছৰ গুৰুত্বৰ বিষয়টো আলোচনা বাহ্যত নিষ্প্রয়োজনীয়। কুৰআন কাৰীমৰ বহুতো নির্দেশ, ৰাছুলুল্লাহ (ﷺ)-ৰ অগণিত নির্দেশ আৰু ছাহাবীসকলৰ কর্ম-পদ্ধতিয়ে সন্দেহাতীতভাৱে প্রমাণ কৰে যে, ‘হাদীছ’ ইছলামী জীৱন-ব্যৱস্থাৰ দ্বিতীয় উৎস ও ভিত্তি। প্ৰকৃততে মুছলিম উম্মাহৰ সকলো যুগৰ সকলো মানুহে এই বিষয়ত একমত। ছাহাবীসকলৰ যুগৰ পৰা আৰম্ভ কৰি সকলো যুগত হাদীছ শিক্ষা, সংকলন, ব্যাখ্যা আৰু হাদীছৰ আলোকত মানৱ জীৱন পৰিচালিত কৰাৰ প্রচেষ্টা অব্যাহত আছে। এনেদৰে গঢ়ি উঠিছে হাদীছ বিষয়ক সুবিশাল জ্ঞান-ভাণ্ডাৰ।
কিন্তু কিছুমান ইহূদী-খ্ৰীষ্টান ‘প্রাচ্যবিদ’ পণ্ডিত আৰু মুছলিম উম্মাহৰ কোনো কোনো পণ্ডিতে বিভিন্ন সময়ত ও বিভিন্নভাৱে হাদীছৰ গুৰুত্ব অস্বীকাৰ কৰিব চেষ্টা কৰিছে। তেওঁলোকৰ বক্তব্যৰ পক্ষত উপস্থাপিত ‘দলীল’-সমূহক আমি চাৰি ভাগ ভাগ কৰিব পাৰোঁ:
(১) কুৰআন কাৰীমৰ কিছু আয়াতৰ আলোকত দাবী কৰে যে, ‘কুৰআনতেই সকলো বস্তুৰ বর্ণনা’ আছে, সেয়ে ‘হাদীছ’ নিষ্প্রয়োজনীয়।
(২) হাদীছৰ বর্ণনা ও সংকলন বিষয়ক কিছু আপত্তি উত্থাপন কৰি দাবী কৰে যে, হাদীছৰ মাজত বহুতো জালিয়াতি প্ৰৱেশ কৰিছে, সেয়ে তাৰ ওপৰত নির্ভৰ কৰিব পৰা নাযায়।
(৩) কিছু হাদীছ উল্লেখ কৰি হাদীছৰ মাজত বিজ্ঞান বা জ্ঞান বিৰোধী কথাবার্তা বা বৈপৰীত্য আছে বুলি প্রমাণ কৰাৰ চেষ্টা কৰা।
(৪) কিছু হাদীছ দ্বাৰা তেওঁলোকে প্রমাণ (!) পেচ কৰে যে, ৰাছুলুল্লাহ (ﷺ) ও ছাহাবীসকলে হাদীছৰ ওপৰত গুৰুত্ব প্রদান কৰিব নিষেধ কৰিছে।
এই বিষয়ে বিস্তাৰিত আলোচনা আমাৰ গ্রন্থৰ পৰিসৰত সম্ভৱ নহয়। তথাপি আমি আমাৰ এই গ্রন্থত হাদীছৰ জালিয়াতি আৰু ছহীহ হাদীৰ দ্বাৰা জাল হাদীছক পৃথক কৰাৰ বিষয়ে আলোচনা কৰছোঁ। আমাৰ সকলো আলোচনা আৰু ছাহাবীসকলৰ যুগৰ পৰা আজি পর্যন্ত মুছলিম উম্মাহৰ সকলো শ্রমৰ মূল ভিত্তিটিয়েই হ’ল এইটো যে, ৰাছুলুল্লাহ (ﷺ)-ৰ হাদীছৰ অনুসৰণ অবিহনে কুৰআন পালন, ইছলাম পালন বা মুছলিম হ’ব নোৱাৰি। আমাৰ জীৱন চলাৰ অন্যতম পাথেয় হাদীছে ৰাছুল (ﷺ)। কিন্তু আমি নিশ্চয় বিশুদ্ধ আৰু প্রমাণিত হাদীছৰ ওপৰত নির্ভৰ কৰিব লাগিব।
হাদীছ বাদ দি কোনোমতেই কুৰআন মানা বা ইছলাম পালন কৰা সম্ভৱ নহয়। হাদীছৰ বিৰুদ্ধে এইসকল মানুহৰ উত্থাপিত যুক্তিসমূহৰ মাজত প্রথম যুক্তিটো আমি আলোচনা কৰিব পাৰোঁ। আমি দেখিবলৈ পাওঁ যে, কুৰআন মানিবলৈ হ’লে হাদীছ মানা আৱশ্যক। তলৰ বিষয়সমূহ লক্ষ্য কৰক:
(১) ‘ওহী’ৰ মাধ্যমত যি নির্দেশনা মানৱ জাতিয়ে লাভ কৰে তাৰ বাস্তৱ প্রয়োগ ও পালনৰ সর্বোচ্চ আদর্শ হৈছে ‘ওহী-প্রাপ্ত নবীসকল’ আৰু তেওঁলোকৰ সাহচর্যপ্রাপ্ত শিষ্য বা সঙ্গীসকল। তেওঁলোকৰ জীৱনাদর্শই মূলতঃ অন্যসকলৰ কাৰণে ‘ওহী’ৰ অনুসৰণ ও পালনৰ একমাত্র চালিকা শক্তি। এই কাৰণে সকলো সম্প্রদায়ৰ মানুহবোৰে ধর্ম-প্রচাৰক ও তেওঁৰ শিষ্য, প্রেৰিত বা সহচৰসকলৰ জীৱন, কর্ম ও আদর্শক ‘ধর্ম’ পালনৰ মূল উৎসৰূপে সংৰক্ষণ ও শিক্ষা দান কৰে। আনহাতে ৰাছুলুল্লাহ (ﷺ)-ৰ জীৱন, কর্ম, ত্যাগ, ধৈর্য, মানৱপ্রেম, আল্লাহৰ ভয়, সত্যৰ পথত আপোচহীনতা… ইত্যাদি ‘হাদীছ’ অবিহনে জনা সম্ভৱ নহয়। এজন মুছলিমক হাদীছৰ পৰা বিচ্ছিন্ন কৰাৰ অর্থই হ’ল তেওঁক ৰাছুলুল্লাহ (ﷺ)-ৰ বাস্তৱ জীৱনৰ পৰা বিচ্ছিন্ন কৰি পেলোৱা। ইয়াতে অতি সহজেই তেওঁক কুৰআনৰ পৰা আৰু ইছলামৰ পৰা বিচ্ছিন্ন কৰি পেলোৱা সম্ভৱ হয়।
(২) হাদীছৰ ওপৰত নির্ভৰ নকৰিলে ‘কুৰআন’-ৰ পৰিচয় লাভ কোনোমতেই সম্ভৱ নহয়। মুহাম্মাদ (ﷺ)-ৰ জীৱন, পৰিচয়, বিশ্বস্ততা, সততা, নবুয়ত ইত্যাদি কোনো তথ্যই হাদীছৰ মাধ্যম অবিহনে জনা সম্ভৱ নহয়। তেওঁ কেনেদৰে কুৰআন লাভ কৰিলে, শিক্ষা দিলে, সংকলন কৰিলে… ইত্যাদি একোৱেই হাদীছৰ তথ্যাদি অবিহনে জনাটো সম্ভৱ নহয়।
(৩) হাদীছৰ ওপৰত নির্ভৰ নকৰিলে ‘কুৰআন’ মানাও সম্ভৱ নহয়। কুৰআন কাৰীমত ‘সকল বিষয়ৰ’ বর্ণনা আছে। কিন্তু সেই সকলোবোৰেই কেৱল-মাত্র ‘মূলনীতি’ বা ‘প্রাথমিক নির্দেশনা’ ৰূপে। কুৰআন কাৰীমৰ অধিকাংশ নির্দেশেই ‘প্রাথমিক নির্দেশ’, ব্যাখ্যা অবিহনে সেইবোৰ পালন কৰা অসম্ভৱ। ইছলামৰ সর্বোচ্চ ও সর্বশ্রেষ্ঠ কর্ম ‘ছালাত’ বা নামায। কুৰআন কাৰীমত শতাধিক স্থানত ছালাতৰ নির্দেশ দিয়া হৈছে, কিন্তু ছালাতৰ পদ্ধতি ব্যাখ্যা কৰা হোৱা নাই। বিভিন্ন স্থানত ৰুকু আৰু ছাজদা কৰাৰ নির্দেশ দিয়া হৈছে। কোৱা হৈছে ‘যেনেদৰে তোমালোকক ছালাত শিক্ষা দিয়া হৈছে তেনেদৰে ছালাত আদায় কৰা’। কিন্তু কুৰআন কাৰীমত কতো ছালাতৰ এই পদ্ধতিটো শিকোৱা হোৱা নাই। ‘ছালাত’ বা ‘নামায’ কি, কেতিয়া তাক আদায় কৰিব লাগিব, কেতিয়া কিমান ৰাক‘আত আদায় কৰিব লাগিব, প্রত্যেক ৰাক‘আত কি পদ্ধতিত আদায় কৰিব লাগিব, প্রত্যেক ৰাক‘আতত কুৰআন পাঠ কেনেদৰে কৰিব, ৰুকু কেইটা কৰিব লাগিব, ছাজদা কেইটা কৰিব লাগিব, কেনেদৰে ৰুকু আৰু ছাজদা আদায় কৰিব লাগিব…. ইত্যাদি কোনো কথাই কুৰআনত শিক্ষা দিয়া হোৱা নাই। কুৰআনৰ সর্বশ্রেষ্ঠ নির্দেশক আমি কোনোমতেই হাদীছৰ ওপৰত নির্ভৰ নকৰাকৈ আদায় কৰিব নোৱাৰোঁ। একেদৰে কুৰআন কাৰীমৰ অধিকাংশ নির্দেশেই হাদীছৰ ব্যাখ্যা অবিহনে পালন কৰা সম্ভৱ নহয়।
(৪) কুৰআন কাৰীমত কিছু নির্দেশ বাহ্যত পৰস্পৰ বিৰোধী। যেনে- ক’ৰবাত মদ, জুৱা ইত্যাদি বৈধ বুলি উল্লেখ কৰা হৈছে, ক’ৰবাত তাক অবৈধ বুলি উল্লেখ কৰা হৈছে। ক’ৰবাত কাফিৰ ও অবিশ্বাসীসকলৰ সৈতে যুদ্ধৰ নির্দেশ দিয়া হৈছে আন ক’ৰবাত সকলো প্রকাৰে বিৰোধিতা ও যুদ্ধৰ পৰা বিৰত থাকিবলৈ নির্দেশ দিয়া হৈছে। হাদীছৰ নির্দেশনা অবিহনে এইবোৰ নির্দেশৰ কোনটো আগতে, কোনটো পিছত আৰু কেনেদৰে সেইবোৰ পালন কৰিব লাগিব তাক জনা নাযায়। এইকাৰণে হাদীছ বাদ দিলে এইবোৰ আয়াতৰ ইচ্ছামতে ও মনেগঢ়া ব্যাখ্যা কৰি মানুহক বিভ্রান্ত কৰাটো খুবেই সহজ হৈ যায়।
মূলতঃ এইকাৰণেই ইহূদী, খ্ৰীষ্টান, কাদিয়ানী, বাহাঈ প্রমুখ সম্প্রদায়ে হাদীছৰ বিৰুদ্ধে নেৰানেপেৰা অপপ্রচাৰ চলায়। তেওঁলোকৰ উদ্দেশ্য মুছলিম উম্মাহক কুৰআন আৰু ইছলামৰ পৰা দূৰলৈ আঁতৰাই নিয়া। তেওঁলোকেও জানে যে, হাদীছৰ সাহায্য অবিহনে কোনোমতেই কুৰআন মানিব নোৱাৰি। কেৱল-মাত্র সৰলপ্রাণ মুছলিমক ধোকা দিয়াৰ কাৰণেই তেওঁলোকে মূলতঃ ‘কুৰআনৰ’ নাম লয়।
(৫) আমি দেখেছোঁ যে, আল্লাহে তেওঁৰ ৰাছুল (ﷺ)-ক দুটি বিষয় প্রদান কৰিছে: ‘কিতাব’ আৰু ‘হিকমাহ’ (প্রজ্ঞা)। স্বভাৱতেই কুৰআনো প্রজ্ঞা আৰু হিকমাহ। কিন্তু বাৰে বাৰে পৃথকভাৱে উল্লেখ কৰাৰ দ্বাৰা আমি জানিব পাৰোঁ যে, কুৰআনৰ অতিৰিক্ত ‘প্রজ্ঞা’ বা জ্ঞান আল্লাহে তেওঁৰ প্রিয় ৰাছুলক (ﷺ) প্রদান কৰিছিল আৰু তেওঁ কুৰআন অবিহনেও অতিৰিক্ত বহুতো শিক্ষা মানৱ জাতিক প্রদান কৰিছে এই ‘প্রজ্ঞা’ৰ পৰা। আমি জানোঁ যে, কুৰআনৰ অতিৰিক্ত যি শিক্ষা তেওঁ প্রদান কৰিছিল সেইবোৰেই ‘হাদীছ’-ৰূপে সংকলিত। ‘হাদীছ’ অবিহনে তেওঁৰ ‘প্রজ্ঞা’ জনা আৰু মানাৰ আন কোনো উপায় নাই। সেয়ে কুৰআনৰ নির্দেশ অনুসাৰেই আমি কুৰআন আৰু হাদীছৰ অনুসৰণত জীৱন পৰিচালিত কৰিব লাগিব।
(৬) কুৰআনত ৰাছুলুল্লাহ (ﷺ)-ৰ আনুগত্য কৰিব নির্দেশ দিয়া হৈছে। আনুগত্য অবিহনেও তেওঁক ‘অনুসৰণ’ কৰিব নির্দেশ দিয়া হৈছে।
قُلْ إِنْ كُنْتُمْ تُحِبُّونَ اللَّهَ فَاتَّبِعُونِي يُحْبِبْكُمْ اللَّهُ وَيَغْفِرْ لَكُمْ ذُنُوبَكُمْ
‘‘কোৱা, যদি তোমালোকে আল্লাহক ভালপোৱা, তেনেহ’লে মোক অনুসৰণ কৰা, তেনেহ’লে আল্লাহে তোমালোকক ভাল পাব আৰু তোমালোকৰ অপৰাধ ক্ষমা কৰিব।’’[1]
আমি জানোঁ যে, আনুগত্য মানে আদেশ-নিষেধ পালন কৰা। আকৌ কাৰোবাক অনুসৰণ কৰা মানে অবিকল তেওঁৰ কর্মৰ দৰে কর্ম কৰা। হাদীছৰ ওপৰত নির্ভৰ নকৰিলে কোনোমতেই ৰাছুলুল্লাহ (ﷺ)-ৰ অনুসৰণ কৰা সম্ভৱ নহয়। কুৰআন কাৰীমত আদেশ নিষেধ উল্লেখ কৰা হ’লেও কতো ৰাছুলুল্লাহ (ﷺ)-ৰ কর্ম ও জীৱনৰীতি আলোচিত হোৱা নাই। এইকাৰণে কেবল কুৰআন পঢ়ি ৰাছুলুল্লাহৰ ‘অনুসৰণ’ কৰা কোনোমতেই সম্ভৱ নহয়। সেয়ে ‘কুৰআনৰ নির্দেশ অনুসাৰে আল্লাহৰ প্রেম ও ক্ষমা লাভ কৰিব হ’লে নিশ্চয় হাদীছৰ বর্ণনা অনুসাৰে ৰাছুলুল্লাহ (ﷺ)-ৰ অনুসৰণ কৰিব লাগিব।
(৭) মহান আল্লাহ -ছুবহানাহু ওৱা তা‘আলাই- কৈছে,
لَقَدْ كَانَ لَكُمْ فِي رَسُولِ اللَّهِ أُسْوَةٌ حَسَنَةٌ
‘‘নিশ্চয় তোমালোকৰ বাবে আছে ৰাছুলুল্লাহৰ মাজত উত্তম আদৰ্শ…।’’[2]
ব্যক্তিজীৱন, পাৰিবাৰিক জীৱন, সমাজ জীৱন, ৰাষ্ট্রীয় জীৱন ইত্যাদি ক্ষেত্রত ৰাছুলুল্লাহ (ﷺ)-ৰ বাস্তৱ জীৱনৰীতি কুৰআনত উল্লেখ কৰা হোৱা নাই। ইয়াৰ পৰা আমি বুজিব পাৰোঁ যে, কুৰআনৰ নির্দেশত ৰাছুলুল্লাহ (ﷺ)-ৰ আদর্শ অনুসৰণ কৰিব হ’লে আমি নিশ্চয় হাদীছৰ ওপৰত নির্ভৰ কৰিব লাগিব।
(৮) আন ঠাইত মহান আল্লাহ-জাল্লা শ্বানুহুৱে- কৈছে:
مَا آَتَاكُمُ الرَّسُوْلُ فَخُذُوْهُ وَمَا نَهَاكُمْ عَنْهُ فَانْتَهُوْا
‘‘ৰাছুলে তোমালোকক যি দিয়ে, তাক গ্রহণ কৰা আৰু যি নিষেধ কৰে, তাৰ পৰা বিৰত থাকা।’’[3]
আমি জানোঁ যে, ৰাছুলুল্লাহ (ﷺ)-এ তেওঁৰ সুদীর্ঘ নবুওৱাতি জীৱনত তেওঁৰ ছাহাবীসকলক বহুতো শিক্ষা প্রদান কৰিছে। জীৱনৰ বিভিন্ন বিষয়ত খুঁটি-নাটি বহুতো দিকনির্দেশনা তেওঁ প্রদান কৰিছে। এইসমূহ শিক্ষা আৰু নির্দেশনাও ‘ৰাছুলে তোমালোকক যি দিছে’-ৰ অন্তর্ভুক্ত। সেয়ে ‘ৰাছুলে যি দিছে’ সকলোবোৰ গ্রহণ কৰিব হ’লে নিশ্চয় আমি কুৰআনৰ লগতে হাদীছৰ ওপৰত নির্ভৰ কৰিব লাগিব।
হাদীছ সংকলন, লিখন, বর্ণনা আৰু জালিয়াতি বিষয়ক তেওঁলোকৰ অন্যান্য আপত্তিৰ বিষয় আমি এই কিতাবৰ অন্যান্য আলোচনাৰ পৰা জানিব পাৰিম। তথাপি ইয়াত আমি বুজিব পাৰিছোঁ যে, কুৰআনৰ নির্দেশনা অনুসাৰেই আমি হাদীছৰ আলোকত জীৱন গঠন কৰিব লাগিব, হাদীছৰ আলোকত ৰাছুলুল্লাহ (ﷺ)-ৰ হুবহু অনুকৰণ কৰিব লাগিব, হাদীছৰ আলোকত ৰাছুলৰ (ﷺ) আদর্শত জীৱন গঢ়িব লাগিব আৰু হাদীছৰ ভিত্তিতেই আমি কুৰআনৰ নির্দেশনাৱলী পালন কৰিব লাগিব। আমি আৰু দেখিছোঁ যে, হাদীছ অবিহনে কোনো অৱস্থাতেই কুৰআন পালন বা ইছলামী জীৱন গঠন কৰা সম্ভৱ নহয়।
হাদীছৰ গুৰুত্বৰ বিষয়ে মুছলিম উম্মাহ মূলতঃ একমত আৰু এইকাৰণেই হাদীছৰ নামত জালিয়াতি ও মিছা প্রতিৰোধৰ সর্বোত্তম নিৰীক্ষা ও বিচাৰ পদ্ধতি অনুসৰণ কৰিছে তেওঁলোকে। তেওঁলোকৰ নিৰীক্ষা ও বিচাৰ পদ্ধতিৰ আলোচনাৰ আগতে আমি মিছাৰ পৰিচয় আৰি ওহীৰ নামত মিছাৰ বিধান আলোচনা কৰিম। মহান আল্লাহৰ ওচৰত তাওফীক প্রার্থনা কৰিছোঁ।
*ফুটনোটঃ*
[1] ছুৰা আলে-ইমৰান-৩১ আয়াত।
[2] ছুৰা আহযাব: ২১ আয়াত।
[3] ছুৰা হাশ্বৰ: ৭ আয়াত।