↘↘↘
মুল-ড. মুহাম্মাদ শফীকুল আলম
অনুবাদ- ছাজিদুল ইছলাম
(www.facebook.com/sajid2112)
মানুহ পৰস্পৰৰ উপৰত নিৰ্ভৰশীল সামাজিক জীৱ। সমাজবদ্ধ হৈ বাস কৰিলেও সামাজিক অৱস্থান সকলোৰৰ একেই ৰূপ নহয়। কোনোবাই ধনী, কোনোবাই গৰীব, কোনোবাই উচ্চ বংশৰ, কোনোবাই নীচ বংশৰ, কোনোবাই দক্ষ, কোনোবাই অদক্ষ। আকৌ একোজন এক এক বিষয়ত পাৰদৰ্শী। ফলত বিভিন্ন পেচাত(উপাৰ্জনত) সিহঁত নিয়োজিত। ইছলামে সকলো বৈধ পেচাক উৎসাহিত কৰে আৰু সকলো পেচাৰ মানুহকেই সমান সম্মান কৰে। সম্পদ, বংশ ও পেচাৰ কাৰণে মানুহৰ মৰ্যাদা নিৰূপিত নহয়। মানুহৰ শ্ৰেষ্ঠত্ব ও মৰ্যাদা নিৰূপিত হয় নৈতিকতা, নিষ্ঠা ও তাক্বওয়াৰ ভিত্তিত (কোৰআনঃ হুজুৰাত ৪৯/১৩)। কাজেই যিকোনো পেচাৰ লোক সম্মানৰ পাত্ৰ। কিয়নো সমাজ জীৱন তথা দৈনন্দিন জীৱনত আমি বিভিন্ন পেচাৰ লোকৰ মুখাপেক্ষী হওঁ। আনকি শ্ৰমিক-মজুৰ, দাস-দাসী, শিক্ষক, জেলে, তাঁতী ও ব্যৱসায়ী প্ৰত্যেকৰেই সমাজ বিনিৰ্মাণত গুৰুত্বপূৰ্ণ অৱদান আছে। কাজেই প্ৰত্যেক পেচাজীৱিৰ অধিকাৰৰ প্ৰতি আমাৰ সমান যত্নবান হোৱা আৰু সমান সম্মান প্ৰদৰ্শন কৰা উচিৎ।
প্ৰত্যেক ব্যক্তিৰ নিজস্ব দৈহিক, মানসিক ও কৌশলগত শক্তি আছে। এইবোৰ কামত বিনিয়োগ কৰাৰ নামেই শ্ৰম। শ্ৰমৰ বিনিময়ত অৰ্থ উপাৰ্জনকাৰী ব্যক্তিয়েই শ্ৰমিক। শ্ৰমৰ দ্বাৰা মানুহে তাৰ ভাগ্যৰ দুঁৱাৰ উন্মোচন কৰিবলৈ সক্ষম হয়। পৃথিৱীৰ সকলো মহৎ কামৰ পিছেই অজস্ৰ মানুহৰ শ্ৰম জড়িত। আল্লাহ তা‘আলায়ে কয়, ‘মানুহে যিমানখিনি চেষ্টা কৰিব, সিমানখিনিয়েই সি পাব’ (কোৰআনঃ নাজম ৫৩/৩৯)। ৰাছূলুল্লাহ মুহাম্মাদ (ছাল্লাহু আলাইহি ওৱাছাল্লাম)য়ে শ্ৰম দি জীৱিকাৰ্জন কৰাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি কৈছে,
مَا أَكَلَ أَحَدٌ طَعَامًا قَطُّ خَيْرًا مِنْ أَنْ يَأْكُلَ مِنْ عَمَلِ يَدَيْهِ، وَإِنَّ نَبِىَّ اللهِ دَاودَ عَلَيْهِ السَّلاَمُ كَانَ يَأْكُلُ مِنْ عَمَلِ يَدَيْهِ-
‘কাৰোৰ বাবে নিজ হাতেৰে উপাৰ্জনতকৈ উত্তম আহাৰ্য বা খাদ্য আৰু নাই। আল্লাহৰ নবী দাঊদ (আলাইহিছ ছালামে) নিজ হাতেৰে উপাৰ্জন কৰি খাইছিল’। (আল্ হাদিছঃ বুখাৰী, মিশ্বকাত হা/২৭৫৯।)
উন্নয়নৰ বাবে শ্ৰমৰ বিকল্প নাই। সেয়েই মাত্ৰ ইবাদত-বন্দেগী লৈ মচগূল নাথাকি ছালাতৰ শেষত জীৱিকাৰ্জনৰ বাবে পৃথিৱীত বাহিৰ হৈ পৰাৰ কথা আল্লাহে কৈছে (কোৰআনঃ জুম‘আহ ৬২/১০)।
কাৰোৰ অধিকাৰ প্ৰতিষ্ঠিত হয় তাৰ উপৰত অৰ্পিত দায়িত্ব আদায়ৰ পিছত। অধিকাৰ প্ৰাপক আৰু অধিকাৰদাতা উভয়ৰ সুসম্পৰ্ক ও সদিচ্ছাৰ উপৰ নিৰ্ভৰ কৰে অধিকাৰ প্ৰতিষ্ঠা। পাৰস্পৰিক চমঝোতা অবিহনে কোনোক্ৰমেই সেয়া সম্ভৱ নহয়। শ্ৰমিক নিজৰ উপৰত মালিকৰ কামৰ দায়িত্ব লৈ এনেকোৱা এক নৈতিক চুক্তিত আবদ্ধ হয় যে, এই কাম সি অৰ্থ উপাৰ্জনৰ বাবে নকৰে; বৰং ইয়াৰ লগত পৰকালৰ সফলতা জড়িত বুলি মনেপ্ৰাণে বিশ্বাস কৰে। চুক্তি পূৰ্ণ কৰাৰ ব্যাপাৰত আল্লাহ তা‘আলায়ে কয়, ‘তোমালোকে প্ৰতিশ্ৰুতি পূৰ্ণ কৰা। নিশ্চয় প্ৰতিশ্ৰুতি সম্পৰ্কে জিজ্ঞাস কৰা হব’ (কোৰআনঃ বনী ইছৰাঈল ১৭/৩৪)। শ্ৰমিকৰ দায়িত্ব চুক্তি মোতাবেক মালিকৰ প্ৰদত্ত কাম অত্যন্ত নিষ্ঠা ও বিশ্বস্ততাৰ লগত সম্পাদন কৰা। ইৰশ্বাদ হৈছে, ‘শ্ৰমিক হিচাবে সেই ব্যক্তি ভাল, যিজন শক্তিশালী, বিশ্বস্ত’ (ক্বাছাছ ২৮/২১৬)। শ্ৰমিকে দায়িত্ব গ্ৰহণৰ পিছত কামত অলসতা প্ৰদৰ্শন কৰিলে তাৰ মাৰাত্মক পৰিণতি সম্পৰ্কে আল্লাহ তা‘আলায়ে কৈছে, ‘সিহঁতৰ বাবে দুৰ্ভোগ, যিসকলে ওজনত কম দিয়ে। ওজন লোৱাৰ সময়ত পূৰ্ণমাত্ৰাত গ্ৰহণ কৰে আৰু দিয়াৰ সময়ত কম কৰি দিয়ে’ (কোৰআনঃ মুতাফফিফীন ৮৩/১-৩)। শ্ৰমিকে তাৰ উপৰত অৰ্পিত দায়িত্ব সঠিকভাবে আঞ্জাম দিব এইটো তাৰ কৰ্তব্য আৰু এই কৰ্তব্য সুচাৰুভাবে পালন কৰিলে তাৰ বাবে দ্বিগুণ পুণ্যেৰ কথা ৰাছূল মুহাম্মাদ (ছাল্লাহু আলাইহি ওৱাছাল্লাম)য়ে এনেদৰে কৈছে, ‘তিনি শ্ৰেণীৰ লোকৰ দ্বিগুণ ছওয়াব প্ৰদান কৰা হ’ব। সিহঁতৰ মাজত এক শ্ৰেণী হ’ল যিজনে নিজৰ মালিকৰ হক আদায় কৰে আৰু আল্লাহৰ হকও আদায় কৰে’। [১]
শ্ৰমিকে মাত্ৰ দায়িত্ব পালন কৰি মালিকৰ মনোৰঞ্জন কৰি চলিব আৰু তাৰ কোনো প্ৰাপ্যতা নাথাকিব এইটো হ’ব নোৱাৰে। সি যেনেকৈ নিজৰ দেহৰ তেজক পানী কৰি মালিকৰ কামৰ যোগান দিব, তেনেকৈয়েই তাৰ মালিকৰ ওচৰত অধিকাৰ প্ৰতিষ্ঠিত হ’ব। এই অধিকাৰৰ ব্যাপাৰত ইছলামৰ সুনিৰ্দিষ্ট নীতিমালা হ’ল, لاَضَرَرَ وَلاَضِرَارَ ‘কোনো ক্ষতি কৰা নচলিব, ক্ষতিগ্ৰস্তও হ’ব পৰা নাযাব’। [২]
শ্ৰমিকৰ প্ৰথম দাবী বা অধিকাৰ হ’ল তাৰ শ্ৰমৰ যথোপযুক্ত পাৰিশ্ৰমিক লাভ কৰা। ৰাছূলুল্লাহ মুহাম্মাদ (ছাল্লাহু আলাইহি ওৱাছাল্লাম)য়ে কৈছে, أَعْطُوا الْأَجِيْرَ أَجْرَهُ قَبْلَ أَنْ يَجِفَّ عَرْقُهُ، ‘শ্ৰমিকৰ শৰীৰৰ ঘাম শুকোৱাৰ আগতেই তাৰ মজুৰী দি দিয়া’।[৩] শ্ৰমজীৱি লোকসকলৰ মজুৰী লাভ কৰা তাৰ নায্য দাবী সমূহৰ মাজত অন্যতম। এই দাবী পূৰণত বিভিন্নজনে বিভিন্নভাবে নিৰ্ধাৰণৰ কথা কয় থাকে। পুঁজিবাদীসকলৰ মতে দ্ৰৱ্যমূল্য চাহিদা ও যোগানৰ অনুপাতত শ্ৰমৰ মূল্য নিৰ্ণীত কৰিব লাগিব।[৪] সমাজতান্ত্ৰিকদৰ মতে দক্ষতানুসাৰে কাম আৰু প্ৰয়োজন অনুযায়ী মজুৰী দিব লাগিব।[৫] এই সমস্ত মতবাদ অনুসৰি শ্ৰমিকৰ সঠিক মূল্যায়ন নহয়। সিহঁতৰ পূৰ্ণ অধিকাৰ আদায় কৰিবলৈ হ’লে শ্ৰমিকৰ প্ৰয়োজন অনুসৰি মজুৰী নিৰ্ধাৰণ কৰিব লাগিব।[৬] ওমৰ (ৰাঃ)ৰ প্ৰয়োজন ও দেশৰ অৱস্থাৰ প্ৰতি দৃষ্টি ৰাখি বেতন নিৰ্ধাৰণ কৰি দিছিল।[৭] বহুত সময়ত শ্ৰমিকসকলৰ দুৰ্বলতাৰ সুযোগ লৈ মালিকসকলে উপযুক্ত মজুৰী প্ৰদান নকৰি ইচ্ছামতে মজুৰী দিয়ে আৰু শ্ৰমিকসকলক প্ৰৱঞ্চিত কৰে ও ঠকায়। শ্ৰমিকসকলে নীৰবে সেয়া সহ্য কৰি থাকে। এই ধৰণৰ কাম সম্পূৰ্ণ নিষিদ্ধ। এই ব্যাপাৰত ৰাছূলুল্লাহ মুহাম্মাদ (ছাল্লাহু আলাইহি ওৱাছাল্লামে) কৈছে, ‘আল্লাহ তা‘আলায়ে কৈছে, ‘ক্বিয়ামতৰ দিনা তিনিধৰণৰ ব্যক্তিৰ বিৰুদ্ধে অভিযোগ কৰা হ’ব। তাৰ মাজত এজন হ’ল যিজনে শ্ৰমিকৰ ওচৰৰ পৰা পূৰ্ণ শ্ৰম গ্ৰহণ কৰে, অথচ তাৰ পূৰ্ণ মজুৰী প্ৰদান নকৰে’ (وَرَجُلٌ اَسْتَأْجَرَ أَجِيْرًا فَاسْتَوْفَى مِنْهُ وَلَمْ يُعْطِهِ أَجْرَهُ،) ।[৮]
শ্ৰমিকসকলৰ গুৰুত্বপূৰ্ণ অধিকাৰ কামৰ সময়ত নিৰ্ধাৰণ। পুঁজিবাদী দেশসমূহত মালিকে যিমান ইচ্ছা কাম কৰি লৈছিল। ইয়াত শ্ৰমিকসকলৰ অত্যাচাৰৰ সীমা নাথাকিছিল। এই অত্যাচাৰৰ বিৰুদ্ধে নিৰ্যাতিত শ্ৰমিকসকলে ১৯৮০ চনৰ মে মাহত চিকাগো চহৰত আট ঘণ্টা কাম কৰাৰ দাবীত ধৰ্মঘট কৰে। শেষ পৰ্যন্ত দাবীৰ মুখত সেয়া গৃহীত হয়।[৯] কিন্তু এই নিৰ্ধাৰণটোও যুক্তিসংগত নহয়। সকলোতকৈ গ্ৰহণযোগ্য মত হ’ল- শ্ৰমিকৰ ওচৰৰ পৰা তেতিয়া লৈকে কাম কৰি ল’ব পৰা যাব, যেতিয়ালৈকে সি স্বাভাবিকভাবে কাম কৰিবলৈ সক্ষম।[১০] আল্লাহ তা‘আলায়ে কয় , لاَيُكَلِّفُ اللهُ نَفْسًا إِلاَّ وُسْعَهَا ‘কাকোও আল্লাহে তাৰ সাধ্যতকৈ বেছি কামৰ দায়িত্ব নিদিয়ে’ (কোৰআনঃ বাক্বাৰাহ ২/২৮৬)।
কাম কৰি নিয়াৰ আগতে শ্ৰমিকক তাৰ কামৰ ধৰণ সম্পৰ্কে অৱগত কৰিব লাগিব। তাক এটা কামত নিয়োগ কৰি তাৰ অনুমতি অবিহনে অন্য কামত লগোৱা উচিত নহয়। আনকি তাৰ সম্মতি অবিহনে যিকোনো কামত নিয়োগ দান সমীচীন নহয়। শ্ৰমিক দি এনেকোৱা ধৰণৰ কাম কৰাতোও আদৌ সঙ্গত নহ’ব যিটো তাৰ বাবে অতি কষ্টকৰ বা সাধ্যাতীত। সৰ্বদা মনত ৰাখিব লাগিব শ্ৰমিক মালিকৰ হাতৰ ক্ৰীড়নক নহয়, বৰং সি তাৰেই সমমৰ্যাদাৰ অধিকাৰী স্বাধীন এক সত্তা।[১১]
শ্ৰমিকৰ পেচা পৰিৱৰ্তন বা কৰ্মস্থল পৰিৱৰ্তনত অধিকাৰ থাকিব। ইয়াত কাৰোও হস্তক্ষেপ অৰ্থই তাৰ স্বাধীন সত্তাত বাধা দানৰ চামিল। সমাজতান্ত্ৰিক ব্যৱস্থাত মানুহৰ ব্যক্তিত্বক এনেকৈ ক্ষুণ্ণ কৰা হৈছে যে, শ্ৰমিকক তাৰ এই মানৱিক স্বাধীনতাৰ পৰা বঞ্চিত কৰা হৈছে। এই ব্যৱস্থাত শ্ৰমিকে ইচ্ছামতে কাম নিৰ্বাচন কৰি ল’ব বা এক স্থানৰ পৰা অন্য স্থানত গমন কৰিব নোৱাৰে। ১৯৪০ চনৰ ২৬ জুন তাৰিখত ষ্টালিনৰ আমলত শ্ৰমিকসকলৰ স্থানান্তৰৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছিল।[১২]
শ্ৰমিকসকলৰ আৰু এটা প্ৰণিধানযোগ্য অধিকাৰ হ’ল লভ্যাংশৰ ভিত্তিত অংশীদাৰিত্ব লাভ কৰা। মই দেখিবলৈ পাওঁ শ্ৰমিকশ্ৰেণী উৎপাদনত সক্ৰিয় ভূমিকা পালন কৰিলেও মুনাফা লুটি লয় মালিক শ্ৰেণীয়ে। ৰাছূলুল্লাহ মুহাম্মাদ (ছাল্লাহু আলাইহি ওৱাছাল্লাম)য়ে এই অমানৱিক ব্যৱস্থাৰ মূলত কুঠাৰাগাত হানি ঘোষণা কৰিছে, ‘শ্ৰমিকসকলক সিহঁতৰ শ্ৰমাৰ্জিত সম্পদৰ পৰাও অংশ দিয়া। কাৰণ আল্লাহৰ মজুৰক বঞ্চিত কৰিব পৰা নাযায়’। [১৩]
সমাজৰ সদস্য হিচাবে অন্যসকলো মানুহৰ ন্যায় শ্ৰমিকসকলৰোও মৌলিক অধিকাৰ আছে শিক্ষা, স্বাস্থ্য, চিকিৎসা ও বাসস্থানৰ ক্ষেত্ৰত। এই অধিকাৰৰ নিশ্চয়তা বিধান কৰা মালিকসকলৰ একান্ত কৰ্তব্য। শ্ৰমিকসকলৰ স্বাস্থ্যৰ অৱনতি ঘটিব এনেকোৱা ধৰণৰ কাম সিহঁতৰ ওচৰৰ পৰা গ্ৰহণ কৰা অনুচিত। এই সম্পৰ্কে প্ৰখ্যাত ইছলামী চিন্তাবিদ ইবনে হাযম (ৰহঃ)য়ে কয়, ‘মালিকৰ বাবে উচিৎ শ্ৰমিকৰ ওচৰৰ পৰা সিমানখিনি কাম লোৱা, যিমানখিনি সি সামৰ্থ্য অনুযায়ী অনায়াসে সুষ্ঠুভাবে কৰিব পাৰে। এনেকোৱা কোনো কাম কৰিবলৈ তাক বাধ্য কৰিব পৰা নাযাব, যাৰ ফলত তাৰ স্বাস্থ্যহানি ঘটে অথবা তাৰ ক্ষতি হয়। [১৪]
শ্ৰমিকসকলক সুদক্ষ কৰি গড়ি তোলাৰ বাবে প্ৰয়োজনীয় শিক্ষা ও প্ৰশিক্ষণৰ ব্যৱস্থা কৰা মালিক পক্ষৰ কৰ্তব্য। অনুৰূপভাবে সমাজৰ অন্যান্য লোকৰ সন্তানৰ নিচিনাকৈ সিহঁতৰ সন্তানসকলেও যাতে উপযুক্ত শিক্ষা লাভ কৰি জীৱনত প্ৰতিষ্ঠা লাভ কৰিব পাৰে সেই সুযোগ কৰি দিয়াও কৰ্তব্য।
শ্ৰমিক শ্ৰেণীৰ লোকসকল সাধাৰণতঃ দাৰিদ্ৰ্যসীমাৰ একেবাৰেই নীচত বসবাস কৰে। সেয়েই সিহঁতৰ অধিকাংশৰ মাথা গুজাৰ ঠাঁই পৰ্যন্ত থাকে না। যদিও কিছু লোকৰ বাসস্থান থাকে, কিন্তু সিহঁতৰ কামৰ তাকীদত নিজৰ ঠাই এৰি অন্যত্ৰ পাড়ি জমাতে হয়। ফলত সিহঁত হয় উদ্বাস্ত্ত। সিহঁত যেনিবা নিদ্ৰা ও বিশ্ৰামসহ সুস্থৰপৰা মনযোগৰ সৈতে কাম কৰিব পাৰে, সেই ব্যৱস্থা কৰাৰ দায়িত্ব মালিকৰ উপৰতেই বৰ্তায়। মালিকৰ পক্ষৰ পৰা এইটো এক ধৰণৰ অনুগ্ৰহ ভাবিলেও প্ৰকৃতপক্ষত এইটো সিহঁতৰ প্ৰাপ্য অধিকাৰ। ওমৰ (ৰাঃ)ৰ চৰকাৰী কৰ্মচাৰীসকলক নিৰ্দেশ দিব গৈ কৈছিল, ‘সকলোতকৈ ভাল আৰু সৎ শাসনকৰ্তা সেইজন- যাৰ অধীনত সাধাৰণ মানুহ স্বাচ্ছন্দ্য ও নিৰাপত্তাৰ লগত থাকে। আৰু সকলোতকৈ বেয়া শাসনকৰ্তা সেইজন, যাৰ প্ৰজা-সাধাৰণ অভাৱ ও অশান্তিত দিন যাপন কৰে। [১৫]
মিল-কাৰখানা বা অন্য কোনো প্ৰতিষ্ঠানত কাম কৰিলে তাত মুনাফা হোৱাৰ লগে লগেই লোকচানৰ সম্ভাৱনা থাকে। বহুত সময়ত যন্ত্ৰপাতি, কেঁচামাল বা মালিকৰ সম্পদৰ ক্ষতি সাধিত হ’ত পাৰে। ইয়াত অৰ্থপিপাসু ও আত্মসৰ্বস্ব মালিকসকল জঘন্য লালসাৰ বশৱৰ্তী হৈ শ্ৰমিকসকলৰ কাম বেয়াৰ অভিযোগ আনি ক্ষতিপূৰণৰ নামত শোষণ কৰিবলৈ তৎপৰ হৈ উঠে। এটা যথাৰীতি শ্ৰমিকৰ অধিকাৰ হৰণ। সিহঁতৰ শ্ৰমৰ যিমানকিঞ্চিত অৱমূল্যায়ন কৰা যাতে নহয় সেইদিশত মালিকসকলে সজাগ দৃষ্টি ৰাখিব লাগিব। ইমাম ইবনে হাযম (ৰহঃ)য়ে কয়, ‘যাক নিৰ্দিষ্ট সময়ৰ বাবে শ্ৰমিক হিচাবে ৰখা হৈছে, তাৰ হাতত যদি ক্ষতি বা কোনো কিছু নষ্ট হৈ যায়, তেতিয়াহ’লে ক্ষতি পূৰণৰ দায়িত্ব শ্ৰমিকৰ উপৰত নবৰ্তায়। হয়, সি যদি ক্ষতি কৰাৰ ইচ্ছা লৈ সেয়া কৰে তেতিয়া অন্য কথা। আৰু এই ব্যাপাৰত কোনো সাক্ষী নাথাকিলে মজুৰৰ কথাই গ্ৰহণযোগ্য হব কচম সহ’। [১৬]
কোনো কোনো মালিক কৃত্ৰিম ঘাটতি সৃষ্টি কৰি শ্ৰমিকৰ পাৰিশ্ৰমিক কমাই দিয়াৰ অপপ্ৰয়াস চলায়। এইটো একেবাৰে অমানৱিক কাম। শ্ৰমিকক নিৰ্দিষ্ট মজুৰীৰ বিনিময়ত নিয়োগ কৰাৰ পিছত, উৎপাদন ঘাটতি হ’লেও সিহঁতৰ মতামত ব্যতীত সামান্যতম পাৰিশ্ৰমিক কম কৰিব পৰা নাযাব। ঘাটতিৰ লোকচান মালিককেই বহন কৰিব লাগিব। [১৭]
শ্ৰমিকসকলৰ চাকুৰীৰ নিৰাপত্তা বিধান কৰা সিহঁতৰ অন্যতম অধিকাৰ হিচাবে গণ্য। মালিকসকলে ইচ্ছামতে শ্ৰমিকক চাকুৰীচ্যুত কৰিব কিংবা কথাই কথাই চাকুৰী এৰাৰ নোটিচ দিব এইটো মানৱতা বিৰোধী। সেয়েই শ্ৰমিকসকলৰ যাতে নিশ্চিন্ত মনে চাকুৰী কৰিব পাৰে এই ব্যাপাৰত নিয়োগকাৰী সংস্থা অভয়বাণী প্ৰদান কৰিব। অন্যপক্ষত শ্ৰমিকসকলে অসুবিধাৰ কাৰণে চাকুৰী এৰিব বিচাৰিলে সেই সুযোগ সিহঁতক দিব লাগিব। এনেকৈয়েই নিয়োগকাৰী সংস্থাৰ মাৰাত্মক অসুবিধা দেখা দিলে সি শ্ৰমিকৰ লগত কৃতচুক্তি বাতিল কৰিব পাৰে। এই সকলো পৰিস্থিতিত সকলোকিছু ন্যায়নীতিৰ ভিত্তিত হৈছে নে নাই সেই দিশত অতন্দ্ৰ প্ৰহৰীৰ ন্যায় সতৰ্ক দৃষ্টি ৰাখিব মালিকসকলে, যাতে কোনো ৰকমৰ বিপৰ্যয় সৃষ্টি নহয়। [১৮]
মানুহৰ জীৱনৰ চাহিদাৰ অন্ত নাই। চাহিদা বহুল জীৱনৰ প্ৰয়োজন পূৰণৰ বাবে অৰ্থৰ প্ৰয়োজন। শ্ৰমিকসকলৰ অৰ্থ-উপাৰ্জনৰ একমাত্ৰ পথ শ্ৰমৰ বিনিময় গ্ৰহণ। মালিকসকলে শ্ৰমিকসকলক যি অৰ্থ প্ৰদান কৰি থাকে, ইয়াত যদি সিহঁতৰ নিত্য প্ৰয়োজনীয় চাহিদা পূৰণ নহয়, তেতিয়াহ’লে সি স্বীয় প্ৰয়োজন পূৰণাৰ্থে মালিকৰ ওচৰত দাবী-দিয়া পেছ কৰাৰ অধিকাৰ ৰাখে। সিহঁতৰ যথোপযুক্ত দাবী পূৰণৰ কথা উল্লেখ কৰি মহানবী (ছাল্লাহু আলাইহি ওৱাছাল্লাম)য়ে কয়, ‘শ্ৰমিকসকলক যথাৰীতি খাদ্য ও পোষাক দিব লাগিব’। [১৯]
বৃদ্ধ বা অসুস্থকালীন ভাতা ও সামাজিক নিৰাপত্তা লাভ শ্ৰমিকসকলৰ সকলোতকৈ ডাঙৰ প্ৰাণৰ দাবী। শ্ৰমেই শ্ৰমিকসকলৰ একমাত্ৰ পুঁজি। শ্ৰমিক বৃদ্ধ বা অসুস্থ হৈ পৰিলে তাৰ জীৱিকা নিৰ্বাহৰ কোনো পথেই নাথাকে, যিয়ে দি সি অন্ন সংস্থানৰ ব্যৱস্থা কৰিব। সি তেতিয়া একেবাৰে অসহায় দিশাহাৰা হৈ পৰে। খাদ্যৰ বাবে সি তাৰ যৌৱনৰ উষ্ণ ৰক্ত ও শক্তি-সামৰ্থ্য ব্যয় কৰে আজি সি নিঃস্ব ও ৰিক্ত অথচ মালিকসকল ভুলেও তাৰ কৰুণ দৈন্যদশাৰ দিশত ঘূৰি নাচায়। সেয়েই বৃদ্ধ, পঙ্গু, অসুস্থ, অসহায় ও দুৰ্বল লোকসকলৰ ভৰণ-পোষণৰ দায়িত্ব মালিক তথা চৰকাৰৰ। চৰকাৰ ৰাষ্ট্ৰীয় কোষাগাৰৰ পৰা সিহঁতৰ সমস্ত প্ৰয়োজন পূৰণ কৰিব, প্ৰয়োজন অনুপাতে ভাতা নিৰ্ধাৰণ আৰু সিহঁতৰ সামাজিক নিৰাপত্তা বিধান কৰিব। ৰাছূলুল্লাহ (ছাল্লাহু আলাইহি ওৱাছাল্লামে) কয়,
أَنَا أَوْلَى بِالْمُؤْمِنِيْنَ مِنْ أَنْفُسِهِمْ، فَمَنْ مَاتَ وَعَلَيْهِ دَيْنٌ وَلَمْ يَتْرُكْ وَفَاءً: فَعَلَىَّ قَضَؤُهُ وَمَنْ تَرَكَ مَالاً فَلِوَرثَتِهِ-
‘মই মুমিনৰ অভিভাৱক। সিহঁতৰ মাজৰ পৰা কোনোবাই মৃত্যুবৰণ কৰিলে আৰু তাৰ উপৰত কৰ্য (দেনা) থাকিলে আৰু সেয়া পৰিশোধৰ কোনো ব্যৱস্থা নাথাকে তেতিয়া সেয়া পৰিশোধৰ দায়-দায়িত্ব মোৰ উপৰত। আৰু যদি সি সম্পদ ৰাখি যায়, তেতিয়া তাৰ অংশীদাৰসকলে এই সম্পদৰ অধিকাৰী হব’। [২০]
(জাজাকাল্লাহু খাইৰা- আল্লাহে আপোনাক উত্তম প্ৰতিদান দান কৰক)
টীকা
১. বুখাৰী ও মুছলিম; মিশ্বকাত হা/১১।
২. ছহীহ ইবনু মাজাহ হা/১৮৯৬।
৩. ইবনু মাজাহ, মিশ্বকাত হা/২৯৮৭, হাদীছ ছহীহ, ‘ক্ৰয়-বিক্ৰয়’ অধ্যায়।
৪. ফৰীদ উদ্দীন মাছউদ, ইছলামত শ্ৰমিকৰ অধিকাৰ (ঢাকা : ইছলামিক ফাউন্ডেশন বাংলাদেশ, ১৯৮৬), পৃঃ ১০৯।
৫. ঐ।
৬. ঐ, পৃঃ ১১১।
৭. মাওলানা হিফজুৰ ৰহমান, ইছলামৰ অৰ্থনৈতিক ব্যৱস্থা, অনু: মাওলানা আবদুল আউয়াল (ঢাকা : ইছলামিক ফাউন্ডেচন বাংলাদেশ, তৃতীয় প্ৰকাশ, ২০০০ খৃঃ), পৃঃ ৭৮।
৮. বুখাৰী; মিশ্বকাত হা/২৯৮৪।
৯. ইছলামত শ্ৰমিকৰ অধিকাৰ, পৃঃ ১১৩।
১০. ঐ।
১১. ইছলামত শ্ৰমিকৰ অধিকাৰ, পৃঃ ১১৪।
১২. ঐ, পৃঃ ১১৫।
১৩. ঐ, পৃঃ ১১৬।
১৪. ঐ।
১৫. ইছলামত শ্ৰমিকৰ অধিকাৰ, পৃঃ ১১৭-১১৮।
১৬. ঐ।
১৭. ঐ।
১৮. ঐ।
১৯. মুছলিম, মিশ্বকাত হা/৩৩৪৪।
২০. বুখাৰী ও মুছলিম; মিশ্বকাত হা/৩০৪৪।