ইছলামত জন্মদিন পালন কৰা জায়েজ আছে নে নাই ?

প্রশ্নঃ ইছলামত জন্মদিন পালন কৰা জায়েজ আছে নে নাই? যদি আছে তেনেহ’লে কেনেদৰে পালন কৰিব লাগিব চৰিয়তৰ দলীলসহ বিষয়টো জনালে উপকৃত হম।—————————————————————————-

 ﺑﺴﻢ ﺍﻟﻠﻪ ﺍﻟﺮﺣﻤﻦ ﺍﻟﺮﺣﻴﻢ

উত্তৰঃ– বর্তমান জন্মদিন পালন বুলিলে বুজায় মাহৰ যি তাৰিখটোত কোনো ব্যক্তি জন্মগ্রহণ কৰিছিল বছৰ ঘূৰি সেই তাৰিখটো আকৌ উভতি আহিলে সেইটোৱেই তেওঁৰ জন্মৰ দিন তথা জন্মদিন। সেইদিনা আত্মীয়-স্বজন বন্ধু-বান্ধৱক লৈ আনন্দ উল্লাস কৰা হয়, আয়োজন কৰা হয় বিশেষ অনুষ্ঠান বা উৎসৱৰ। ইয়াত আমন্ত্রিত আলহী অতিথিসকলক আপ্যায়ন কৰা হয়। আলহীসকলে তেওঁক জন্মদিনেৰ শুভকামনা জনায় আৰু তেওঁৰ ভৱিষ্যত জীৱন যেন আৰু সুন্দৰ আৰু বর্ণিল হয় এই দোৱা কৰে। লগতে তেওঁৰ বাবে উপহাৰ সামগ্রীও দি থাকে। মুঠ কথা জন্মদিন উপলক্ষে অনুষ্ঠান পালন আৰু আনন্দ-উৎসৱ উৎযাপন কৰাকেই জন্মদিন বুলি আখ্যায়িত কৰা হয়। ইছলামত জন্মদিন বা জন্মদিন পালন বুলিবলৈ একো নাই। বছৰৰ যি দিনত কোনোবাই জন্ম গ্রহণ কৰে, সেই দিনক তেওঁৰ বাবে বিশেষ কোনো দিন বুলি ভৱা বা এই উপলক্ষ্যে আনন্দ-স্ফুর্তি কৰা অথবা কোনো আমল কৰাৰ বিষয়ে কুৰআন-ছূন্নাহত একো ভিত্তি পোৱা নাযায়। খাইৰুল কুৰূনতো (চাহাবা আৰু তাবেঈন ৰাযি. সকলৰ স্বর্ণযুগ) জন্মদিন পালন কৰাৰ কোনো অস্তিত্ব নাই। যদি জন্মদিন বুলিবলৈ ইছলামত কিবা থাকিলেহেঁতেন তেনেহ’লে হাদীছ আৰু ইতিহাসৰ কিতাপবোৰতো চাহাবা আৰু তাবেঈন ৰাযি. সকলৰ জন্মদিন পালনৰ কিবা নহয় কিবা ঘটনা থাকিলহেঁতেন। অথচ তেওঁলোকৰ জন্মদিন পালনৰ কোনো প্রমাণ কোনো সূত্রেই পোৱা নাযায়। আনকি জন্মদিনৰ বিশেষ কোনো গুৰুত্বই তেওঁলোকৰ ওচৰত নাছিল। চাহাবা আৰু তাবেঈন ৰাযি. সকলৰ জীৱনৰ ফালে লক্ষ্য কৰিলে স্পষ্ট হয় যে, তেওঁলোকে কোন চনত জন্মগ্রহণ কৰিছে সেয়া কাৰোবাৰ ক্ষেত্ৰত জনা গ’লেও কোন মাহৰ কোন তাৰিখে জন্মগ্ৰহণ কৰিছে সেইটো জনা অত্যন্তই দুষ্কৰ। আনকি আমাৰ প্রিয়নবী চাল্লাল্লাহু আলাইহি ৱাছাল্লাম ৰবিউল আওৱাল মাহৰ কিমান তাৰিখে জন্মগ্রহণ কৰিছে সেইটোৱেই নিশ্চিতভাৱে জনা নাযায়। ফলত চিৰাত প্রণেতাসকলৰ মাজতো মতভেদ পৰিলক্ষিত হয়। আমাৰ মাজত অতি প্রসিদ্ধ বাৰ ৰবিউল আউৱাল তাৰিখো সর্বসন্মত মত নহয়। ইছলামত জন্মদিন পালনে গুৰুত্ব বহন কৰিলে কমপক্ষে সেই সময়ৰ চাহাবাসকলৰ যিবোৰ সন্তান সন্ততি জন্মগ্রহণ কৰিছিল¸ তেওঁলোকৰ জন্ম তাৰিখ সংৰক্ষিত থাকিলহেঁতেন। তেওঁলোকে জন্মদিন পালন কৰিলেহেঁতেন। অথচ জন্মদিন পালন কৰাতো দূৰৰ কথা তেওঁলোকৰ জন্ম তাৰিখেই সংৰক্ষণ কৰা হোৱা নাই। ইয়াৰ দ্বাৰা এই কথা প্রমাণিত হয় যে জন্মদিন বুলিবলৈ বর্তমানে যি বুজায় ইছলামত ইয়াৰ কোনো অস্তিত্বই নাছিল।

         আহঁক এইবাৰ চাওঁ জন্মদিন পালনৰ বিষয়টো কেনেকৈ আৰু কাৰ পৰা আহিছে। আমাৰ দেশত যেনেকৈ কেক কাটি জন্মদিন পালন কৰা হয়, ইয়াৰ উৎপত্তি আমাৰ দেশত নহয়, পশ্চিমীয়া দেশবোৰতহে। ধাৰণা কৰা হয়, যিশুখ্ৰীষ্টৰ জন্মৰ বহু পূর্বৰ পৰাই জন্মদিন উৎসৱ হিচাপে পালন কৰা হৈছিল। পাগান সংস্কৃতিৰ লোকসকলে অদৃশ্য আত্মাক ভয় কৰিছিল-বিশেষকৈ জন্ম দিনত। তেওঁলোকৰ প্রায় সকলোৰেই বিশ্বাস আছিল যে, এই অদৃশ্য আত্মাবোৰ আৰু বেছি ভয়ঙ্কৰ হৈ উঠে যেতিয়া কোনো ব্যক্তিৰ তেওঁলোকৰ দৈনন্দিন জীৱনত কোনো পৰিৱর্তন আহে। যেনে, বছৰত বয়স বঢ়া। গতিকে সেই সময়ত ধর্মীয় অনুষ্ঠান হিচাপে পৰিবাৰ আৰু বন্ধু-বান্ধৱসকলক লৈ উৎযাপন কৰিছিল, যিসকলে হাঁহি-স্ফুৰ্তি কৰে সেইসকলে এই ব্যক্তিৰ চাৰিওঁফালে ঘেৰি ৰাখিছিল যাতে দুষ্ট আত্নাই তেওঁৰ কোনো ক্ষতি কৰিব নোৱাৰে। উপহাৰৰ পৰিৱর্তে, অহা বাৰৰ জন্মদিনটো যেন শুভ আৰু মঙ্গলময় হয় সকলোৱে সেইবোৰেই কামনা কৰিছিল। জন্মদিন সম্পর্কে আৰু যিমানদূৰ জনা যায় ইয়াৰ সূচনা কোনো মুছলিমৰ পৰা হোৱা নাই। বৰঞ্চ এয়া আৰম্ভ হৈছে ফিৰাউনৰ পৰা। বাইবেলৰ বুক অব জেনেছিচত আহিছে, “ তৃতীয় দিনটো আছিল ফিৰাউনৰ জন্ম দিন। ফিৰাউনে তেওঁৰ দাসসকলৰ বাবে ভোজৰ আয়োজন কৰিলে। সেই সময়ত ফিৰাউনে ৰুটিৱালা আৰু দ্রাক্ষাৰস পৰিৱেশককো কাৰাগাৰৰ পৰা মুক্তি দিলে”। (আদি পুস্তক,৪০:২০)। আনুমানিক খ্ৰীষ্টপূর্ব তিনি হাজাৰ পঞ্চাশৰ পৰা চাৰি হাজাৰ বছৰ পূর্বৰ এই ঘটনা উল্লেখ কৰা হৈছে।

ইহুদী ধর্মত জন্মদিনঃ ইহুদী ধর্মত মানুহক উৎসাহিত কৰা হৈছে বন্ধু-বান্ধৱ আত্মীয়-স্বজনসকলক জমা কৰি ধর্মীয়ভাৱে আনন্দ উদযাপনৰ লগতে জন্মদিন পালনৰ বাবে। ইহুদী সকলৰ অনেক ৰাবায়ি (আলেম) ভাৱে কোনো ব্যক্তিৰ বাবে তেওঁৰ জন্মদিনটো সেই ব্যক্তিৰ বাবে দোৱা কবুল হোৱৰ এটি বিশেষ দিন। আধুনিক জন্মদিনত ধর্মনিৰপেক্ষ বহু বিষয় থাকিলেও এইটো ধর্মীয় আচাৰৰেই সাৰ নির্যাস।

হিন্দু ধর্মত জন্মদিনঃ হিন্দু ধর্মৰ শাস্ত্রীয় বিৱৰণ আৰু জ্যোতিষ গণনাৰ ভিত্তিত লোক বিশ্বাস অনুযায়ী শ্রীকৃষ্ণৰ জন্ম হৈছিল ৩২২৮ খ্রীষ্টপূর্বাব্দৰ ১৮ অথবা ২১ জুলাই। এই দিনটো জন্মাষ্টমী নামে পৰিচিত। হিন্দু পঞ্জিকা মতে, সৌৰ ভাদ্র মাহৰ কৃষ্ণপক্ষৰ অষ্টমী তিথিত যেতিয়া ৰোহিণী নক্ষত্রৰ প্রাধান্য হয়, তেতিয়া জন্মাষ্টমী পালিত হয়। উৎসৱটো গ্রেগৰিয়ান কেলেণ্ডাৰ অনুসৰি, প্রতি বছৰ মধ্য-আগষ্টৰ পৰা মধ্য-ছেপ্টেম্বৰৰ ভিতৰত কোনো এক সময়ত পৰে। ভাদ আৰু মাঘ মাহৰ শুক্লা চতুর্থীক গণেশ চতুর্থী বোলা হয়। গণেশ চতুর্থী বা গণেশোৎসৱ যি হিন্দু দেৱতা গণেশৰ বাৎসৰিক পূজা-উৎসৱ। হিন্দু বিশ্বাসত এই দিনটো গণেশৰ জন্মদিন। হিন্দু ধর্মত দ্বাদশ অথবা ত্রয়োদশ বছৰত জন্মদিন পালিত হয় ‘পৈত পৰিধান উৎসব’ হিচাপে। বয়স পূর্তিত শিশু এটি ডাঙৰ সূতাৰ কুণ্ডলী কান্ধৰ এটা পার্শ্বত ওলোমাই ৰাখি পৰিধান কৰে। ইয়াৰ বাহিৰেও¸ এই উৎসৱটো উপনয়ণ নামেৰেও স্বীকৃত। হিন্দুসকলৰ বর্ণপ্রথাত উচ্চতৰ বর্ণ হিচাপে ব্রাহ্মণ পৰিবাৰৰ সংস্কৃতিত এই উৎসৱটো মূলতঃ বালকৰ ক্ষেত্রত প্রযোজ্য।

বৌদ্ধ ধর্মত জন্মদিনঃ আমি সকলোৱে বুদ্ধ পূর্ণিমাৰ কথা জানো। বুদ্ধ পূর্ণিমা বা বৈশাখী পূর্ণিমা হল বৌদ্ধ ধর্মাৱলম্বীসকলৰ পৱিত্রতম উৎসৱ। এই পুণ্যোৎসৱ বহাগ মাহৰ পূর্ণিমা তিথিতে উদযাপিত হয়। বৌদ্ধধর্ম মতে এই পৱিত্র তিথিতে বুদ্ধই জন্মগ্রহণ কৰিছিল, বোধি বা সিদ্ধিলাভ কৰিছিল আৰু মহাপৰিনির্বাণ লাভ কৰিছিল। এই দিনতে বৌদ্ধ ধর্মাৱলম্বীসকলে স্নান কৰি, শুচিবস্ত্র পৰিধান কৰি মন্দিৰত বুদ্ধৰ বন্দনাত ৰত থাকে। ভক্তসকলে প্রতিটো মন্দিৰত বহু প্রদীপ প্রজ্জ্বলিত কৰে, ফুলৰ মালাৰে মন্দিৰগৃহ সুশোভিত কৰে আৰু বুদ্ধৰ আৰাধনাত নিমগ্ন হয়। তাৰোপৰি বুদ্ধসকলে এই দিনত বুদ্ধ পূজাৰ লগে লগে পঞ্চশীল, অষ্টশীল, সূত্রপাঠ, সূত্রশ্রৱণ, সমবেদ প্রার্থনাও কৰি থাকে।

খ্ৰীষ্টান ধর্মত জন্মদিনঃ খ্ৰীষ্টমাছ খ্রীষ্টান সম্প্রদায়ৰ প্রধান ধর্মীয় উৎসৱ। প্রতিবছৰ ২৫ ডিচেম্বৰত ৰোমান ক্যাথলিক আৰু প্রটেষ্টান্ট চার্চৰ অনুসাৰীসকলে যিশুখ্রীষ্টৰ জন্মদিন উপলক্ষে এই উৎসৱ পালন কৰে। খ্ৰীষ্টীয় ২০০ চনৰ পৰা এই উৎসৱ পালন আৰম্ভ হয়। ৩৫৪ চনত এই দিনটোক যিশুৰ জন্মদিৱস হিচাপে ঘোষণা কৰা হয় আৰু এই ঘোষণা ৪৪০ চনত পোপে স্বীকাৰ কৰে। মূলত পৌত্তলিক ৰোমান সকলৰ উৎসৱৰ বিপৰীতে খ্ৰীষ্টমাছ পালন আৰম্ভ হয়। মূলকথা বুলিবলৈ জন্মদিনৰ ব্যাপক প্রচলন খ্ৰীষ্টানসকলৰ মাধ্যমতেই বিয়পিছে। এতিয়া দেখা যায় যে, জন্মদিন পালন কেৱল বিধর্মীসকলৰ সংস্কৃতিয়েই নহয় বৰঞ্চ ধর্মীয়ভাৱেও ইয়াৰ বিশেষ গুৰুত্ব আছে। ইছলামত যিহেতু জন্মদিনৰ কোনো ভিত্তি পোৱা নাযায় আৰু পক্ষান্তৰত এইটো বিধর্মীসকলৰ সংস্কৃতি আৰু ধর্মীয় আচাৰ হোৱাত এই উৎসৱ পালন কৰা সম্পূর্ণৰূপে হাৰাম আৰু নাজায়েজ। হাদীছত আহিছে,

 “ ﻋﻦ ﺍﺑﻦ ﻋﻤﺮ ﻗﺎﻝ ﻗﺎﻝ ﺭﺳﻮﻝ ﺍﻟﻠﻪ ﺻﻠﻰ ﺍﻟﻠﻪ ﻋﻠﻴﻪ ﻭ ﺳﻠﻢ ” ﻣﻦ ﺗﺸﺒﻪ ﺑﻘﻮﻡ ﻓﻬﻮ ﻣﻨﻬﻢ

ইবনে উমাৰ (ৰাযি.)ৰ পৰা বর্ণিত ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে, যি ব্যক্তিয়ে যি সম্প্রদায়ৰ সাদৃশ্যতা অৱলম্বন কৰিব, তেওঁ সেই দলৰেই অন্তৰ্ভূক্ত। (ছূনানে আবূ দাঊদঃ ৪০৩১)।

এইখিনিতে এটি বিষয় লক্ষণীয় যে, মানুহে অইনৰ অনুকৰণ কৰি থাকে তেওঁৰ প্রতি থকা শ্রদ্ধাবোধ আৰু ভালপোৱাৰ কাৰণে। জন্মদিন পালন কৰা যদি ইহুদী আৰু খ্ৰীষ্টানসকলৰ কৃষ্টি কলাৰ প্রতি শ্রদ্ধাবোধ বা ভালপোৱাৰ পৰা হয় তেনেহ’লে সেইটো কেৱল হাৰামৰ মাজতেই সীমাৱদ্ধ নাথাকিব বৰঞ্চ কুফৰিলৈকে পৌঁছাই দিব। (ইমদাদুল আহকাম)।

অন্য কোনো পন্থাৰে জন্মদিন পালনঃ– জন্মদিন পালনৰ মূল বিষয়টো যিহেতু বিধর্মীসকলৰ পৰা আহিছে গতিকে কব পৰা যায় যে ইয়াৰ মূল বস্তুটোৱেই ইছলামত প্রত্যাখ্যাত। সেয়া যি কোনো পদ্ধতিতেই নহওঁক কিয়। আল্লাহ তা’আলাই কৈছে,

 {ﺍﺗَّﺒِﻌُﻮﺍ ﻣَﺎ ﺃُﻧْﺰِﻝَ ﺇِﻟَﻴْﻜُﻢْ ﻣِﻦْ ﺭَﺑِّﻜُﻢْ ﻭَﻟَﺎ ﺗَﺘَّﺒِﻌُﻮﺍ ﻣِﻦْ ﺩُﻭﻧِﻪِ ﺃَﻭْﻟِﻴَﺎﺀَ ﻗَﻠِﻴﻠًﺎ ﻣَﺎ ﺗَﺬَﻛَّﺮُﻭﻥَ { ] ﺍﻷﻋﺮﺍﻑ 3 : ]

তোমালোকে তোমালোকৰ প্রতিপালকৰ ফালৰ পৰা যি অৱতীর্ণ কৰা হৈছে তাৰ অনুসৰণ কৰা। তাক বাদ দি অন্য আউলিয়াৰ অনুসৰণ নকৰিবা। তোমালোকে খুব কমেই উপদেশ গ্রহণ কৰা। (ছূৰা আ’ৰাফঃ৩)।

 {ﺛُﻢَّ ﺟَﻌَﻠْﻨَﺎﻙَ ﻋَﻠَﻰ ﺷَﺮِﻳﻌَﺔٍ ﻣِﻦَ ﺍﻟْﺄَﻣْﺮِ ﻓَﺎﺗَّﺒِﻌْﻬَﺎ ﻭَﻟَﺎ ﺗَﺘَّﺒِﻊْ ﺃَﻫْﻮَﺍﺀَ ﺍﻟَّﺬِﻳﻦَ ﻟَﺎ ﻳَﻌْﻠَﻤُﻮﻥ} [ ﺍﻟﺠﺎﺛﻴﺔ 18 : ]

ইয়াৰ পিছত আমি আপোনাক প্রতিষ্ঠিত কৰিছোঁ দ্বীনৰ বিশেষ বিধানৰ ওপৰত। গতিকে আপুনি ইয়াৰ অনুসৰণ কৰক, মূর্খসকলৰ খেয়াল-খুছীৰ অনুসৰণ নকৰিব। (ছূৰা যাছিয়াহঃ ১৮)।

এতিয়া কোনোবাই যদি কয় যে মই জন্মদিন উপলক্ষে শুকৰিয়া বা কৃতজ্ঞতা স্বৰূপ অলপ আমল কৰিম তেনেহ’লে এই ক্ষেত্ৰত কথা হ’ল, ইছলামত যি বিষয়টো নাই সেয়া ইছলামৰ অন্তর্ভুক্ত কৰা বিদ‘আত। যিবোৰ প্রত্যাখ্যাত। হাদীছত আহিছে¸

 – ﻗﺎﻝ ﺭﺳﻮﻝ ﺍﻟﻠﻪ ﺻﻠﻰ ﺍﻟﻠﻪ ﻋﻠﻴﻪ ﻭ ﺳﻠﻢ ﻣﻦ ﺃﺣﺪﺙ ﻓﻲ ﺃﻣﺮﻧﺎ ﻫﺬﺍ ﻣﺎ ﻟﻴﺲ ﻓﻴﻪ ﻓﻬﻮ ﺭﺩ

আয়িশা (ৰাযি.)ৰ পৰা বর্ণিত ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে, কোনোবাই আমাৰ এই চৰিয়তত সংগত নোহোৱা এনেকুৱা কিছুমান বস্তুৰ অনুপ্রৱেশ ঘটালে সেয়া প্রত্যাখ্যান কৰা। (ছহীহ বুখাৰী, হাদীছ নং ২৫৫০, ছহীহ মুছলিম, হাদীছ নং ৪৫৮৯)।

 ﻛﺎﻥ ﺭﺳﻮﻝ ﺍﻟﻠﻪ ﺻﻠﻰ ﺍﻟﻠﻪ ﻋﻠﻴﻪ ﻭﺳﻠﻢ ﻳﻘﻮﻝ ﻓﻲ ﺧﻄﺒﺘﻪ ﻳﺤﻤﺪ ﺍﻟﻠﻪ ﻭﻳﺜﻨﻲ ﻋﻠﻴﻪ ﺑﻤﺎ ﻫﻮ ﺃﻫﻠﻪ ﺛﻢ ﻳﻘﻮﻝ ﻣﻦ ﻳﻬﺪﻩ ﺍﻟﻠﻪ ﻓﻼ ﻣﻀﻞ ﻟﻪ ﻭﻣﻦ ﻳﻀﻠﻠﻪ ﻓﻼ ﻫﺎﺩﻱ ﻟﻪ ﺇﻥ ﺃﺻﺪﻕ ﺍﻟﺤﺪﻳﺚ ﻛﺘﺎﺏ ﺍﻟﻠﻪ ﻭﺃﺣﺴﻦ ﺍﻟﻬﺪﻱ ﻫﺪﻱ ﻣﺤﻤﺪ ﻭﺷﺮ ﺍﻷﻣﻮﺭ ﻣﺤﺪﺛﺎﺗﻬﺎ ﻭﻛﻞ ﻣﺤﺪﺛﺔ ﺑﺪﻋﺔ ﻭﻛﻞ ﺑﺪﻋﺔ ﺿﻼﻟﺔ ﻭﻛﻞ ﺿﻼﻟﺔ ﻓﻲ ﺍﻟﻨﺎﺭ

যাবিৰ ইবন আব্দুল্লাহ (ৰাযি.)য়ে কৈছে, ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে খুতবাৰ মাজত কৈছিল, যাক আল্লাহ তা’লাই হিদায়াৎ দিয়ে তাক ভ্রষ্টকাৰী কোনো নাই। আৰু যাক পথভ্রষ্ট কৰে তেওঁৰ বাবে হিদায়াৎকাৰী কোনো নাই। নিশ্চয় আটাইতকৈ সঠিক (সৰ্বো্ত্তম) কথা হ’ল আল্লাহৰ কিতাপ আৰু সর্বোত্তম দিশ নিৰ্দেশনা হ’ল মুহাম্মাদ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ ছূন্নাত আৰু সর্ব নিকৃষ্ট কর্ম হ’ল (দ্বীনৰ ভিতৰত) নতুন বিষয়ৰ উদ্ভাৱন কৰা। প্রত্যেক নতুন উদ্ভাৱিত বিষয়েই বিদআত; প্রত্যেক বিদআতেই ভ্রষ্টতা আৰ প্রত্যেক ভ্রষ্টতাৰ পৰিণামেই হ’ল জাহান্নাম। (ছূনানে নাছাঈঃ ১৫৭৭)।

কোনোবাই কিবা এটা আমল কৰাৰ বাবে এক বছৰ অপেক্ষা কৰক এইটো ইছলামে কামনা নকৰে। নির্দিষ্ট কোনো দিনৰ বাবে আমলক বচাই ৰখা বা অপেক্ষা কৰা ইছলামৰ কর্মপন্থাৰ বিৰোধী। বৰঞ্চ নিয়মিত আমল কম পৰিমাণৰ হ’লেও আল্লাহৰ ওচৰত অধিক প্ৰিয়। এই বিষয়ত হাদীছত আহিছে-

(ﻋﻦ ﻋﺎﺋﺸﺔ ﻗﺎﻟﺖ ﻗﺎﻝ ﺭﺳﻮﻝ ﺍﻟﻠﻪ ﺻﻠﻰ ﺍﻟﻠﻪ ﻋﻠﻴﻪ ﻭ ﺳﻠﻢ ﺃﺣﺐ ﺍﻷﻋﻤﺎﻝ ﺇﻟﻰ ﺍﻟﻠﻪ ﺗﻌﺎﻟﻰ ﺃﺩﻭﻣﻬﺎ ﻭﺇﻥ ﻗﻞ) ﺻﺤﻴﺢ ﻣﺴﻠﻢ

আয়িছা (ৰাযি.)ৰ পৰা বর্ণিত ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে, আল্লাহ তা’লাৰ ওচৰত পছন্দনীয় আমল হ’ল নিয়মিত আমল, লাগিলে সেয়া কমেই নহওঁক কিয়। (ছহীহ বুখাৰী, হাদীছ নং ৬০৯৯, ছহীহ মুছলিম, হাদীছ নং ৭৮৩)।

কোনোবাই যদি কাৰোবাৰ জন্মৰ দিনটোক তেওঁৰ বিশেষ দিন বুলি ভাৱে তেন্তে সেয়া ইহুদী ও মুশ্বৰিকসকলৰ বিশ্বাসৰ লগত মিলি যায়। কিয়নো তেওঁলোকৰ ওচৰতো কাৰোবাৰ জন্ম গ্রহণৰ দিনটো তেওঁৰ বাবে বিশেষ এটি দিন । আৰু ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে ইহুদী আৰু মুশ্বৰিকসকলৰ লগত সাদৃশ্য পছন্দ কৰা নাছিল গতিকে কেতিয়াবা তেওঁলোকৰ বিপৰীত আমল কৰাৰ নির্দেশ দিছে। সেইকাৰণে কোনো মুছলিমৰ বাবে উচিত নহ’ব জন্মদিনৰ দৰে অহেতুক এটি কাম কৰি ইহুদী আৰু মুশ্বৰিকসকলৰ সাদৃশ্য অৱলম্বন কৰি তেওঁলোকৰ দলভুক্ত হোৱা। আল্লাহ তা’আলাই আমাৰ সকলোকে দ্বীনৰ ওপৰত চলা সহজ কৰি দিয়ক। আমীন।

Leave a comment