➡ ধূমপান, জৰ্দা, গুটকা ইত্যাদি ইছলামত একেবাৰেই নিষিদ্ধ। সেয়েহে কোনো প্ৰকাৰেই ইয়াক সহজভাৱে লব পৰা নাযায়। ধূমপান হ’ল এক প্রকাৰ Slow poison যিয়ে লাহে লাহে মানুহৰ মৃত্যু ঘটায়। ধূমপান মৃত্যুৰ কাৰণ, এই কথা চিগাৰেটৰ পেকেটতো লিখা থাকে। জানি-শুনি ধূমপান কৰা আৰু আত্মহত্যা কৰা একেই কথা।
আল্লাহ তা’আলাই কৈছে,
” আৰু তোমালোকে নিজকে হত্যা নকৰিবা। নিঃসন্দেহে আল্লাহ তা’আলা তোমালোকৰ প্রতি দয়ালু।“
(ছুৰা নিছা-২৯)
আল্লাহ ৰাব্বুল আলামীনে ইৰশ্বাদ কৰিছে-
“তেওঁ তোমালোকৰ কাৰণে হালাল কৰি দিছে ভাল আৰু উত্তম বস্তু আৰু হাৰাম কৰি দিছে বেয়া আৰু ক্ষতিকৰ বস্তু।”
(ছুৰা আল-আৰাফ : ১৫৭)
এই আয়াতৰ ভিত্তিত এনেকুৱা বহতু বস্তু আছে যিবোৰ হাৰাম কৰি দিয়া হৈছে অথচ তাক কুৰআন- হাদীছত নাম ধৰি কোৱা নাই। আমি সাপ নাখাওঁ। কিয় নাখাওঁ? কুৰআন- হাদীছৰ ক’ত আছে সাপ খোৱা হাৰাম বুলি?
নাই ঠিকেই, কিন্তু উক্ত আয়াতৰ ভিত্তিত সি হাৰাম
হৈ গৈছে। কিয়নো সি ক্ষতিকৰ আৰু বেয়া। ধূমপান
ক্ষতিকৰ আৰু বেয়া। এই বিষয়ত বিশ্বৰ সুস্থ বিবেকসম্পন্ন সকলো মানুহ একমত। কোনো স্বাস্থ্য বিজ্ঞানীয়ে দ্বি-মত পোষণ কৰা নাই।
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে ইৰশ্বাদ কৰিছে :
“হালাল স্পষ্ট, আৰু হাৰাম স্পষ্ট। এই দুয়োটাৰ মাজত আছে সন্দেহজনক বিষয়াৱলী (হালাল নে হাৰাম) যথেষ্ট সংখ্যক মানুহেই নাজানে। যি ব্যক্তিয়ে এই সন্দেহযুক্ত বিষয়সমূহ পৰিহাৰ কৰিলে, তেও তাৰ ধর্ম আৰু স্বাস্থ্য ৰক্ষা কৰিলে। আৰু যিয়ে এই সন্দেহজনক বিষয়সমূহত লিপ্ত হ’ল সি প্রকাৰান্তৰে হাৰাম কামত লিপ্ত হৈ পৰিল। (বুখাৰী আৰু মুছলিম)
***আবু দাৰদা ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছেঃ
‘নিচাযুক্ত দ্রব্য সেৱনত অভ্যস্ত ব্যক্তিৰ কাৰণে জান্নাত হাৰাম।’
(ইবনু মাজাহ হা/৩৩৭৬)
তেনেহ’লে প্রতিদিনে চিগাৰেট, জর্দা অথবা অন্য কোনো নিচাজাতীয় দ্রব্য খাই জান্নাতত যোৱাৰ আশা কৰিব কেনেকৈ? ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ কথা অমান্য কৰে কেনেকৈ?
ধূমপান আৰু সকলো প্রকাৰৰ নিচাজাতীয় বস্তু হাৰাম। নিচাৰ পৰিণতি খুবেই ভয়াবহ।
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাাল্লামে কৈছেঃ নিশ্চয়, আল্লাহ তা-আলাৰ ওৱাদা, যি ব্যক্তিয়ে নিচাজাতীয় বস্তু পান কৰিব, তাক তেওঁ “তীনাতূল খাবাল” পান কৰিহে এৰিব। মানুহবোৰে ক’লে, ইয়া ৰাছুলুল্লাহ! “তীনাতুল খাবাল” কি? তেওঁ ক’লে, জাহান্নামীসকলৰ ঘাম বা জাহান্নামীসকলৰ পেচাব-পায়খানা।
(ছহীহ মুছলিম:৫০৪৭, ৫০৪৮)
***ইবনু উমাৰ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছেঃ
”প্রত্যেক সেই বস্তু যিয়ে বিবেকৰ ক্ষতি কৰে সি হৈছে মদ। আৰু সকলো ধৰণৰ মদেই হাৰাম।”
(ইবনু মাজাহ হা/৩৩৯০)
ইয়াৰ দ্বাৰা এইটো বুজা গ’ল যে যি বস্তু খালে বিবেকৰ ক্ষতি হয় সেই সকলো বস্তু মদ হিচাবেই ধৰা হয়। তেনেহ’লে চিগাৰেট, গাঁজা, জর্দাই বিবেকৰ কি ক্ষতি কৰে? আপুনি যদি একেলেঠেৰিয়ে ২০-৩০ টা অথবা তাতকৈও কম বেছি চিগাৰেট খাই তেনেহ’লে কেনে লাগে? আপুনি এক পেকেট জর্দা এবাৰতেই চোবাই খাব পাৰিবনে?
নিশ্চয় নোৱাৰে। মূৰ ঘুৰাই পৰি যাব। আৰু গাঁজা সম্পর্কে আৰু অন্য বিষয় সম্পর্কে নকলোৱেইবা। এইটো সকলোৱেই জানোঁ যে এইবোৰ খালে মাথা ঠিকে নাথাকে।
এইবাৰ চাওঁক যে এটা চিগাৰেট খালে কেনেকৈ হাৰাম হব? কাৰণ এটা চিগাৰেট খালে তো বিবেকৰ ক্ষতি নহয় বা মাথা নুঘুৰায়? ইয়াৰ উত্তৰ তলৰ হাদীছতেই আছেঃ
**জাবিৰ ইবনু আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে, ‘যি বস্তু বেছি পৰিমাণে খালে বিবেকৰ ক্ষতি হয়,তাৰ কম পৰিমাণো হাৰাম।’
(ইবনু মাজাহ হা/৩৩৯৩)
:::এইবাৰ বিষয়টো পৰিষ্কাৰ হৈছে? যিটো বেছি
খালে হাৰাম হব সেইটো কমো হাৰাম। আৰু এইটো
আমি সকলোৱেই জানোঁ যে কোনো বেয়া বস্তু বেছি
খালেও হাৰাম আৰু কম খালেও হাৰাম।
এইটো শ্বেয়াৰ কৰি আপনিও হওঁক ইছলামৰ প্রচাৰক-
“কোনোবাই হিদায়াতৰ ফালে আহ্বান কৰিলে যিমানজনে তাৰ অনুসৰণ কৰিব প্রত্যেকৰে সমান চাওৱাবৰ অধিকাৰী তেওঁ হব, কিন্তু যিসকলে অনুসৰণ কৰিছে তেওঁলোকৰ চাওৱাবৰ কোনো কম কৰা নহব”।
[ছহীহ্ মুছলিম: ২৬৭৪]
– Juber Rahman, Nalbari.