ইছলামত গান বাজনা বাদ্যযন্ত্ৰ কিয় হাৰাম ?

ইছলামত গান বাজনা কিয় হাৰাম?

উদাহৰণস্বৰূপে এটা গানৰ দুইশাৰী লৈছো।
তুজ্মে ৰব দিখ্তা হে……. চজদে চৰ জুকতা হে……. এই গানটোত এজনি ছোৱালিক সৃষ্টিকৰ্তাৰ লগত তুলনা কৰা হৈছে। এইটো শিৰ্ক। কাৰণ সৃষ্টিকৰ্তা আল্লাহ অতুলনীয়। আৰু কিছুমান এনেকুৱা গান আছে যিবোৰ যৌন আবেদনশীল। অশ্লীল গানো আছে বহুত। এইবোৰ ইছলামত হাৰাম।

মহান আল্লাই পৱিত্ৰ কোৰআনৰ চূৰা লুকমানত কৈছে- আৰু এনে কিছুমান মানুহ আছে যিবিলাকে নুবুজাকৈ আল্লাহৰ ৰাস্তাৰ পৰা বিচলিত কৰিবলৈ অমূলক কাহিনীবোৰ কিনে আৰু তাকেই হাঁহি-তামাচা স্থিৰ কৰে; সিহঁতৰ কাৰণে অপমানজনক শাস্তি নিৰ্দ্ধাৰিত আছে।

বাখ্যাঃ- এনেকুৱা মানুহ আছে যিবিলাক বৰ্তমানতো নিজৰ অজ্ঞানতা আৰু মূৰ্খতাৰ ফলত নাচ-গান, খেল-ধেমালি আদিত মত্ত হৈ থাকে। পৱিত্ৰ কোৰআনক বিৰূপ কৰে। কোৰআনৰ পৱিত্ৰ সুধা পানৰ পৰা নিজেও বঞ্চিত হয় আৰু আনকো বঞ্চিত কৰে।

বহুত হাদীছতো সংগীতৰ নিষেধজ্ঞা কৰিছে।
এতিয়া কথাতো হ’ল- কোনোবাই কোৰআন আহাদীছ মানক বা নামানক, কোৰআনৰ আহাদীছৰ মৰ্যদা কমি নাযায়। মই এজন মুছলমান হিচাপে কোৰআন আহাদীছক অস্বীকাৰ কৰিব নোৱাৰো। আমল কৰিব নোৱাৰিলেও অস্বীকাৰ কৰিব নোৱাৰো। আল্লাই ভূল কৰিলে মাফ কৰে কিন্তু অস্বীকাৰ কৰিলে মাফ নকৰে।

 গান/বাদ্যযন্ত্ৰ- ❌❌

عَنْ أَبِيْ مَالِكِ الأَشْعَرِىِّ قَالَ قَالَ رَسُوْلُ اللهِ صَلَّى اللّٰهُ عَلَيْهِ وَسَلَّم لَيَكُوْنَنَّ مِنْ أُمَّتِيْ أَقْوَامٌ يَسْتَحِلُّوْنَ الْحِرَ وَالْحَرِيْرَ وَالْخَمْرَ وَالْمَعَازِفَ.

ৰাছুল (সাল্লাল্লাহু ‘আলাইহি ওয়াছাল্লাম) এ কৈছেঃ ‘নিশ্চয় নিশ্চয় মোৰ পিছৰ উম্মতৰ এনেকুৱা কিছুমান লোক আহিব যি সকলে  যিনা , ৰেচম, নিচাজাতীয় দ্রব্য আৰু গান-বাজনা বাদ্যযন্ত্রক হালাল বুলি ভাবিব (বুখাৰী হা/৫৫৯০)।

عَنِ ابْنِ عَبَّاسٍ عَنْ رَسُوْلِ اللهِ صَلَّى اللّٰهُ عَلَيْهِ وَسَلَّم إِنَّ اللهَ تَعَالَى حَرَّمَ الْخَمْرَ وَالْمَيْسِرَ والكُوْبَةَ.

ৰাছুল (সাল্লাল্লাহু ‘আলাইহি ওয়াছাল্লাম) এ কৈছে, ‘নিশ্চয় আল্লাহ তা‘আলা মদ, জোৱা আৰু সকলো ধৰনৰ বাদ্যযন্ত্র হাৰাম কৰিছে’ (বায়হাক্বী, হাদীছ ছহীহ, মিশকাত হা/৪৫০৩; বাংলা মিশকাত ৮ম খণ্ড হা/৪৩০৪)।

عَنْ أَبِيْ اُمَامَةَ قَالَ قَالَ رَسُوْلُ اللهِ صَلَّى اللّٰهُ عَلَيْهِ وَسَلَّم لاَ تَبِيْعُوا الْقَيْنَاتِ وَلاَ تَشْتَرُوْهُنَّ وَلاَ تُعَلِّمُوْهُنَّ وَثَمَنُهُنَّ حَرَامٌ.

ৰাছুল (সাল্লাল্লাহু ‘আলাইহি ওয়াছাল্লাম) এ কৈছে, ‘তোমালোকে গায়িকা নর্তকীসকলক বিক্রী নকৰিবা, ক্রয় নকৰিবা, সিহঁতক গান-বাজনা আৰু বাদ্যযন্ত্র শিকাই নিদিবা, সিহঁতৰ উপার্জন হাৰাম’ (ইবনে মাজাহ, মিশকাত হা/২৭৮০)।
   
গান/বাদ্যযন্ত্ৰ -২ ❌❌

       বাদ্যযন্ত্ৰৰ শব্দ শুনিবলৈ পাই ৰাছুল (ছা:),চাহাবা (ৰা:)সকলে কানত আঙুলি সোমাই দিছিল৷ আপুনি কেনেকোৱা মুছলিম, আপনি কয় যে, “Mus ic is my life” ????

عَنْ نَافِعٍ قَالَ سَمِعَ ابْنُ عُمَرَ مِزْمَارًا قَالَ فَوَضَعَ إِصْبَعَيْهِ عَلَى أُذُنَيْهِ وَنَأَى عَنْ الطَّرِيقِ وَقَالَ لِي يَا نَافِعُ هَلْ تَسْمَعُ شَيْئًا قَالَ فَقُلْتُ لاَ قَالَ فَرَفَعَ إِصْبَعَيْهِ مِنْ أُذُنَيْهِ وَقَالَ كُنْتُ مَعَ النَّبِيِّ صَلَّى اللّٰهُ عَلَيْهِ وَسَلَّم فَسَمِعَ مِثْلَ هَذَا فَصَنَعَ مِثْلَ هَذَا.

নাফে‘ (ৰাঃ)এ বৰ্ণনা কৰিছে,

এদিনাখন ইবনু ওমৰ (ৰাঃ) বাদ্যযন্ত্ৰৰ শব্দ শুনিবলৈ পাই  তেখেতে  তেখেতৰ দুয়োখন কানত দুটা আঙুলি  সোমাই বাটৰ পৰা আতৰি গল। তাৰ পিছত তেখেতে মোক কলে, নাফে’ তুমি কিবা  শুনিবলৈ  পাইছানে ? মই কলো, নহয়।তেতিয়া তেখেতে তেখেতৰ  আঙুলি দুটা কানৰ পৰা উলিয়াই আনি কলে, মই এদিনাখন ৰাছুল (ছাল্লাল্লাহু ‘আলাইহি ওয়াছাল্লাম)-ৰ  লগত আছিলো৷ তেখেতে বাদ্যযন্ত্রৰ শব্দ শুনিবলৈ পাই কানত আঙুলি  সোমাই বাটৰ পৰা আতৰি গৈছিল আৰু  মোক ঠিক এনেকৈ সুধিছিল যেনেকৈ আজি  তোমাক মই সুধিলো ৷ (ছহীহ আবূদাঊদ হা/ ৪৯২৪, সনদ ছহীহ)।

গান/বাদ্যযন্ত্ৰৰ ভয়াবহতা

 عَنْ اَنَسٍ قَالَ قَالَ رَسُوْلُ الله صَلَّى
 اللّٰهُ عَلَيْهِ وَسَلَّم لَيَكُوْنَنَّ فِى هذِه الْاُمّةِ خَسْفٌ وقَذْفٌ وَمَسْخٌ وذلِكَ اِذَا شَرِبُوْا الْخُمُوْرَ واتَّخَذُوْا القَيْنَاتِ وَضَرَبُوْا بِالْمَعَازِفِ.

আনাছ (ৰা:) বৰ্ণনা কৰিছে,

নবী কৰীম (ছাল্লাল্লাহু ‘আলাইহি ওয়াছাল্লাম) এ কৈছে, যতিয়া মোৰ  উম্মত নিচাজাতীয় দ্রব্য পান কৰিব, গায়িকাসকলক লৈ নাচ-গানত মচগুল হ’ব  আৰু বাদ্যযন্ত্র লৈ ব্যস্ত হ’ব তেতিয়া নিশ্চয় তিনিটা  ভয়ানক বিপদ নামি আহিব – (১) বিভিন্ন ঠাইত ভূমিস্খলন হ’ব (২) উপৰৰ পৰা নাইবা  কোনো জাতিৰ পৰা  যুলুম অত্যাচাৰ চাপাই দিয়া হ’ব (৩) বহুতৰ  পাপৰ  ভয়াবহ কাৰনত  আকাৰ-আকৃতি বিকৃতি কৰা হ’ব। আৰু এই গযবৰ মূল কাৰন তিনিটা । (ক) মদ পান কৰা (খ) নায়িকাসকলক লৈ  নাচ-গানত  মচগুল হেৱা (গ) বাদ্য যন্ত্ৰৰ প্ৰতি আগ্ৰহী হেৱা৷

উপদেশ, হাদিস নং ৯৯

    ক্ৰমশ,  ইন শ্বা আল্লাহ
         
                 ✍🏽 -KZR + MR 

Leave a comment