ইছলামত_কথা_কোৱাৰ_নীতিঃ ১। কথা কোৱাৰ আগত ছালাম দিয়া । ( ছুৰা: The ৬১) ২। সতর্কতাৰ সৈতে কথা কোৱা । (কিয়নো ? প্রতিটো কথা ৰেকর্ড হয়) ( ছুৰা: ক্কাফঃ ১৮) । ৩। সুন্দৰ আৰু উত্তমৰূপে কথা কোৱা ।( ছুৰা: বাক্বাৰাহঃ ৮৩, ছুৰা: বনী ইছৰাঈলঃ ৫৩) ৪। নিম্নস্বৰত কথা কোৱা।(ছুৰা: লোকমানঃ ১৯, ছুৰা: হুজুৰাতঃ ২-৩) ৫। গাধৰ নিচিনাকৈ কর্কশ স্বৰত কথা নোকোৱা ।( ছুৰা: লোকমানঃ ১৯; তিৰমিযী হা/ ৪৮৫৯) ৬। উত্তম কথা কৈ শত্রুকো বন্ধুত পৰিণত কৰা ।(ছুৰা: হা- মীম ছাজদাহঃ ৩৪) ৭। ঈমানদাৰসকলৰ কথা আৰু কাম এক হোৱা।( ছুৰা: ছফঃ ২) ৮। নাৰীসকলে পৰ-পুৰুষৰ লগত আকর্ষণীয় আৰু কোমল ভাষাত কথা নোকোৱা ।( ছুৰা: আল আহযাবঃ ৩২) ৯। মূর্খ আৰু অজ্ঞসকলক এৰাই চলা।(ছুৰা: ফুৰকানঃ ৬৩) ১০। যুক্তি আৰু উপদেশ দি উত্তমৰূপে বিৰ্তক কৰা ।(ছুৰা: নাহলঃ ১২৫) ১১। সঠিকভাৱে কথা কোৱা ।(ছুৰা: আল আহযাবঃ ৭০) ১২। ন্যায়সঙ্গত কথা কোৱা ।(ছুৰা: আল আন’আমঃ ১৫২) ১৩। নম্ৰ বা ভদ্ৰভাৱে কথা কোৱা।(ছুৰা:ত্বোৱা-হাঃ ৪৪, ছুৰা: বনী ইছৰাঈলঃ ২৮) ১৪। সৎ ব্যৱহাৰ কৰা । (ছুৰা:বনী ইছৰাঈলঃ২৩) ১৫। অনর্থক কথাৰ পৰা বিৰত থকা।(ছুৰা: আল মু’মিনূনঃ ৩) ১৬। মিছা নোকোৱা ।(ছুৰা: হাজ্জঃ ৩০) ১৭। গীবত নকৰা (বেলেগৰ বেয়া সমালোচনা) ।(ছুৰা: আল হুজৰাতঃ ১২ ) ১৮। প্রমাণবিহীন কোনো কথা নোকোৱা ।(ছুৰা: বাক্কাৰাহঃ ১১১) ১৯। মিছা অপবাদ নিদিয়া ।(ছুৰা: আল আহযাবঃ ৫৮)