ইছমাইল (আঃ)ৰ ভৰিৰ আঘাতত সৃষ্টি হয় জমজম কুঁৱা এইটো মিছা কথা।

ইছমাইল (আঃ)ৰ ভৰিৰ আঘাতত সৃষ্টি হয় জমজম কুঁৱা #এইটো_মিছা_কথা।
_________________________

ছা‘ঈদ ইবনু জুবাইৰ (ৰাঃ)ৰ পৰা বর্ণিত। ইবনু ‘আব্বাছ (ৰাঃ)য়ে কৈছে, নাৰী জাতিয়ে সর্বপ্রথম কঁকালবান্ধ বনোৱা শিকিছে ইছমাঈল (আঃ)ৰ মাকৰ পৰা। হাযেৰা (আঃ)য়ে কঁকালবান্ধ লগাইছিল ছাৰাহ (আঃ)ৰ পৰা নিজৰ মর্যাদা গোপনে ৰখাৰ কাৰণে। ইয়াৰ পিছত ইব্ৰাহীম (আঃ)য়ে হাযেৰা (আঃ) আৰু তেখেতৰ শিশু সন্তান ইছমাঈল (আঃ)ক লগত লৈ বাহিৰ হ’ল এই অৱস্থাত যে, হাযেৰা (আঃ)য়ে সন্তানক দুধ পান কৰাই আছিল। অৱশেষত য’ত কা‘বা ঘৰ অৱস্থিত, ইব্ৰাহীম (আঃ)য়ে তেওঁলোক উভয়কে তালৈ লৈ আহি মছজিদৰ ওখ অংশত যমযম কুঁৱাৰ ওপৰত অৱস্থিত এডাল ডাঙৰ গছৰ তলত তেওঁলোকক ৰাখিলে। তেতিয়া মক্কাত নাছিল কোনো মানুহ, নাছিল কোনো পানীৰ ব্যৱস্থা। পিছত তেখেতে তেওঁলোকক তাতেই এৰি থৈ গ’ল। ইয়াৰোপৰি তেখেতে তেওঁলোকৰ ওচৰত থৈ গ’ল এখন মোনাৰ ভিতৰত কিছু খেজুৰ আৰু এটি পাত্ৰত কিছু পৰিমাণে পানী। ইয়াৰ পিছত ইব্ৰাহীম (আঃ) উভতি গ’ল। তেতিয়া ইছমাঈল (আঃ)ৰ মা পিছুৱাই আহিল আৰু কবলৈ ধৰিলে, হে ইব্ৰাহীম! আপুনি ক’লৈ গৈ আছে? আমাক এনেকুৱা এক ময়দানত এৰি থৈ গৈছে, য’ত নাই কোনো সাহায্যকাৰী আৰু নাই কোনো ব্যৱস্থা। তেওঁ বাৰে বাৰে এই কথা তেখেতক ক’লে। কিন্তু ইব্ৰাহীম (আঃ)য়ে তেওঁৰ ফালে দৃষ্টিপাত নকৰিলে। তেতিয়া হাযেৰা (আঃ)য়ে তেখেতক ক’লে, ইয়াৰ আদেশ আপোনাক আল্লাহে দিছে নেকি? তেখেতে ক’লে, হয়। হাযেৰা (আঃ)য়ে ক’লে, তেনেহ’লে আল্লাহে আমাক ধ্বংস নকৰে। ইয়াৰ পিছত তেওঁ উভতি আহিল আৰু ইব্ৰাহীম (আঃ)য়েও সন্মুখলৈ গুচি গ’ল। গৈ গৈ তেখেতে যেতিয়া গিৰিপথৰ বাওঁফালে উপস্থিত হ’ল, য’ত স্ত্রী আৰু সন্তানে তেখেতক আৰু দেখা পোৱা নাছিল, তেতিয়া তেখেতে কা‘বা ঘৰৰ ফালে মুখ কৰি থিয় হ’ল। ইয়াৰ পিছত তেখেতে দুই হাত তুলি এই দু‘আ কৰিলে, আৰু ক’লে,

‘হে আমাৰ ৰব! নিশ্চয় মই মোৰ বংশৰ কিছুমান লোকক অনুৰ্বৰ উপত্যকাত, তোমাৰ পৱিত্ৰ ঘৰৰ ওচৰত বসবাস কৰালো। হে আমাৰ ৰব! এই কাৰণে যে, তেওঁলোকে যেন ছালাত কায়েম কৰে। এতেকে তুমি কিছুমান লোকৰ অন্তৰ তেওঁলোকৰ প্ৰতি অনুৰাগী কৰি দিয়া আৰু ফলমূলেৰে তেওঁলোকৰ জীৱিকাৰ ব্যৱস্থা কৰা, যাতে তেওঁলোকে কৃতজ্ঞতা প্ৰকাশ কৰে’। (ইব্ৰাহীম ৩৭)।

আৰু ইছমাঈল (আঃ)ৰ মাকে ইছমাঈল (আঃ)ক স্বীয় স্তনৰ দুধপান কৰালে আৰু নিজে সেই পাত্ৰৰ পৰা পানী পান কৰিলে। অৱশেষত পাত্ৰত যি পানী আছিল সেইখিনি নাইকিয়া হ’ল। তেওঁ নিজে তৃষ্ণার্ত হ’ল আৰু তেওঁৰ শিশু পুত্রটিও তৃষ্ণাত কাতৰ হৈ পৰিল। তেওঁ শিশুটিৰ ফালে চাবলৈ ধৰিলে। তৃষ্ণাত তেওঁৰ বুকু ধৰফৰ কৰিছে অথবা ৰাবীয়ে কৈছে, তেওঁ মাটিত পৰি ছটফটাই আছে। শিশু পুত্রৰ এই কৰুণ অৱস্থাৰ প্রতি চোৱাটো অসহনীয় হৈ পৰাত তেওঁ আঁতৰি গ’ল আৰু তেওঁৰ অৱস্থানৰ ওচৰৰ ‘ছাফা’ পৰ্বতক একমাত্র তেওঁৰ নিকটতম পর্বত হিচাবে পালে। ইয়াৰ পিছত তেওঁ তাৰ ওপৰত উঠি থিয় হ’ল আৰু ময়দানৰ ফালে লক্ষ কৰিলে। ইফালে-সিফালে চাই দেখিলে, ক’ৰবাত কাৰোবাক দেখা পাই নেকি? কিন্তু তেওঁ কাকো দেখা নাপালে। তেতিয়া ‘ছাফা’ পর্বতৰ পৰা নামি আহিল। আনকি যেতিয়া তেওঁ ময়দানৰ তললৈকে আহি পালে, তেতিয়া তেওঁ তেওঁৰ কামিজৰ এক প্রান্ত তুলি ধৰি এজন ক্লান্ত-শ্রান্ত মানুহৰ দৰে দৌৰিবলৈ ধৰিলে। অৱশেষত ময়দান অতিক্রম কৰি ‘মাৰওৱা’ পাহাৰৰ ওচৰলৈ আহি তাৰ ওপৰত উঠি থিয় হ’ল। ইয়াৰ পিছত ইফালে-সিফালে লক্ষ কৰিলে, কাৰোবাক দেখা পাই নেকি? কিন্তু কাকো দেখা নাপালে। এনেদৰে সাতবাৰ দৌৰা-দৌৰি কৰিলে।

ইবনু ‘আব্বাছ (ৰাঃ)য়ে ক’লে, নাবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, এইকাৰণেই মানুহে এই পর্বতদ্বয়ৰ মাজত ছায়ী কৰি থাকে। ইয়াৰ পিছত তেওঁ যেতিয়া মাৰওৱা পাহাৰত উঠিল, তেতিয়া এটি শব্দ শুনিবলৈ পালে আৰু তেওঁ নিজকে নিজেই ক’লে, অলপ অপেক্ষা কৰা। তেওঁ মনোযোগেৰে শুনিলে। তেতিয়া তেওঁ ক’লে, তুমি তো তোমাৰ শব্দ শুনাইছা। যদি তোমাৰ ওচৰত কোনো সাহায্যকাৰী থাকে। হঠাৎ য’ত যমযম কুঁৱা অৱস্থিত তাত তেওঁ এজন ফিৰিস্তা দেখিবলৈ পালে। সেই ফিৰিস্তাই নিজ ভৰিৰ গোৰোৱাৰ দ্বাৰা আঘাত কৰিলে অথবা তেওঁ কৈছে, নিজ পাখিৰ দ্বাৰা আঘাত কৰিলে। ফলত পানী বাহিৰ হ’ব ধৰিলে। তেতিয়া হাযেৰা (আঃ)য়ে চাৰিওফালে নিজ হাতে বান্ধ দি এটা হাউজৰ দৰে কৰি দিলে আৰু হাতৰ অঞ্জলিৰে তেওঁৰ পাত্ৰটিত পানী ভৰাবলৈ ধৰিলে। তেতিয়াও পানী উপচি উঠি আছিল। ইবনু ‘আব্বাছ (ৰাঃ)য়ে ক’লে, নাবী চাল্লাল্লাহু আলাইহি অাল্লামে কৈছে, ইছমাঈলৰ মাকক আল্লাহে ৰহম কৰক। যদি তেওঁ বান্ধ নিদি যমযমক এনেদৰে এৰি দিলেহেঁতেন নাইবা কৈছে, যদি অঞ্জলি ভৰাই পানী পাত্ৰত জমা নকৰিলেহেঁতেন, তেনেহ’লে যমযম এটি কুঁৱা নহৈ এটি প্রবাহমান নিজৰাত পৰিণত হ’লহেঁতেন। ৰাবীয়ে কৈছে, ইয়াৰ পিছত হাযেৰা (আঃ)য়ে পানী পান কৰিলে, আৰু শিশু পুত্রকো দুধ পান কৰালে, তেতিয়া ফিৰিস্তাই তেওঁক ক’লে, আপুনি ধ্বংসৰ কোনো আশঙ্কা নকৰিব। কিয়নো ইয়াতেই আল্লাহৰ ঘৰ আছে। এই শিশুটি আৰু তেওঁৰ পিতা দুয়োজনে মিলি ইয়াত ঘৰ নির্মাণ কৰিব আৰু আল্লাহে তেওঁৰ আপোনজনক কেতিয়াও ধ্বংস নকৰে। সেই সময়ত আল্লাহৰ ঘৰৰ স্থানটি যমীনৰ পৰা টিলাৰ দৰে ওখ আছিল। বানপানীৰ ফলত সেইটো সোঁফালে বাওঁফালে ভাঙি গৈছিল। ইয়াৰ পিছত হাযেৰা (আঃ)য়ে এনেদৰেই দিন যাপন কৰিছিল। অৱশেষত জুৰহুম গোত্রৰ এদল লোক তেওঁলোকৰ কাষেৰে অতিক্রম কৰিছিল। অথবা ৰাবীয়ে কৈছে, জুৰহুম পৰিবাৰৰ কিছু লোক কাদা নামৰ ওখ ভূমিৰ পথেৰে এইফালে আহিছিল। সিহঁতে মক্কাত সমতল ভূমিত অৱতৰণ কৰিলে আৰু সিহঁতে দেখিবলৈ পালে এজাক পক্ষী চক্রাকাৰে উৰিছে। তেতিয়া সিহঁতে ক’লে, নিশ্চয় এই পক্ষীসমূহে পানীৰ ওপৰত উৰিছে। আমি এই ময়দানৰ পথেৰে বহুবাৰ অতিক্রম কৰিছোঁ। কিন্তু ইয়াত কোনো পানী নাছিল। তেতিয়া সিহঁতৰ এজন বা দুজন লোকক তালৈ পঠালে। সিহঁতে তালৈ গৈয়েই পানী দেখিবলৈ পালে। সিহঁতে তাৰ পৰা উভতি আহি সকলোকে পানীৰ সংবাদ দিলে। সংবাদ শুনি সকলোৱেই সেইফালে অগ্রসৰ হ’ল। ৰাবীয়ে কৈছে, ইছমাঈল (আঃ)ৰ মা পানীৰ ওচৰত আছিল। সিহঁতে তেখেতক ক’লে, আমি আপোনাৰ নিকটৱর্তী স্থানত বসবাস কৰিব বিচাৰোঁ। আপুনি আমাক অনুমতি দিবনে? তেখেতে জবাব দিলে, হয়। কিন্তু, এই পানীৰ ওপৰত তোমালোকৰ কোনো অধিকাৰ নাথাকিব। সিহঁতে হ’ব বুলি মত প্রকাশ কৰিলে।

ইবনু ‘আব্বাছ (ৰাঃ)য়ে ক’লে, নাবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, এই ঘটনাই ইছমাঈলৰ মাকক এটি সুযোগ আনি দিলে। আৰু তেখেতেও মানুহৰ সাহচর্য বিচাৰিছিল। ইয়াৰ পিছত সিহঁতে তাত বসতি স্থাপন কৰিলে আৰু সিহঁতৰ পৰিবাৰ-পৰিজনৰ ওচৰতো সংবাদ পঠালে। তাৰ পিছত সিহঁতেও আহি তাত একেলগে বসবাস কৰিলে। পৰিশেষত তাত সিহঁতৰো কেইটিমান পৰিয়ালৰ বসতি স্থাপন হ’ল। আনহাতে ইছমাঈলও যৌৱনত উপনীত হ’ল আৰু সিহঁতৰ পৰা আৰবী ভাষা শিকিলে। যৌৱনত উপস্থিত হৈ তেওঁ সিহঁতৰ ওচৰত অধিক আকর্ষণীয় ও প্রিয়পাত্র হৈ উঠিল। ইয়াৰ পিছত যেতিয়া তেওঁ পূর্ণ যৌৱনপ্ৰাপ্ত হ’ল, তেতিয়া সিহঁতে তেওঁৰ লগত সিহঁতৰেই এগৰাকী ছোৱালীক বিবাহ দিলে। এই সময়তে ইছমাঈলৰ মা হাযেৰা (আঃ)য়ে ইন্তিকাল কৰে। ইছমাঈলৰ বিবাহৰ পিছত ইব্ৰাহীম (আঃ)য়ে তেখেতৰ পৰিত্যক্ত পৰিজনৰ অৱস্থা চোৱাৰ কাৰণে ইয়ালৈ আহিল। কিন্তু তেখেতে ইছমাঈলক নাপালে। তেখেতে তেওঁৰ স্ত্রীক তেওঁৰ সম্বন্ধে প্ৰশ্ন কৰিলে। স্ত্রীয়ে ক’লে, তেওঁ আমাৰ জীৱিকাৰ সন্ধানত বাহিৰলৈ গৈছে। ইয়াৰ পিছত তেখেতে পুত্রবধূক তেওঁলোকৰ জীৱন যাত্রা আৰু অৱস্থা সম্বন্ধে প্ৰশ্ন কৰিলে। তেওঁ ক’লে, আমি অতি দূৰৱস্থাত, অত্যধিক অভাৱ ও খুব কষ্টত আছোঁ। তেওঁ ইব্ৰাহীম (আঃ)ৰ ওচৰত তেওঁলোকৰ দুর্দশাৰ অভিযোগ কৰিলে। তেখেতে ক’লে, তোমাৰ স্বামী ঘৰলৈ আহিলে, তেওঁক মোৰ ছালাম জনাই কবা, তেওঁ যেন তেওঁৰ ঘৰৰ দৰ্জাৰ চৌকাঠ সলনি কৰি লয়। ইয়াৰ পিছত যেতিয়া ইছমাঈল (আঃ) ঘৰলৈ আহিল, তেতিয়া তেওঁ যেন কিছু আভাস পালে। তেতিয়া তেওঁ তেওঁৰ স্ত্রীক প্ৰশ্ন কৰিলে, তোমালোকৰ ওচৰলৈ কোনোবা আহিছিল নেকি? স্ত্রীয়ে ক’লে, হয়। এনেকুৱা এনেকুৱা আকৃতিৰ এজন বৃদ্ধ লোক আহিছিল আৰু মোক আপোনাৰ সম্বন্ধে প্ৰশ্ন কৰিছিল। মই তেখেতক আপোনাৰ সংবাদ দিলোঁ। তেখেতে মোক আমাৰ জীৱন যাত্রা সম্পর্কে প্ৰশ্ন কৰিলে, মই তেখেতক জনালোঁ, আমি খুব কষ্ট ও অভাৱত আছোঁ। ইছমাঈল (আঃ)য়ে প্ৰশ্ন কৰিলে, তেখেতে তোমাক কিবা নাছীহাত কৰিছে নেকি? স্ত্রীয়ে ক’লে, হয়। তেখেতে মোক নির্দেশ দিছে, মই যেন আপোনাক তেখেতৰ ছালাম পৌঁছাই দিওঁ আৰু তেখেতে পুনৰ কৈছে, আপুনি যেন আপোনাৰ ঘৰৰ দৰ্জাৰ চৌকাঠ সলনি কৰি লয়। ইছমাঈল (আঃ)য়ে ক’লে, এইজনেই মোৰ পিতা। এই কথাৰ দ্বাৰা তেখেতে মোক নির্দেশ দি গৈছে, মই যেন তোমাক পৃথক কৰি দিওঁ। এতেকে তুমি তোমাৰ আপোনজনৰ ওচৰলৈ গুচি যোৱা। এই কথা কৈ, ইছমাঈল (আঃ)য়ে তেওঁক তালাক দি দিলে আৰু সেই লোকসকলৰ পৰা অন্য এগৰাকী ছোৱালীক বিবাহ কৰালে। ইয়াৰ পিছত ইব্ৰাহীম (আঃ)য়ে এওঁলোকৰ পৰা দূৰত থাকিল, আল্লাহে যিমানদিন ইচ্ছা কৰিলে। ইয়াৰ পিছত তেখেতে পুনৰ এওঁলোকক চাবলৈ আহিল। কিন্তু এইবাৰো তেখেতে ইছমাঈল (আঃ)ক দেখা নাপালে। তেখেতে পুত্রবধূৰ ওচৰত উপস্থিত হ’ল আৰু তেওঁক ইছমাঈল (আঃ) সম্পর্কে প্ৰশ্ন কৰিলে। তেওঁ ক’লে, তেওঁ আমাৰ খাদ্যৰ সন্ধানত বাহিৰলৈ গৈছে। ইব্বাহীম (আঃ)য়ে প্ৰশ্ন কৰিলে, তোমালোক কেনে আছা? তেখেতে তেওঁলোকৰ জীৱন-যাপন ও অৱস্থা জানিব বিচাৰিলে। তেতিয়া তেওঁ ক’লে, আমাৰ ভাল আৰু আমি স্বচ্ছল অৱস্থাত আছোঁ। আৰু তেওঁ আল্লাহৰ প্রশংসাও কৰিলে। ইব্ৰাহীম (আঃ)য়ে প্ৰশ্ন কৰিলে, তোমালোকৰ প্রধান খাদ্য কি? তেওঁ ক’লে, মাংস। তেখেতে পুনৰ জানিব ইচ্ছা কৰিলে, তোমালোকৰ পানীয় কি? তেওঁ ক’লে, পানী। ইব্ৰাহীম (আঃ)য়ে দু‘আ কৰিলে, হে আল্লাহ! তেওঁলোকৰ মাংস আৰু পানীত বৰকত দিয়া। নাবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে, সেই সময়ত তেওঁলোকৰ তাত খাদ্যশস্য উৎপাদন হোৱা নাছিল। যদি হ’লহেঁতেন তেনেহ’লে ইব্ৰাহীম (আঃ)য়ে সেই বিষয়েও তেওঁলোকৰ কাৰণে দু‘আ কৰিলেহেঁতেন। বর্ণনাকাৰীয়ে কৈছে, মক্কাৰ বাহিৰে অন্য ক’তো কোনেও কেৱল মাংস আৰু পানীৰ দ্বাৰা জীৱন ধাৰণ কৰিব নোৱাৰে। কিয়নো, কেৱল মাংস আৰু পানী জীবন-যাপনৰ অনুকূল হ’ব নোৱাৰে।

ইব্ৰাহীম (আঃ)য়ে ক’লে, যেতিয়া তোমাৰ স্বামী উভতি আহিব, তেতিয়া তেওঁক ছালাম কবা, আৰু তেওঁক মোৰ পক্ষৰ পৰা হুকুম কৰিবা যে, তেওঁ যেন তেওঁৰ ঘৰৰ দৰ্জাৰ চৌকাঠ ঠিক ৰাখে। ইয়াৰ পিছত ইছমাঈল (আঃ) যেতিয়া উভতি আহিল, তেতিয়া তেওঁ ক’লে, তোমালোকৰ ওচৰলৈ কোনোবা আহিছিল নেকি? তেওঁ ক’লে, হয়। এজন সুন্দৰ চেহেৰাৰ বৃদ্ধ লোক আহিছিল আৰু তেওঁ তেখেতৰ প্রশংসা কৰিলে, তেখেতে মোক আপোনাৰ বিষয়ে প্ৰশ্ন কৰিছিল। মই তেখেতক আপোনাৰ সংবাদ জনাইছোঁ। ইয়াৰ পিছত তেখেতে মোৰ ওচৰত আমাৰ জীৱন-যাপন সম্পর্কে জানিব বিচাৰিলে। মই তেখেতক জনাইছোঁ যে, আমি ভালে আছোঁ। ইছমাঈল (আঃ)য়ে ক’লে, তেখেতে তোমাকে আন একো আদেশ কৰা নাই? তেওঁ ক’লে, হয়। তেখেতে আপোনাৰ প্রতি ছালাম জনাই আপোনাক নির্দেশ দিছে যে, আপুনি যেন আপোনাৰ ঘৰৰ চৌকাঠ ঠিক ৰাখে। ইছমাঈল (আঃ)য়ে ক’লে, এইজনেই মোৰ পিতা। আনহাতে তুমি হ’লা মোৰ ঘৰৰ দৰ্জাৰ চৌকাঠ। এই কথাৰ দ্বাৰা তেখেতে মোক নির্দেশ দিছে, মই যেন তোমাক স্ত্রী হিচাবে বাহাল ৰাখো। ইয়াৰ পিছত ইব্ৰাহীম (আঃ)য়ে এওঁলোকৰ পৰা দূৰত থাকিল, যিমান দিন আল্লাহে বিচাৰিলে। ইয়াৰ পিছত তেখেত পুনৰ আহিল। (দেখিবলৈ পালে) যমযম কুঁৱাৰ ওচৰত থকা এডাল বৃহৎ গছৰ তলত বহি ইছমাঈল (আঃ)য়ে তেওঁৰ এডাল তীৰ মেৰামতি কৰি আছে। যেতিয়া তেওঁ নিজ পিতৃক দেখা পালে, তেওঁ থিয় হৈ তেখেতৰ ফালে আগুৱাই গ’ল। ইয়াৰ পিছত এজন বাপ-বেটাৰ লগত, এজন বেটা-বাপৰ সাক্ষাৎ হ’লে যেনেকুৱা কৰে তেওঁলোক উভয়ে তাকেই কৰিলে। ইয়াৰ পিছত ইব্ৰাহীম (আঃ)য়ে ক’লে, হে ইছমাঈল! আল্লাহে মোক এটি কামৰ নির্দেশ দিছে। ইছমাঈল (আঃ)য়ে ক’লে, আপোনাৰ ৰব! আপোনাক যি আদেশ কৰিছে, সেইটো কৰক। ইব্ৰাহীম (আঃ)য়ে ক’লে, তুমি মোক সহায় কৰিবা নে? ইছমাঈল (আঃ)য়ে ক’লে, মই আপোনাক সহায় কৰিম। ইব্ৰাহীম (আঃ)য়ে ক’লে, আল্লাহে মোক ইয়াত এটি ঘৰ বনাবলৈ নির্দেশ দিছে। এইবুলি তেওঁ ওখ টিলাটোৰ ফালে ইঙ্গিত কৰিলে যে, ইয়াৰ চাৰিওফালে ঘেৰ দি। তেতিয়া তেওঁলোক উভয়ে কা‘বা ঘৰৰ দেৱাল তুলিবলৈ লাগি গ’ল। ইছমাঈল (আঃ)য়ে পাথৰ আনিলে, আৰু ইব্ৰাহীম (আঃ)য়ে নির্মাণ কৰিলে। পৰিশেষত যেতিয়া দেৱাল ওখ হৈ গ’ল, তেতিয়া ইছমাঈল (আঃ)য়ে (মাকামে ইব্ৰাহীম নামে খ্যাত) পাথৰটি আনিলে আৰু ইব্ৰাহীম (আঃ)ৰ কাৰণে তাক যথাস্থানত ৰাখিলে। ইব্ৰাহীম (আঃ)য়ে তাৰ ওপৰত থিয় হৈ নির্মাণৰ কাম কৰিবলৈ ধৰিলে। আৰু ইছমাঈল (আঃ)য়ে তেখেতক পাথৰ যোগান ধৰি থাকে। তেতিয়া তেওঁলোক উভয়ে এই দু‘আ কৰি থাকিলে, ‘হে আমাৰ প্ৰতিপালক! আমাৰ ফালৰ পৰা তুমি কবুল কৰা। নিশ্চয় তুমি সৰ্বশ্ৰোতা, সৰ্বজ্ঞ’। তেওঁলোক উভয়ে পুনৰ কা‘বা ঘৰ তৈয়াৰ কৰি থাকে আৰু কা‘বা ঘৰৰ চাৰিওফালে ঘূৰি ঘূৰি এই দু‘আ কৰি থাকে- ‘হে আমাৰ প্ৰতিপালক! আমাৰ ফালৰ পৰা তুমি কবুল কৰা। নিশ্চয় তুমি সৰ্বশ্ৰোতা, সৰ্বজ্ঞ’। (আল-বাকাৰাহঃ ১২৭) (বুখাৰী ৩৩৬৪, ২৩৬৮) (আঃ প্রঃ ৩১১৪, ইঃ ফাঃ ৩১২২)

Leave a comment