আৰু যিসকলে আল্লাহৰ পথত নিহত হয়, সিহঁতক মৃত বুলি নামাতিবা, বৰং সিহঁত জীৱিত; কিন্তু তোমালোকে উপলব্ধি কৰিব নোৱাৰা।* (ছুৰা বাক্বাৰাহ : ১৫৪)

وَلَا تَقُولُوا لِمَنْ يُقْتَلُ فِي سَبِيلِ اللَّهِ أَمْوَاتٌ ۚ بَلْ أَحْيَاءٌ وَلَٰكِنْ لَا تَشْعُرُونَ

*আৰু যিসকলে আল্লাহৰ পথত নিহত হয়, সিহঁতক মৃত বুলি নামাতিবা, বৰং সিহঁত জীৱিত; কিন্তু তোমালোকে উপলব্ধি কৰিব নোৱাৰা।* (ছুৰা বাক্বাৰাহ : ১৫৪)

*১। ব্যাখ্যা-* (তফছীৰ আবু বকৰ যাকাৰীয়া) প্রত্যেক মৃত ব্যক্তিয়ে আলমে-বৰযখত বা কবৰত বিশেষ ধৰণৰ এক প্রকাৰ হায়াত বা জীৱনপ্রাপ্ত হয় আৰু সেই জীৱনত সংশ্লিষ্ট ব্যক্তিয়ে কবৰৰ আযাব বা ছওৱাব ভোগ কৰি থাকে। কিন্তু সেই জীৱনৰ হাকীকত আমি নাজানোঁ। যিসকল লোক আল্লাহৰ পথত নিহত হয়, তেওঁলোকক শ্বহীদ বোলা হয়। তেওঁলোকৰ মৃত্যুক অন্যান্যসকলৰ মৃত্যুৰ সমপর্যায়ভুক্ত বুলি ভাৱিবলৈ নিষেধ কৰা হৈছে। কিয়নো, মৃত্যুৰ পিছত প্রত্যেকেই বৰযখৰ জীৱন লাভ কৰি থাকে আৰু সেই জীৱনৰ পুুৰস্কাৰ অথবা শাস্তি ভোগ কৰি থাকে। কিন্তু শ্বহীদসকলক সেই জীৱনৰ অন্যান্য মৃতসকলৰ তুলনাত এটা বিশেষ বৈশিষ্ট্যপূর্ণ মর্যাদা দান কৰা হয়। হাদীছত আহিছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,

“শ্বহীদসকলৰ ৰূহক সেউজীয়া পক্ষীত প্রতিস্থাপন কৰা হয়, ফলত তেওঁলোকে জান্নাতৰ য’লৈ ইচ্ছা তালৈ ঘূৰি ফুৰিব পাৰে। তাৰ পিছত তেওঁলোকে আৰশ্বৰ তলত অৱস্থিত কিছুমান পোহৰ চাকিৰ মাজত সোমাই পৰে। তেতিয়া তেওঁলোকৰ ৰব’-এ তেওঁলোকৰ প্রতি এক দৃষ্টিৰে তেওঁলোকক প্ৰশ্ন কৰে, তোমালোকে কি বিচৰা? তেওঁলোকে কয় হে ৰব! আমি কি বিচাৰিব পাৰো? আমাক যি দিছে সেইটো তো আপুনি আপোনাৰ কোনো সৃষ্টিকেই দিয়া নাই? তাৰ পিছতো তেওঁলোকৰ ৰব’-এ পুনৰ তেওঁলোকৰ প্রতি দৃষ্টি দি অনুৰূপ প্রশ্ন কৰে। যেতিয়া তেওঁলোকে বুজিলে যে, তেওঁলোকে কিবা বিচাৰিবই লাগিব, তেতিয়া তেওঁলোকে কয়, আমি বিচাৰোঁ আপুনি আমাক দুনিয়াৰ জীৱনলৈ ওভোতাই পঠাওঁক, যাতে আমি পুনৰাই আল্লাহৰ পথত জিহাদ কৰি শ্বহীদ হ’ব পাৰোঁ। শ্বহীদসকলৰ ছওৱাবৰ আধিক্য দেখিয়েই তেওঁলোকে এই কথা কব- তেতিয়া তেওঁলোকৰ মহান ৰব’-এ তেওঁলোকক কব, আমি এইটো পূর্বে নির্ধাৰিত কৰি লৈছোঁ যে, ইয়াৰ পৰা পুনৰ উভতি যোৱাৰ কোনো সুযোগ নাই।” [মুছলিম: ১৮৮৭]

কিন্তু সাধাৰণ নিয়মত শ্বহীদসকলক মৃত বুলি ধৰা হয় আৰু তেওঁলোকৰ পৰিত্যক্ত সম্পত্তি ওৱাৰিছসকলৰ মাজত বন্টন কৰা হয়, তেওঁলোকৰ বিধবাসকলে আনৰ সৈতে পুনর্বিবাহত বহিব পাৰে। যিহেতু বৰযখৰ অৱস্থা মানুহৰ সাধাৰণ পঞ্চেন্দ্রিয়ৰ মাধ্যমত অনুভৱ কৰিব পৰা নাযায়, সেয়েহে কুৰআনত শ্বহীদৰ সেই জীৱন সম্পর্কে (আৰবি) (তোমালোকে বুজিব নোৱাৰা) বুলি কোৱা হৈছে। ইয়াৰ মর্মার্থ হ’ল এই যে, সেই জীৱন সম্পর্কে অনুভৱ কৰাৰ দৰে অনুভূতি তোমালোকক দিয়া হোৱা নাই। এই আলোচনাৰ পৰা এই কথা সুস্পষ্ট হ’ল যে, শ্বহীদসকল পার্থিৱ জীৱনৰ দৰে জীৱিত নহয়। তেওঁলোকক জীৱিত বোলা হৈছে এইকাৰণে যে, আল্লাহ্ তা’আলাই তেওঁলোকক বৰযখত বিশেষ এটা জীৱন দিছে, যাৰ হাকীকত বা বাস্তৱতা সম্পর্কে আল্লাহেই ভালদৰে জানে।

*২। ব্যাখ্যা-* (তফছীৰ আহচানুল বয়ান) শ্বহীদসকলক মৃত বুলি নোকোৱাটো তেওঁলোকৰ শ্রদ্ধা ও সন্মানৰ কাৰণ। পক্ষান্তৰে তেওঁলোকৰ সেই জীৱন বাৰযাখৰ জীৱন যিটো আমাৰ অনুভূতি ও উপলব্ধিৰ অনেক ঊর্ধ্বত। এই বাৰযাখী জীৱন মর্যাদাৰ স্তৰ অনুযায়ী আম্বিয়া, মু’মিনসকল আনকি কাফেৰসকলেও লাভ কৰিব। শ্বহীদসকলৰ আত্মা আৰু কোনো কোনো বর্ণনাত আহিছে, মু’মিনসকলৰ আত্মাইও এটি পক্ষীৰ মাজত বা বুকুত অৱস্থান কৰি জান্নাতৰ য’লৈ ইচ্ছা বিচৰণ কৰিব। (ইবনে কাছীৰ, দ্রষ্টব্যঃ আলে-ইমৰান ১৬৯ আয়াত)

Leave a comment