————————————-
লক্ষ লক্ষ হাজীৰ সন্মুখত মছজিদে নামিৰাৰ পৰা হজ্বৰ খুৎবাহ দিলে কাবাৰ ইমামে। তেখেতৰ ভাষণৰ গুৰুত্বপূৰ্ণ কিছু কথা-
১। তাওহীদ প্রতিষ্ঠা কৰিব লাগিব।
২। ৰিছালাতৰ বাণী মানুহৰ ওচৰত পৌঁছাব লাগিব।
৩। ইমান আৰু আমল একমাত্র জান্নাতৰ পথ।
৪। ইছলামৰ পাঁচটি স্তম্ভ ঠিক ৰাখিব লাগিব।
৫। ছালাত কায়েম কৰিব লাগিব।
৬। জাকাতে আমাক অর্থনৈতিক মুক্তি দিব।
৭। ৰমজানৰ ছিয়াম আমাৰ গুনাহ মাফৰ মাধ্যম।
৮। হজ্জে মাবৰুৰৰ প্রতিদান জান্নাত।
৯। আল্লাহৰ ৰছীক দৃঢ়ভাৱে ধৰিব লাগিব।
১০। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক গোটেই বিশ্বৰ ৰহমত হিচাপে পঠোৱা হৈছে।
১১। কুৰআনেই হ’ল হেদায়াতৰ একমাত্র কিতাব।
১২। কুৰআনেই মুছলিম জাতিক মুক্তি দিব পাৰে।
১৩। অশ্লীলতা-নিৰ্লজ্জতাৰ পৰা মুছলিম জাতি দুৰত থাকিব লাগিব।
১৪। হত্যা-ৰক্তপাত ইছলামে সমর্থন নকৰে।
১৫। ইছলামৰ সৈতে সন্ত্রাসৰ কোনো সম্পর্ক নাই।
১৬। ওৱাদা পালনত সচেষ্ট থাকিব, আমানত ৰক্ষা কৰি চলিব, মিছা কথা কব নোৱাৰিব।
১৭। আনৰ সম্পদ অন্যায়ভাৱে ভক্ষণ নকৰিব।
১৮। আল্লাহৰ বাহিৰে কাৰোঁ গোলামী কৰিব নোৱাৰিব।
১৯। শ্বৰীয়াতৰ আইন সকলোৰে কাৰণে কল্যাণকৰ।
২০। মুছলিম জাতি আজি নির্যাতিত, আমাৰ উত্তম চৰিত্রৰ দ্বাৰা তাৰ পৰা মুক্ত হ’ব লাগিব।
২১। এই মক্কা শান্তিৰ চহৰ। তেনেদৰে ইয়াৰ পৰা শিক্ষা লব লাগিব।
২২। মক্কা-মদিনা হ’ল ইছলামৰ মার্কাজ।
২৩। মছজিদে আকছা আছিল আমাৰ প্রথম কিবলা, আল্লাহে যেন তাক ওভোতাই দিয়ে।
২৪। আল্লাহৰ জিকিৰ বেছি বেছি কৰিব লাগিব।
২৫। হজ্জ-ওমৰা কৰিব লাগিব কেৱল আল্লাহৰ কাৰণে।
২৬। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এই আৰাফাতত থিয় হৈ খুৎবাত যি কৈ গৈছে তাক আমি মনত ৰাখিত লাগিব।
২৭। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ৰাখি যোৱা দুটি বস্তু অর্থাৎ কুৰআন-হাদীছক দৃঢ়ভাৱে খামুচি ধৰিব লাগিব।
২৮। আলিমসকল জাতিৰ শ্রেষ্ঠ সন্তান। তেওঁলোকৰ দায়িত্ব হ’ল ছহীহ কুৰআন-হাদীছ মানুহৰ ওচৰত পৌঁছাই দিয়া।
২৯। মছজিদে আকছা মুছলিমসকলৰ মছজিদ ওভোতাই দিয়াৰ কাৰণে আৰু নির্যাতিত ফিলিস্তিনিসকলৰ কাৰণে দু‘আ কৰিলে। তাৰ পিছত তেওঁ ছৌদি চৰকাৰৰ প্রশংসা কৰে আৰু সকলোৰে কাৰণে দু‘আ কৰে।
অসমীয়া অনুবাদ : জুবাইৰ ৰহমান