আৰাফাৰ দিনৰ ছিয়াম ( ৰোজা) পালনৰ ফজীলতঃ

🌈আৰাফাৰ ছিয়াম পালনৰ ফজীলতঃ عَنْ أَبي قَتَادَةَ رضي الله عنه، قَالَ: سُئِلَ رَسُولُ اللهِ ﷺ، عَنْ صَومِ يَوْمِ عَرَفَةَ، قَالَ “يُكَفِّرُ السَّنَةَ المَاضِيَةَ وَالبَاقِيَةَ.”* *_____رواه مسلم. ছহীহ মুছলিম ৭৪৯। আবু কাতাদা (ৰাঃ)-ৰ দ্বাৰা বর্ণিত, ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ মই আল্লাহ্ তা’আলাৰ ওচৰত আৰাফাতৰ দিনৰ ৰোজা সম্পর্কে আশা কৰোঁ যে, তেওঁ ইয়াৰ মাধ্যমত পূর্বৱর্তী এক বছৰ আৰু পৰৱর্তী এক বছৰৰ গুনাহসমূহ ক্ষমা কৰি দিব। — ছহীহ, ইবনু মা-জাহ (১৭৩০), মুছলিম আবু ছাঈদ (ৰাঃ)-ৰ পৰাও এই অনুচ্ছেদত হাদীছ বর্ণিত আছে। আবু ঈছাই আবূ কাতাদা (ৰাঃ)-ৰ বর্ণিত হাদীছটিক হাছান বুলি কৈছে। আৰাফাতত অৱস্থানৰত ব্যক্তিসকলৰ বাহিৰে অন্যসকলৰ কাৰণে এই দিনত ৰোজা পালন কৰাক বিশেষজ্ঞ আলিমসকলে মুস্তাহাব বুলি কৈছে।

Leave a comment