আহলে হাদীছ সন্দৰ্ভত কিছু তথ্যভিত্তিক আলোচনা

আহলে হাদীছ সন্দৰ্ভত কিছু তথ্যভিত্তিক আলোচনা :
 
      প্ৰকৃততে আহলে হাদীছ কোনো দলৰ নাম নহয়, ই হ’ল ইছলামৰ এক বিশুদ্ধ আক্বীদা বা পথৰ নাম। পৱিত্ৰ কুৰআন আৰু চহীহ হাদীছ মুতাবিক জীৱন-যাপন কৰা বা কৰিবলৈ প্ৰচেষ্টা চলোৱা প্ৰতিজন ঈমানদাৰ মুছলিমেই একো একোজন আহলে হাদীছ। সাধাৰণতে আহলে হাদীছ বিভিন্ন নামেৰে পৰিচিত—-আহলে চুন্নাত অল জামা‘আত, আচহাবুল হাদীছ, চালাফী, মুহাম্মদী আদি।
        আবূ চাঈদ খুদৰী ৰাজি আল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেওঁ মুছলিম যুৱকসকলক দেখাৰ পিছত কৈছিল, “ৰাছুলুল্লাহ চাল্ললাহু আলাইহি অছাল্লামৰ অচীয়ত মুতাবিক মই শুভেচ্ছা জনাইছোঁ। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক তোমালোকৰ বাবে মজলিছ প্ৰশস্ত কৰাৰ আৰু তোমালোকক হাদীছ বুজোৱাৰ নিৰ্দেশ দি গৈছে। কিয়নো তোমালোকেই আমাৰ পৰৱৰ্তী বংশধৰ আৰু পৰৱৰ্তী আহলে হাদীছ।” —ইবনে মাজাহ, ২৪৭ নং হাদীছ/ বায়হাকী, ১৭৪১ নং হাদীছ।

      বিখ্যাত তাবিঈ ইমাম শ্বাবী (ৰহঃ) এ চাহাবায়ে কিৰামৰ জামা‘আতক আহলুল হাদীছ বুলি কৈছিল। —-তাজকিৰাতুল হুফ্ফাজ।

      তাবিঈ আব্দুল্লাহ ইবনে মুবাৰক (ৰহঃ) এ কৈছিল, “নাজী দল হ’ল আহলে হাদীছ জামা‘আত। মানুহৰ ভিতৰত তেওঁলোকেই চিৰাতে মুস্তাকীম (সৰল পথ) ৰ ওপৰত সকলোতকৈ সুদৃঢ়।” —-শ্বাৰফু আচহাবিল হাদীছ।

     ইমাম শ্বাফী (ৰহঃ) এ কৈছিল, “যেতিয়া মই কোনো আহলে হাদীছক দেখোঁ, তেতিয়া মই যেন ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক জীৱন্ত ৰূপত দেখোঁ।” —-শ্বাৰফু আচহাবিল হাদীছ।

      এই কথা হয়তো বহুতেই নাজানে যে মোগল শাসক মুহাম্মাদ বিন টোগলক (১৩২৫-১৩৫১), আব্দুল আজীজ মুহাদ্দীছ দেহলৱী, শ্বাহ ৱালীউল্লাহ (১৭০২-১৭৬৩), আলীগৰ মুছলিম বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাতা চাৰ চৈয়দ আহমদ খান  (১৮১৭-১৮৯৮), শ্বাইখ আব্দুল হক্ক মুহাদ্দীছ, বেনাৰছ–এইসকল আছিল আহলে হাদীছ। তদুপৰি বিদগ্ধ ইছলামী পণ্ডিত, ভাৰতীয় জাতীয় কংগ্ৰেছৰ একালৰ সভাপতি, স্বাধীন ভাৰতৰ প্ৰথমজন শিক্ষামন্ত্ৰী আবুল কালাম আজাদ (1888-1958) আছিল আহলে হাদীছ। ভাৰতৰ স্বাধীনতা আন্দোলনত আহলে হাদীছৰ অজস্ৰ আলীম আৰু সাধাৰণ লোকে অংশগ্ৰহণ কৰিছিল। ইয়াৰে ভালেমান আলীম আৰু সাধাৰণ লোকে শ্বাহাদাত বৰণ কৰিছিল।

       আব্দুল কাদীৰ জিলানী (ৰহঃ) এ নিজকে আহলে হাদীছ বুলি তেওঁৰ দ্বাৰা ৰচিত কিতাবত লিখিছিল। বৰ্তমান কা’বা শ্বৰীফৰ প্ৰধান ইমাম হাফিজ, ক্বাৰী ড° আব্দুৰ ৰহমান আচ চুদাইছে নিজকে আহলে হাদীছ বুলি কৈছে।

      ভাৰতৰ প্ৰথমটো বৃহৎ ধৰ্মীয় সংগঠন জমিয়তে আহলে হাদীছ, হিন্দ প্ৰতিষ্ঠিত হৈছিল ১৯০৬ চনত। ইয়াৰ তেৰ বছৰ পিছতহে ১৯১৯ চনত জমিয়ত উলামায়ে হিন্দৰ জন্ম হৈছিল।

      একাংশ ঠেক দৃষ্টিভংগী সম্পন্ন, জ্ঞানপাপী লোকে আহলে হাদীছক খ্ৰীষ্টানৰ দালাল, ইহুদীৰ দালাল, আহলে খবীছ আদি নাম দি বিভিন্ন ধৰণে অপপ্ৰচাৰ চলাই অহাটো, গুৱাল গালি পাৰি অহাটো কিমানদূৰ যুক্তিসংগত, গ্ৰহণযোগ্য, সেয়া আপোনালোকৰ বিবেচনাধীন।

    এই কথা দিনৰ পোহৰৰ দৰে বাস্তৱ সত্য যে বিশ্বৰ চাৰিওফালে লাখ লাখ আহলে হাদীছৰ মুফতী, মুহাদ্দীছ, হাফিজ, ক্বাৰী, ঈমানদাৰ মুছলিম সিচঁৰিত হৈ আছে। বৰ্তমান ভাৰতবৰ্ষৰ প্ৰায় পাঁচ কোটিৰো অধিক লোক আহলে হাদীছ।

✍✍✍… Nurul Hoque 

Leave a comment