আহক সকলোৱে ইন শ্বা আল্লাহ – দলীল বিহীন আমল পৰিত্যাগ কৰি, কোৰআন হাদীছ খামুচি ধৰো !!

☞☞ গন্তব্য স্থান ☜☜
       
” দলীল বিহীন আমল
                বঠা বিহীন নাৱৰ সদৃশ “

  নাৱৰীয়াই যিদৰে নিজৰ গন্তব্য স্হানত উপনীত হবলৈ হলে বঠাৰ প্ৰয়োজন , ঠিক একেদৰেই কোনো ইবাদত কাৰীয়ে চিৰাতাল মুছতাকীমেৰে গতি কৰি জান্নাত মুখী হবলৈ , তেওঁ কৰা আমলৰ দলীল থকা প্ৰয়োজন !!
     
       বঠা বিহীন নাও খনক বতাহে যিদৰে  দিকবিহীন ভাবে গতি কৰাই নিজৰ লক্ষ্যস্হানৰ পৰা আঁতৰাই নিয়ে , দলীল বিহীন আমলেও আমাক চুন্নত বিহীন ইবাদত কৰাই সদায়েই আমাক পথভ্ৰষ্ট কৰে !!

সেয়েহে সময় থাকোঁতেই সজাগ হওক , আপোনাৰ আমল অনুসন্ধান কৰক !!
               
                   সাৱধান !!

উজ্জ্বল বস্তু মানেই যিদৰে সোণ নহয় , ইবাদত কৰিছো বুলি ভাবিলেই কবুল নহয় !!

আমি পাহৰি গলে নহব যে – ইবাদত কবুলৰ প্ৰাথমিক স্বৰ্তই হৈছে তৰিকা একমাত্ৰ মুহাম্মদ চল্লাল্লাহু আলাইহি অছাল্লামে দেখুৱাই যোৱা পদ্ধতি হবই লাগিব !! বাকী সকলো তৰিকা আল্লাহৰ দৰবাৰত সিদিনা তিলতিলকৈ প্ৰত্যখিত হব !! জাহান্নাম হয়তো আমাৰ বাবে তেতিয়া একমাত্ৰ পৰিণতি হব !!

  সেয়েহে আহক সকলোৱে ইন শ্বা আল্লাহ –
     
 । । । । দলীল বিহীন আমল পৰিত্যাগ কৰি,
                    কোৰআন হাদীছ খামুচি ধৰো !!
                 দ্বীনৰ ফিৰকা বাজী পৰিহাৰ কৰি ,                    একতাৰ দোলেৰে জীৱন গঢ়ো !!

( ✍✍  মোক্তাবুল হুছেইন )

Leave a comment