আহক! নিজকে সংশোধন কৰাৰ কথা চিন্তা কৰোঁ। পুৰুষে ভৰিৰ সৰুগাঁঠিৰ তললৈ কাপোৰ ওলোমাই পিন্ধা হাৰাম!

আহক! নিজকে সংশোধন কৰাৰ কথা চিন্তা কৰোঁ।

পুৰুষে ভৰিৰ সৰুগাঁঠিৰ তললৈ কাপোৰ ওলোমাই পিন্ধা হাৰাম!

আবু যৰ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলইহি ওৱা ছাল্লামে কৈছে, “কিয়ামতৰ দিনা আল্লাহ তাআলাই তিনি প্ৰকাৰ ব্যক্তিৰ সৈতে কথাও নাপাতে সিহঁতৰ ফালে দৃষ্টিপাতো নকৰে। আনকি তেওঁ সিহঁতক গুনাহৰ পৰা পবিত্র নকৰে। বৰং সিহঁতৰ কাৰণে আছে কষ্টদায়ক শাস্তি। মই প্ৰশ্ন কৰিলোঁ, তেওঁলোক কোন? কিন্তু তেওঁলোক তো ধ্বংস, তেওঁলোকে নিস্তাৰ পোৱাৰ কোনো পথ নাই। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাহি ওৱা ছাল্লামে এই কথা তিনিবাৰ কৈছে। তেওঁলোক হ’ল-

১) যি ব্যক্তিয়ে ভৰিৰ সৰুগাঁঠিৰ তললৈ কাপোৰ ওলোমাই পিন্ধে।

২) যি ব্যক্তিয়ে মিছা শপত খাই ব্যাৱসায়ৰ পণ্য-সামগ্ৰী বিক্রী কৰে।

৩) যি ব্যক্তিয়ে কাৰোবাৰ উপকাৰ কৰি খোটা দিয়ে। (মুছলিম, তিৰমিজী, আবু দাউদ ও ইব্‌ন মাজাহ্‌)।

আবু হুৰাইৰা ৰাদ্বিয়াল্লাহু আনহুৱে নবী চাল্লাল্লাহু আলাহি ওৱা ছাল্লামৰ পৰা বর্ণনা কৰি কৈছে, “লুঙ্গিৰ যি অংশ ভৰিৰ সৰুগাঁঠিৰ তললৈ ওলমি থাকিব সেই অংশ জুইত প্রজ্জলিত হব।” (বুখাৰী)

জাবেৰ ইব্‌ন চুলাইম ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামে কৈছে, “ভৰিৰ সৰুগাঁঠিৰ তললৈ ওলোমাই কাপোৰ পিন্ধাৰ পৰা সাৱধান হোৱা। কাৰণ, সি হ’ল অহংকাৰৰ অন্তর্ভূক্ত আৰু আল্লাহে অহংকাৰ কৰাটো পছন্দ নকৰে।” (আবু দাঊদ। আলবানীয়ে হাদীছটো ছহীহ বুলি কৈছে)।

ইব্‌ন বায আৰু ইব্‌ন উছাইমীন (ৰাহ.) ৰ ফাতওৱা-

ইব্‌ন বায (ৰাহ.)য়ে কৈছে, “যি কোনো অৱস্থাত ভৰিৰ সৰুগাঁঠিৰ তললৈ ওলোমাই কাপোৰ পিন্ধাটো ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামে অহংকাৰৰ অন্তৰ্ভূক্ত বুলি কৈছে। কাৰণ, তেওঁ কৈছে, “ভৰিৰ সৰুগাঁঠিৰ তললৈ কাপোৰ ওলোমাই পিন্ধাৰ পৰা সাৱধান! কাৰণ সেইটো অহংকাৰৰ অন্তর্ভূক্ত।” ইয়াত তেওঁ বিশেষ কোনো অৱস্থাক বাদ দিয়া নাই। গতিকে যি ব্যক্তিয়ে ইচ্ছা কৰি ভৰিৰ সৰুগাঁঠিৰ তললৈ ওলোমাই কাপোৰ পিন্ধিব তেওঁ শাস্তিৰ আওতালৈ ঘূৰি আহিব। সেইটো পায়জামা হওঁক বা লুঙ্গি, কুর্তা বা অন্য কোনো পোচাক হওঁক। কোনো পোচাকৰ ক্ষেত্রতেই ভৰিৰ সৰুগাঁঠিৰ তললৈ ওলোমাই কাপোৰ পিন্ধাৰ সুযোগ নাই।”

মুহাম্মাদ ইব্‌ন চালেহ আল উছাইমীন (ৰাহ.)য়ে কৈছে, “অহংকাৰ বশতঃ যি ব্যক্তিয়ে লুঙ্গি ভৰিৰ সৰুগাঁঠিৰ তললৈ ওলোমাই পিন্ধিব তেওঁৰ শাস্তি হ’ল, কিয়ামতৰ দিনা আল্লাহে তেওঁৰ সৈতে কথা তো নাপাতেই বৰং তেওঁৰ ফালে দৃষ্টিপাতো নকৰে। আনকি আল্লাহে তেওঁক গুনাহৰ পৰা পবিত্র নকৰিব¸ বৰং তেওঁৰ কাৰণে আছে কষ্টদায়ক শাস্তি আৰু যদি অহংকাৰ বশতঃ কাপোৰ ওলোমাই পিন্ধে তেনেহ’লে তেওঁৰ শাস্তি হ’ল, তেওঁ যিমানখিনি কাপোৰ ভৰিৰ সৰুগাঁঠিৰ তললৈ ওলোমাই পিন্ধিছিল সিমানখিনি জুইত প্রজ্জলিত হ’ব। (তথ্যসূত্রঃ ফাতওৱা আল বালাদুল হাৰাম, ১৫৪৭, ১৫৪৯, ১৫৫০ নং পৃষ্ঠা)

(  ✍.. মাহিবুৰ ৰহমান )

Leave a comment