আশুৰাৰ সঠিক ইতিহাস ও ফজিলতঃ

আশুৰাৰ সঠিক ইতিহাস ও ফজিলতঃ
“””””””””””””””””””””””””””””””””””””””””””””
মহান আল্লাহে আমাৰ কাৰণে ৪টা মাহ যেনে- যিলকদ, জিলহজ্ব, মুহাৰ্ৰম আৰু ৰজবক হাৰাম তথা সন্মানিত মাহ কৰিছে। আল্লাহে কৈছে,

ﺇِﻥَّ ﻋِﺪَّﺓَ ﺍﻟﺸُّﻬُﻮﺭِ ﻋِﻨﺪَ ﺍﻟﻠَّﻪِ ﺍﺛْﻨَﺎ ﻋَﺸَﺮَ ﺷَﻬْﺮًﺍ ﻓِﻲ ﻛِﺘَﺎﺏِ ﺍﻟﻠَّﻪِ ﻳَﻮْﻡَ ﺧَﻠَﻖَ ﺍﻟﺴَّﻤَﺎﻭَﺍﺕِ ﻭَﺍﻟْﺄَﺭْﺽَ ﻣِﻨْﻬَﺎ ﺃَﺭْﺑَﻌَﺔٌ ﺣُﺮُﻡٌ ۚ ﺫَٰﻟِﻚَ ﺍﻟﺪِّﻳﻦُ ﺍﻟْﻘَﻴِّﻢُ ۚ ﻓَﻠَﺎ ﺗَﻈْﻠِﻤُﻮﺍ ﻓِﻴﻬِﻦَّ ﺃَﻧﻔُﺴَﻜُﻢْ ۚ ﻭَﻗَﺎﺗِﻠُﻮﺍ ﺍﻟْﻤُﺸْﺮِﻛِﻴﻦَ ﻛَﺎﻓَّﺔً ﻛَﻤَﺎ ﻳُﻘَﺎﺗِﻠُﻮﻧَﻜُﻢْ ﻛَﺎﻓَّﺔً ۚ ﻭَﺍﻋْﻠَﻤُﻮﺍ ﺃَﻥَّ ﺍﻟﻠَّﻪَ ﻣَﻊَ ﺍﻟْﻤُﺘَّﻘِﻴﻦَ

-নিশ্চয় আকাশসমূহ আৰু পৃথিৱী সৃষ্টিৰ দিনৰ পৰাই আল্লাহৰ বিধানত মাহবোৰৰ গণনা বাৰটা। তাৰে মাজত চাৰিটা মাহ নিষিদ্ধ, এইটোৱে প্ৰতিষ্ঠিত দ্বীন। এতেকে ইয়াৰ মাজত তোমালোকে নিজৰ প্ৰতি যুলুম নকৰিবা, আৰু তোমালোকে মুশ্বৰিকসকলৰ লগত সৰ্বাত্মকভাৱে যুদ্ধ কৰা, যেনেকৈ সিহঁতে তোমালোকৰ বিৰুদ্ধে সৰ্বাত্মকভাৱে যুদ্ধ কৰি থাকে; আৰু জানি থোৱা, নিশ্চয় আল্লাহ মুত্তাক্বীসকলৰ লগত আছে। [ছুৰা তাওবাহ: ৩৬]
.
বছৰৰ প্রথম মাহ মুহাৰ্ৰমৰ দহ তাৰিখক আশুৰা বোলা হয়। আশুৰা শব্দটি শুনিলেই সাধাৰণ মানুহৰ যেন গা শিয়ঁৰি উঠে। কাৰণ, আশুৰা বুলিলেই তেওঁলোকৰ ধাৰণা #কাৰবালা।
.
আকৌ কাৰবালা মানেই নবী ﷺ ৰ নাতি ইমাম হুছাইন ইবনে আলী (ৰাঃ)-ৰ পৰিবাৰৰ মর্মান্তিক শ্বাহাদাতৰ ঘটনা।
.
■ আশুৰাৰ ছিয়ামৰ মূল ইতিহাসঃ

আমি আশুৰাৰ যি ছিয়ামৰ কথা ইমান দিনে শুনি আহিছোঁ তাৰ সৈতে কাৰবালাৰ এই ঘটনাৰ কোনো সম্পর্ক নাই! মূলতঃ এই দিনত মূছা (আঃ) ও তেওঁৰ জাতি বনী ইছৰাঈলে ফেৰাউনৰ অন্যায়-অত্যাচাৰ, নিষ্পেষণ ও গোলামিৰ পৰা মিছৰ এৰি সাগৰ পাৰ হৈ নাজাত পাইছিল, সেয়ে তেওঁ আল্লাহৰ শ্বুকৰিয়া ও কৃতজ্ঞতার্থে এই দিনত ছিয়াম পালন কৰিছিল আৰু পৰৱর্তী কালত বনী ইছৰাঈলসকলেও এই দিনত ছিয়াম ৰাখিছিল।
.
◉ কোৰআনত বর্ণিত ইতিহাস:
মহান আল্লাহে কৈছে,

“আৰু স্মৰণ কৰা, যেতিয়া আমি তোমালোকৰ বাবে সাগৰক দুভাগ কৰিছিলো আৰু তোমালোকক উদ্ধাৰ কৰিছিলো আৰু তোমালোকৰ চকুৰ আগতে ফিৰআউনৰ বংশক ডুবাই মাৰিছিলো।” [ছুৰা বাক্কাৰা: ৫০]
.
মহান আল্লাহে আকৌ কৈছে,

আৰু আমি বনী ঈছৰাইলক সাগৰ পাৰ কৰালো। ফিৰআউন আৰু তাৰ সৈন্যবাহিনীয়ে ঔদ্ধত্য সহকাৰে আৰু সীমালংঘন কৰি তেওঁলোকৰ পিছ ল’লে। অৱশেষত যেতিয়া সি ডুবিবলৈ ধৰিলে তেতিয়া ক’লে, ‘মই ঈমান আনিলো যে, নিশ্চয় তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, যাৰ প্ৰতি বনী ঈছৰাঈলে ঈমান আনিছে, আৰু মই মুছলিমসকলৰ অন্তৰ্ভুক্ত’।

এতিয়া! অথচ ইয়াৰ পূৰ্বে তুমি অমান্য কৰিছিলা আৰু তুমি অশান্তি সৃষ্টিকাৰীসকলৰ অন্তৰ্ভুক্ত আছিলা।

‘এতেকে আজি আমি তোমাৰ শৰীৰটো ৰক্ষা কৰিম যাতে তুমি তোমাৰ পৰবৰ্তীসকলৰ বাবে নিদৰ্শন হৈ থাকা। নিশ্চয় মানুহৰ মাজত বহুতেই আমাৰ নিদৰ্শন সম্পৰ্কে উদাসীন’।
[ছুৰা ইউনুছ: ৯০-৯২]
.
◉ হাদীছত বর্ণিত ইতিহাস:
ৰাছুলুল্লাহ ﷺ য়ে যেতিয়া মদিনালৈ আগমন কৰিলে, তেতিয়া দেখিলে যে, ইহুদীসকলে আশুৰাৰ ছিয়াম পালন কৰিছে। তেতিয়া ৰাছুলুল্লাহ ﷺ য়ে তেওঁলোকক প্ৰশ্ন কৰিলে, -‘তোমালোকে এই দিনত কিয় ছিয়াম পালন কৰা’? তেওঁলোকে ক’লে, -‘এইটো এটা মহান দিবস। এই দিনত আল্লাহে মূছা (আঃ) আৰু তেওঁৰ জাতিক নাজাত দিয়ে আৰু ফেৰাউন ও তাৰ জাতিক ডুবাই ধ্বংস কৰি দিয়ে। সেয়ে মূছা (আঃ) ও তেওঁৰ জাতিয়ে এই দিনত আল্লাহৰ শ্বুকৰিয়া আদায়ৰ উদ্দেশ্যে ছিয়াম পালন কৰে। এই কাৰণে আমিও পালন কৰোঁ।’ ৰাছুলুল্লাহ ﷺ এ ক’লেঃ -‘আমি মূছা (আঃ)ৰ অনুসৰণ কৰাৰ বেছি হকদাৰ।’ ইয়াৰ পিছত ৰাছুলুল্লাহ ﷺ এ আশুৰাৰ ছিয়াম পালন কৰে আৰু ছাহাবাসকলকো ছিয়াম পালন কৰাৰ নির্দেশ দিয়ে। [বুখাৰী হ/২০২৪, ৩৩৯৭; মুছলিম হা/১১৩০]
.
ইবনে আব্বাছ (ৰাঃ)ৰ পৰা বর্ণিত, তেওঁ কৈছে, মই ৰাছুলুল্লাহ ﷺ ক যেনেকৈ গুৰুত্ব সহকাৰে আশুৰা আৰু ৰমযানৰ ছিয়ামৰ অনুসন্ধান কৰা দেখিছোঁ, অনুৰূপ অন্য কোনো ছিয়ামৰ ক্ষেত্ৰত দেখা নাই। [বুখাৰী হা/১৮৬৭; মুছলিম হা/১১৩২]
.
আয়েশ্বা ؓ -ৰ পৰা বর্ণিত, তেওঁ কৈছে, জাহেলিয়াতৰ জামানাত কুৰাইচসকলে আশুৰাৰ ছিয়াম পালন কৰিছিল আৰু ৰাছুলুল্লাহ ﷺ য়েও পালন কৰিছিল। ইয়াৰ পিছত যেতিয়া তেওঁ মদিনালৈ আগমন কৰিলে তেতিয়াও তেওঁ আশুৰাৰ ছিয়াম পালন কৰে আৰু পালন কৰাৰ কাৰণে নির্দেশ কৰে। ইয়াৰ পিছত যেতিয়া ৰমযানৰ ছিয়াম ফৰজ হ’ল তেতিয়া ৰাছুলুল্লাহ ﷺ য়ে আশুৰাৰ ছিয়াম (ফৰজ হিচাবে) পালন কৰা নাই (ছুন্নত হিচাবে পালন কৰিছে)। ইয়াৰ পিছত যিয়ে ইচ্ছা কৰে পালন কৰিছিল আৰু যাৰ পালন কৰাৰ ইচ্ছা নাই তেওঁ পালন কৰা নাছিল। [বুখাৰী হা/১৮৬৩; মুছলিম হা/১৮৯৯]

→ অর্থাৎ এই দিনত ছিয়াম পালন কৰাটো ৰমাযানৰ ছিয়াম ফৰজ হোৱাৰ পূর্বে ফৰজ আছিল।
.
■ আশুৰাৰ ছিয়াম পালন কৰাৰ নিয়মঃ

কেৱল দশম তাৰিখে ছিয়াম ৰখা জায়েয, যিটো ইবনে আব্বাছ ؓ -ৰ হাদীছত উল্লেখ কৰা হৈছে যে, ৰাছুলুল্লাহ ﷺ য়ে আশুৰাৰ ছিয়াম পালন কৰাৰ কাৰণে তাক তালাচ কৰিছিল। দশম তাৰিখৰ সৈতে নৱম তাৰিখেও পালন কৰা ছুন্নত, যাতে ইহুদী-খ্ৰীষ্টানসকলৰ সৈতে সদৃশ নহয়, আৰু এইটোৱেই হ’ল সর্বোত্তম যিটো ছাহাবায়ে কেৰামে নবী ﷺ ৰ পিছত কৰিছিল।
.
আব্দুল্লাহ ইবনে আব্বাছ ؓ -ৰ পৰা বর্ণিত, তেওঁ কৈছে,
যেতিয়া ৰাছুলুল্লাহ ﷺ য়ে আশুৰাৰ ছিয়াম পালন কৰিছিল আৰু পালন কৰাৰ কাৰণে নির্দেশ কৰে, পৰৱর্তী কালত ছাহাবীসকলে ক’লে, এই দিনটোকে ইহুদী- খ্ৰীষ্টানসকলে বহুত সন্মান কৰে, ৰাছুলুল্লাহ ﷺ য়ে ক’লেঃ আল্লাহে যদি ইচ্ছা কৰে, যেতিয়া অহা বছৰ আহিব তেতিয়া আমি নৱম তাৰিখেও ছিয়াম পালন কৰিম, কিন্তু পিছৰ বছৰ আশুৰা অহাৰ পূর্বেই ৰাছুলুল্লাহ ﷺ য়ে মৃত্যুবৰণ কৰে। [মুছলিম হা/১৯১৬, ১৯১৭]
.
আবু হুৰায়ৰা (ৰাঃ)ৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,
-ৰমযানৰ পিছত সর্বোত্তম ছিয়াম হ’ল মুহাৰ্ৰম মাহৰ ছিয়াম (অর্থাৎ আশুৰাৰ ছিয়াম) আৰু ফৰয ছালাতৰ পিছত সর্বোত্তম ছালাত হ’ল ৰাতিৰ নফল ছালাত (অর্থাৎ তাহাজ্জুদৰ ছালাত)। [মুছলিম হা/১১৬৩, মিশকাত হা/২০৩৯ ‘নফল ছিয়াম’ অনুচ্ছেদ; ঐ, বঙ্গানুবাদ হা/১৯৪১]
.
আবু ক্কাতাদাহ (ৰাঃ)ৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে- মই আশা কৰোঁ আশুৰা বা দহ মুহাৰ্ৰমৰ ছিয়াম আল্লাহৰ ওচৰত বান্দাৰ বিগত এক বছৰৰ গুনাহৰ কাফফাৰা হিচাবে গণ্য হ’ব। [মুছলিম হা/১১৬২, মিশকাত হা/২০৪৪; ঐ, বঙ্গানুবাদ হা/১৯৪৬।

☞ অর্থাৎ এইটো পূর্বৱর্তী এক বছৰৰ গুনাহৰ কাফফাৰা স্বৰূপ অর্থাৎ ইয়াৰ মাধ্যমত পূর্বৱর্তী এক বছৰৰ গুনাহ ক্ষমা হয়।

Leave a comment