আশুৰাৰ ছিয়াম কিয় ৰখা হয়?

📌আশুৰাৰ ছিয়াম কিয় ৰখা হয়?
_____________________________

১০ মহাৰ্ৰম তাৰিখে অত্যাচাৰী পাপিষ্ঠ ফেৰাঊনে, আল্লাহৰ নবী মূছা আলাইহি অছাল্লামক হত্যাৰ ঘৃণিত ষড়যন্ত্রত লিপ্ত হোৱাত ফেৰাঊনৰ সাগৰত ডুবি মৃত্যু হয় আৰু মূছা আলাইহি অছাল্লাম আৰু তেখেতৰ সম্প্রদায় বনী ইছৰাঈল আল্লাহ তা‘আলাৰ বিশেষ ৰহমতত অত্যাচাৰী ফেৰাঊনৰ হাতৰ পৰা মুক্তিলাভ কৰে। সেই কাৰণে আল্লাহৰ শুকৰিয়া হিচাবে মূছা আলাইহি অছাল্লামে মহাৰ্ৰম মাহৰ দশম তাৰিখে নফল ছিয়াম ৰাখিছিল।

আব্দুল্লাহ বিন আব্বাছ ৰাদিয়াল্লাহু আনহুৱে কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মদীনালৈ হিজৰত কৰি ইহূদীসকলক আশুৰাৰ ছিয়াম ৰখা দেখি কাৰণ জানিব বিচৰাত তেওঁলোকে ক’লে,
‘এইটো এটা মহান দিন। এই দিনত আল্লাহে মূছা আলাইহি অছাল্লাম আৰু তেখেতৰ কওমক নাজাত দিছিল আৰু ফেৰাঊনৰ লগতে তাৰ সঙ্গীসকলক ডুবাই মাৰিছিল। আল্লাহৰ শুকৰিয়া হিচাবে মূছা আলাইহি অছাল্লামে এই দিনত ছিয়াম পালন কৰে। সেয়ে আমিও এই দিনত ছিয়াম পালন কৰোঁ। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে, তোমালোকতকৈ আমিয়েই মূছা (আঃ)ৰ (আদর্শৰ) অধিক হক্কদাৰ ও অধিক দাবীদাৰ। ইয়াৰ পিছত তেখেতে ছিয়াম ৰাখে আৰু সকলোকে ৰাখিবলৈ কয়।’[ মুছলিম হা/১১৩০।]

আনহাতে কিছু নামধাৰী মুছলিমে হুছাইন (ৰাঃ)ৰ হত্যাৰ বেদনাত ক্রন্দন আৰু বিলাপ কৰে। হুছাইন (ৰাঃ)ৰ মৃত্যুত ৰোদন কৰা যদি আহলে বাইতৰ প্রতি তেওঁলোকৰ প্রকৃত ভালপোৱাৰ প্রমাণ হয়, তেনেহ’লে শ্বহীদসকলৰ চৰ্দাৰ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ চাচা হামজা (ৰাঃ)ৰ মৃত্যুত তেওঁলোকে ক্রন্দন নকৰে কিয়?

তেখেতক যি নির্মমভাৱে ও পাশবিকতাৰে হত্যা কৰা হৈছে, হুছাইন (ৰাঃ)ৰ হত্যাৰ পাশবিকতাতকৈ সেইটো কোনো গুণে কম নহয়। ছায়্যেদ হামজা (ৰাঃ)ক হত্যা কৰি তেখেতৰ পেট ফালি কলিজা বাহিৰ কৰা হৈছিল।

তেওঁলোকে কিয় এই হত্যাকাণ্ডৰ কাৰণে বছেৰেকীয়া মাতম নকৰে? তেওঁলোকৰ বুকু ও চেহেৰাত আঘাত নকৰে কিয়? কাপোৰ টানি ফালি নেপেলায় কিয়?

প্রতি বছৰে যেতিয়া উহুদ যুদ্ধৰ দিন ও তাৰিখ আহে তেতিয়া তৰোৱাল খেলি মৰিবলৈ নাহে কিয়? ছায়্যেদ হামজাহ (ৰাঃ) আহলে বাইতৰ এজন সন্মানিত সদস্য নহয় নেকি?

ইয়াতেই শেষ নহয়; ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৃত্যুতকৈ অধিক ডাঙৰ কোনো মুছীবত আছে নে? তেখেতৰ মৃত্যুত তেওঁলোকৰ ক্রন্দন ও মাতম ক’ত?

সচেতন পাঠকসকলেই এইবোৰ প্রশ্নৰ উত্তৰ বিচাৰি উলিয়াব লাগিব আৰু কাৰোঁ আকীদাত ত্রুটি থাকিলে এই বিষয়ে বিস্তাৰিত জানি তাক সংশোধন কৰি লব লাগিব।

আহলে ছুন্নত ওৱাল জামআতৰ আকীদাহ অনুযায়ী ইমাম হুছাইন বা অন্য কাৰো মৃত্যুত মাতম কৰা জায়েজ নাই।

আবু হুৰাইৰা (ৰা)ৰ পৰা বর্ণিত। তেখেতে কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ মানুহৰ মাজত এনেকুৱা দুটি স্বভাৱ আছে যি দুটা কুফৰীৰ অন্তর্ভুক্ত। কাৰো বংশক লৈ তিৰস্কাৰ কৰা আৰু মৃতকৰ কাৰণে বিলাপ/মাতম কৰি কন্দা-কটা কৰা। [ছহীহ মুছলিম, প্রথম অধ্যায়ঃ কিতাবুল ঈমান, হাদিছ নং- ১৩৫]

Leave a comment