আল কোৰআনৰ ছুৰা আল ইমৰানৰ ৭নং আয়াতৰ তৰ্জমা আৰু তফছীৰ:

#আল-কোৰআনৰ ছুৰা আলে-ইমৰানৰ ৭নং আয়াতৰ তৰ্জমা আৰু তফছীৰ:
—————————————-

#তৰ্জমা-

“তেৱেঁই তোমাৰ প্ৰতি এই কিতাব অৱতীৰ্ণ কৰিছে যিখনৰ কিছুমান আয়াত ‘মুহকাম’, সেইবোৰেই কিতাপৰ মূল; আৰু আনবোৰ হ’ল মুতাশ্বাবিহ, এতেকে যিসকলৰ অন্তৰত বক্ৰতা আছে কেৱল সিহঁতেই ফিতনা আৰু ভুল ব্যাখ্যাৰ উদ্দেশ্যে মুতাশ্বাবিহাতৰ অনুসৰণ কৰে। অথচ আল্লাহৰ বাহিৰে আন কোনেও ইয়াৰ ব্যাখ্যা নাজানে; আৰু যিসকল জ্ঞানত সুগভীৰ তেওঁলোকে কয়, ‘আমি এইবোৰৰ প্ৰতি ঈমান পোষণ কৰোঁ, এইসমূহো আমাৰ ৰবৰ পৰা আহিছে’; আৰু জ্ঞান-বুদ্ধিসম্পন্ন লোকৰ বাহিৰে আন কোনেও উপদেশ গ্ৰহণ নকৰে।” (ছুৰা আলে-ইমৰান: ৭)

#তফছীৰ

[১] مُحكَمَات (সুস্পষ্ট দ্ব্যর্থহীন) সেই আয়াতসমূহক কোৱা হয় য’ত যাৱতীয় আদেশ-নিষেধ, বিধি-বিধান, মাছালা-মাছায়েল আৰু ইতিহাস ও কাহিনী আলোচিত হৈছে; যাৰ অর্থ স্পষ্ট ও দ্ব্যর্থহীন আৰু যিসমূহ বুজিবলৈ কোনো প্রকাৰ অসুবিধা নহয় আৰু مُتَشَابِهَات (রূপক) আয়াতসমূহ ইয়াৰ বিপৰীত। যেনে, আল্লাহৰ সত্ত্বা, ভাগ্য সম্পর্কীয় বিষয়াদি, জান্নাত ও জাহান্নাম আৰু ফিৰিস্তা ইত্যাদি সম্বন্ধে। অর্থাৎ, এনেকুৱা বাস্তৱ বস্তু যাৰ বাস্তৱতা উপলব্ধি কৰিবলৈ মানুহৰ জ্ঞান-বুদ্ধি অপাৰগ অথবা যি বিষয়ত এনেকুৱা ব্যাখ্যা কৰাৰ অৱকাশ বা তাত এনেকুৱা অস্পষ্টতা ও দ্ব্যর্থতা থাকে যে, তাৰ দ্বাৰা সাধাৰণ মানুহক বিভ্রান্তি ও ভ্রষ্টতাত পেলোৱা সম্ভৱ হয়। এই কাৰণেই কোৱা হৈছে যে, যিসকলৰ অন্তৰত বক্রতা থাকে, তেওঁলোকেই অস্পষ্ট আয়াতসমূহৰ পিছত পৰি থাকে আৰু সেইসমূহৰ মাধ্যমত ফিৎনা সৃষ্টি কৰে। যেনে- খ্রীষ্টানসকলৰ অৱস্থা; কুৰআনত ঈছা (আঃ)-ক আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল বুলি কৈছে। এইটো এটা স্পষ্ট ও দ্ব্যর্থহীন কথা। কিন্তু খ্রীষ্টানসকলে এইটোক বাদ দি কুৰআনত যে ঈছা (আঃ)-ক ‘ৰুহুল্লাহ’ আৰু ‘কালিমাতুল্লাহ’ বোলা হৈছে, সেইটোকেই নিজৰ ভ্রষ্ট আকীদাৰ দলীল হিচাবে গ্রহণ কৰিছে। অথচ সেইটো ভুল। অনুৰূপ অৱস্থা বিদআতীসকলৰো; কুৰআনৰ সুস্পষ্ট আকীদাৰ বিপৰীতে বিদআতীসকলে যি ভ্রান্ত আকীদা গঢ়ি ৰাখিছে, সেইটোও এই ‘মুতাশ্বাবিহাত’ (অস্পষ্ট) আয়াতসমূহৰ ভিত্তিতেই। আকৌ কেতিয়াবা নিজৰ দার্শনিক চিন্তাধাৰাৰ কঠিন পেচৰ দ্বাৰা ‘সুস্পষ্ট’ আয়াতসমূহক ‘অস্পষ্ট’ বনাই পেলায়। (আল্লাহে আমাক এই কামৰ পৰা পানাহ দিয়ক।) পক্ষান্তৰত সঠিক আকীদা অৱলম্বন কৰা মুছলিমে ‘সুস্পষ্ট’ আয়াতসমূহৰ ওপৰত আমল কৰে আৰু ‘অস্পষ্ট’ আয়াতসমূহৰ ক্ষেত্ৰত সন্দেহ হ’লে, সেইবোৰক ‘সুস্পষ্ট’ আয়াতসমূহৰ আলোকত বুজিবলৈ চেষ্টা কৰে। কিয়নো, কুৰআনত ‘সুস্পষ্ট’ আয়াতসমূহকেই কিতাবৰ ‘মূল অংশ’ বুলি আখ্যায়িত কৰিছে। ইয়াৰ ফলত তেওঁলোকে ফিৎনাৰ পৰা বাচি যায় আৰু আকীদাৰ বিভ্রান্তিৰ পৰাও ৰেহাই পায়। আল্লাহে আমাক তেওঁলোকৰ অন্তর্ভুক্ত কৰক। আমীন।

[২] ‘তা’বীল’-ৰ এটা অর্থ হ’ল, কোনো বস্তুৰ আচল প্রকৃতত্ব, তত্ত্ব ও তাৎপর্য। এই অর্থৰ ফালে খেয়াল কৰি ‘ইল্লাল্লা-হ’ পঢ়ি ৰৈ যোৱা জৰুৰী। কাৰণ, প্রত্যেক বস্তুৰ আচল প্রকৃতত্ব স্পষ্টভাৱে কেৱল মহান আল্লাহেই জানে। ‘তা’বীল’ৰ দ্বিতীয় অর্থ হ’ল, কোনো বস্তুৰ ব্যাখ্যা, অর্থপ্রকাশ আৰু স্পষ্টভাৱে তাক বর্ণনা কৰা। এই অর্থৰ ফালৰ পৰা ‘ইল্লাল্লা-হ’ পঢ়ি নৰখি [وَالرَّاسِخُوْنَ فِي الْعِلْمِ] পঢ়ি ৰখি যায়। কাৰণ, গভীৰ জ্ঞানৰ অধিকাৰী ব্যক্তিসকলেও সঠিক ব্যাখ্যা আৰু সুস্পষ্ট বর্ণনা দিয়াৰ ক্ষমতা নাথাকে। ‘তা’বীল’ৰ এই উভয় অর্থ কুৰআনে কাৰীমত ব্যৱহৃত হৈছে। (ইবনে কাথীৰ পৰা সাৰাংশ)

Leave a comment