আল- কাওচাৰ

## আল- কাওচাৰ ##

পবিত্র কোৰআন  ৩০ পাৰাৰ মাথোঁ ৩ টি আয়াত বিশিষ্ট ১০৮ নং চুৰাটিৰ নাম হৈছে – ” আল-কাওচাৰ ” । এই চুৰাটিৰ অৱতীৰ্ণৰ পটভূমি অধ্যয়ন কৰিলে দেখা যায় যে –

                 নবী চল্লাল্লাহু আলাইহি অছাল্লামৰ নবুৱতৰ প্ৰাথমিক পৰ্য্যায় অতি কঠিন বিপদ আৰু জটিল পৰিস্থিতিৰ মাজেৰে অতিবাহিত হৈছিল । অবিশ্বাসকাৰী কুৰাইছ সকলে চাৰিওফালে প্ৰচাৰ চলাইছিল যে -“মুহাম্মদ সমগ্র জাতিৰ পৰা সম্পূৰ্ণ বিচ্ছিন্ন হৈ গৈছে আৰু এতিয়া সঙ্গীবিহীন আৰু নিঃসহায় অৱস্থাত পৰি নিৰুপায় হৈছে ” ! উক্ত সময়ৰ মক্কাৰ দলপতি আছ ইবনু ওৱাদিল ছহমীৰ আগত নবী চল্লাল্লাহু আলাইহি অছাল্লামৰ কথা কলে তেওঁ কয় – ” আৰে ! তেখেতৰ কথা বাদ দিয়ক ! তেওঁৰ এতিয়া মূলেই নাই , অৰ্থাৎ তেওঁৰ কোনো সন্তানেই নাই ! মৃত্যুৰ পাছত তেখেতৰ নাম লবলৈয়ে কোনো নাথাকিব ” ( ইবনে জৰীৰ )। নবী চল্লাল্লাহু আলাইহি অছাল্লামৰ দ্বিতীয় পুত্ৰৰ মৃত্যুৰ পাছত খুড়াক আবু লাহাবে দৌৰি দৌৰি মুছৰিক সকলক সংবাদ দি কৈছিল -” আজি মুহাম্মদ পুত্ৰহীন হৈছে !  মুহাম্মদ নিৰ্মূল হৈছে ” !

এনে এক কঠিন বিপদাপন্ন সময়ত আল্লাহ তা’আলাই নবী চল্লাল্লাহু আলাইহি অছাল্লামক কাওচাৰ দান কৰাৰ সুসংবাদেৰে এই বিশেষ চুৰাটি অৱতীৰ্ণ কৰি কৈছে –

اِناٌَ اَعْطَيْنَكَ الْكَوشَر

অৰ্থাৎ , ( হে নবী ) আমি তোমাক কাওচাৰ দান কৰিছোঁ ।

فَصَلٌِ لِرَبِكَ وانْحَرْ

গতিকে তুমি আল্লাহৰ উদ্দেশ্যে চালাত আদায় কৰা ও কুৰবানী দিয়া ।

انَُ  شَانِءَاكَ هُوَالاَبْتَرُ

নিশ্চয় তোমাৰ শত্ৰুবোৰহে প্ৰকৃততে নিবংশ ।

এই কাওচাৰ দানৰ সুসংবাদ আল্লাহে পৃথিৱীৰ আন কাকোৱেই কেতিয়াও দিয়া হোৱা নাই । এই কাওচাৰৰ অৰ্থ হৈছে ইহকাল আৰু পৰকালৰ কল্যাণ । এই কল্যাণ সমূহৰ ভিতৰত হাচৰৰ দিনৰ ” হাওজে-কাওচাৰ ” আৰু বিহিস্তৰ ” কাওচাৰ নিজৰা ” ও অন্তৰ্ভুক্ত ।

আল্লাহে আমাক সকলোকে হাচৰৰ ময়দানত নবী চল্লাল্লাহু আলাইহি অছাল্লামৰ হাতৰ কাওচাৰৰ পানী পাণ কৰাৰ সৌভাগ্য দান কৰক ।

 আমীন ….

Leave a comment