গতিকে আল্লাহ যি বস্তুৰ দ্বাৰা
তৈয়াৰ সেই বস্তু কি আল্লাহৰ
আগতেই আছিল ? ( যেনে মানুহ মাটিৰ
উপাদানৰ দ্বাৰা দৃষ্টি গতিকে মানুহ
সৃষ্টিৰ আগতে মাটিৰ অস্তিত্ব
আছিল )
,,
,,
,,
উত্তৰ :- ইছলামী ধাৰণাত আল্লাহৰ
আকাৰ
আছে, কিন্তু তেওঁৰ আকৃতি ধৰণ-গঠণ
সম্পৰ্কে মানৱ জাতি অজ্ঞাত,
পাৰ্থিৱ জীৱনত তেওঁৰ ধৰণ গঠণ
নিৰ্ণয় কৰা কাৰো পক্ষে সম্ভৱ নহয়।
,,
* এতিয়া প্ৰশ্ন উদয় হয় তেওঁৰ ধৰণ –
গঠন
সম্পৰ্কে বাখ্যা কৰা কিয় সম্ভৱ নহয় ?
,,
ইয়াৰ উত্তৰ হল —-
আল্লাহৰ সমতুল্য একো বস্তু নাই বাবে
আল্লাহৰ চেহেৰা আছে , আল্লাহৰ
সাত আছে কিন্তু আল্লাহৰ চেহেৰা
আৰু সাত মানুহৰ সমতুল্য নহয় সেইটো
কেনেকুৱা সেই বিষয়ে আল্লাই ভাল
কে জানে
,,
আল্লাহৰ সমতুল্য নথকা বিষয়ে
কুৰআনত বৰ্ণনা কৰা হৈছে এনেকৈ,,,–
,,,
—- ﴿ ﻟَﻴۡﺲَ ﻛَﻤِﺜۡﻠِﻪِۦ ﺷَﻲۡﺀٞۖ ﻭَﻫُﻮَ ﭐﻟﺴَّﻤِﻴﻊُ ﭐﻟۡﺒَﺼِﻴﺮُ
١١﴾ [ ﺍﻟﺸﻮﺭﻯ: 11 ]
“কোনো বস্তুৱেই তেওঁৰ লগত ৰিজনি
নাখাটে। তেওঁ সৰ্বশ্ৰোতা
সৰ্বদ্ৰষ্টা।” [শুৰা : ১১]
٤ : ١١٢
ﻭَﻟَﻢْ ﻳَﻜُﻦْ ﻟَﻪُ ﻛُﻔُﻮًﺍ ﺃَﺣَﺪٌ
১১২:৪ আৰু তেওঁৰ
সমতুল্য কোনো নাই’।
,,
আমি জানো মানুহ বিভিন্ন বস্তুৰ
ওপৰত নিৰ্ভৰ যেনে খাদ্য , পানী
ইত্যাদি আমি যি খাদ্য খাওঁ সেইবোৰ
মূলতঃ মাটিৰ পৰা আহে গতিকে আমি
কব পাৰোঁ মানুহ মাটিৰ ওপৰত
নিৰ্ভৰশীল বা মানুহে মাটিৰ অভাৱ
বুধ কৰে বা মানুহ এক অৰ্থত মাটিৰ
মুখাপেক্ষী
এতিয়া প্ৰশ্ন উদয় হয় আল্লাহ কোনো
বস্তুৰ মুখাপেক্ষী নিকি ? বা তেওঁ
কোনো বস্তুৰ অভাৱ বুধ কৰে নিকি ?
কিয়নো আল্লাহ যি বস্তুৰ দ্বাৰা
তৈয়াৰ সেই বস্তু যদি আগৰ পৰাই
থাকিব লগা হয় তেন্তে আল্লাহ
কোনো বস্তুৰ ওপৰত মুখাপেক্ষী হৈ
পৰিব ? বা তেওঁ কোনো বস্তুৰ অভাৱ
বুধ কৰিব কিন্তু আল্লাহ যি বস্তুৰ
দ্বাৰা তৈয়াৰ সেইটো যদি আল্লাহৰ
আগতে সৃষ্টি নহয় তেন্তে তেওঁ
কোনো বস্তুৰ অভাৱ বুধ নকৰিব আৰু
কাৰো মুখাপেক্ষীওঁ নহব
* এতিয়া প্ৰশ্ন উদয় হয় এই সম্পৰ্কে
কুৰআনত কি কোৱা হৈছে ?
এই বিষয়ে কুৰআনত কোৱা
এনেকৈ —-
٢ : ١١٢
ﺍﻟﻠَّﻪُ ﺍﻟﺼَّﻤَﺪُ
১১২:২
আল্লাহ হৈছে ছামাদ; (তেওঁ কাৰো
মুখাপেক্ষী নহয়, সকলো তেওঁৰেই
মুখাপেক্ষী)
,,
ছূৰা ফাতিৰ ১৫ নং আয়াতত আল্লাহে
এই প্রশ্নৰ উত্তৰ দিছে। তেখেতে
কৈছে,
*হে মানুহ, তোমালোক আল্লাহৰ
মুখাপেক্ষী। আৰু আল্লাহ তেখেত
অভাৱমুক্ত,
গতিকে আমি কব পাৰোঁ আল্লাহ যি
বস্তুৰ দ্বাৰা তৈয়াৰ সেইটো আল্লাহৰ
আগতে নাছিল তেওঁয়েই প্ৰথম তেওঁৰ
আগত একো বস্তু নাচিল—
٣ : ٥٧
ﻫُﻮَ ﺍﻟْﺄَﻭَّﻝُ ﻭَﺍﻟْﺂﺧِﺮُ ﻭَﺍﻟﻈَّﺎﻫِﺮُ ﻭَﺍﻟْﺒَﺎﻃِﻦُ ۖ ﻭَﻫُﻮَ ﺑِﻜُﻞِّ
ﺷَﻲْﺀٍ ﻋَﻠِﻴﻢٌ
৫৭:৩
তেৱেঁই আদি আৰু অন্ত; প্ৰকাশ্য
(ওপৰত) আৰু গোপন (ওচৰত) আৰু তেৱেঁই
সকলো বস্তু সম্পৰ্কে সম্যক অৱগত।