মহান আল্লহ তা’লাই কৈছে ,”ٍআৰু গায়েবৰ চাবি-কাঠি আছে তেওঁৰেই ওচৰত, তেওঁৰ বাহিৰে কোনেও সেয়া নাজানে।”
( ছূৰা আন-আম ৫৯)
“আল্লাহৰ বাহিৰে আকাশসমূহৰ আৰু পৃথিৱীৰ গায়েব কোনেও নাজানে ।”
(ছূৰা : নমল ৬৫)
َ”কোৱা, ‘আল্লাহে যি ইচ্ছা কৰে তাৰ বাহিৰে মোৰ নিজৰ উপকাৰ-অপকাৰৰ ওপৰতো মোৰ কোনো অধিকাৰ নাই। গায়েব বা অদৃশ্যৰ জ্ঞান যদি মোৰ থাকিলহেঁতেন তেন্তে মই বহুতো কল্যাণ লাভ কৰিলোহেঁতেন আৰু কোনো ধৰণৰ অকল্যাণেই মোক স্পৰ্শ কৰিব নোৱাৰিলেহেঁতেন। মই কেৱল ঈমান্দাৰ সম্প্ৰদায়ৰ বাবে সতৰ্ককাৰী আৰু সুসংবাদদাতাৰ বাহিৰে আন একো নহয়’।” (ছূৰা আৰাফ ; ১৮৮;)
অনেকেই ৰাছুল (ছা:)ৰ মুজেজা দেখি ভাৱে তেওঁ গায়েবৰ খবৰ জানে । আচলতে ৰাছুল চাল্লাল্লাহু আলাইহি ওৱাছাল্লামে যি কয় সেয়া হৈছে অহী । যেনে আল্লাহে কৈছে , ” তেওঁ মনেসজা কথা নকয় । ٰ
এয়া কেৱল অহী, যিটো তেওঁৰ প্ৰতি অহীৰূপে প্ৰেৰণ কৰা হয়,।” (ছূৰা নজম ; ৩ , ৪ )
এতেকে আমি বিশ্বাস কৰিব লাগিব যে , একমাত্র আল্লাহৰ বাহিৰে আন কোনেও গায়েবৰ খবৰ নাজানে । আনকি কোনো মানুহ , নবী , ৰাছুল , ফিৰিস্তা , জ্বীন , পশু পক্ষী, গছ, পীৰ , আউলিয়া , দৰবেচ ইত্যাদি কোনেও গায়েবৰ খবৰ নাজানে ।