আল্লাহৰ দৃষ্টিত আদৰ্শ নাৰী

☞☞ আল্লাহৰ দৃষ্টিত আদৰ্শ নাৰী ☜☜

      মহান আল্লাহে এনে চাৰিগৰাকী আদৰ্শবান নাৰীৰ বিষয়ে সংবাদ দিছে , যি কেইগৰাকী নাৰী পৃথিৱীৰ সকলো ইমানদাৰ নাৰীৰ বাবে অনুসৰণীয় ।” আনাচ (ৰাঃ) বৰ্ণনা কৰিছে , নবী(চঃ) য়ে কৈছে : সমগ্র বিশ্বৰ মহিলা সকলৰ মাজৰ পৰা এই চাৰিগৰাকী মহিলাৰ ফজিলত সম্পৰ্কে তোমালোক অৱগত হোৱাই যঠেষ্ট । তেওঁলোক হৈছে , ইমৰাণৰ কন্যা মাৰিয়ম , খুৱাইলিদৰ কন্যা খাদীজা , মুহাম্মদ (চঃ) কন্যা ফাতিমা আৰু ফিৰআউনৰ স্ত্ৰী আছিয়া “(তিৰমিযি হা/৩৮৭৮ , মিশকাত হাঃ/৬১৮)।

    আল্লাহে পবিত্ৰ কোৰআনত ইয়াৰে দুগৰাকী নাৰী আছিয়া আৰু বিবি মাৰিয়ামৰ চৰিত্ৰ ও আদৰ্শ নিজেই দাঙি ধৰিছে । বিশ্বৰ ইতিহাসত ফিৰআউন আছিল স্বৈৰাচাৰী , সীমালঙ্ঘনকাৰী , আল্লাহদ্ৰোহী , নিৰ্যাতনকাৰী তথা আল্লাহৰ প্ৰকাশ্য শত্ৰু । তেওঁৰ  ৰাজত্বকালত নিজকে তেওঁ বিশ্বৰ প্ৰতিপালক বুলি দাবী কৰিছিল। অথচ তেওঁৰ  পত্নী আছিয়া আছিল দ্বীনৰ পূৰ্ণ ও শক্তিশালী ইমানদাৰ নাৰী। নিজ পতিক প্ৰতিপালক হিচাবে অস্বীকাৰ কৰাৰ অপৰাধত হাত ভৰি বান্ধি বুকুত প্ৰকাণ্ড শিল ৰাখি দিয়া অমানৱীয় শাস্তি সহ্য কৰিও সাহসেৰে ফিৰআউনক কৈছিল :” আপোনাৰ , মোৰ আৰু পৃথিৱীৰ সকলো বস্তুৰেই প্ৰতিপালক একমাত্র আল্লাহ “! পৰিত্ৰাণৰ বাবে কাতৰ কণ্ঠে কেৱল আল্লাহৰ ওচৰত দো’আ কৰিছিল । সেয়েহে আল্লাহে কৈছে : ” ইমানদাৰ সকলৰ বাবে আল্লাহে ফিৰআউনৰ পত্নীৰ উপমা দিছে । তেওঁ মিনতি কৰি কৈছিল – হে মোৰ প্ৰতিপালক ! মোৰ বাবে তোমাৰ ওচৰতে জান্নাতত এটি গৃহ নিৰ্মাণ কৰা , মোক ফিৰআউন আৰু তাৰ দুস্কৰ্মৰ পৰা ৰক্ষা কৰা আৰু মোক অত্যাচাৰী লোকসকলৰ কবলৰ পৰা উদ্ধাৰ কৰা (আত-তাহৰীম/১১ )।

একেদৰেই দ্বিতীয় দৃষ্টান্ত আল্লাহে দিছে ঈছা(আঃ) ৰ মাতৃ মাৰিয়ামৰ বিষয়ে । আল্লাহে কৈছে : ” আৰু সেইদৰে উপমা দিছে ইমৰাণ তণয়া মাৰিয়মৰ , যি গৰাকীয়ে নিজ সতীত্ব ৰক্ষা কৰিছিল । পিছত আমি আমাৰ পক্ষৰ পৰাই তেওঁৰ ভিতৰত আমাৰ আত্মা ফুৱাই দিলোঁ আৰু তেওঁ তেওঁৰ প্ৰতিপালকৰ বাণীসমূহৰ আৰু পুথিসমূহৰ সত্যতা স্বীকাৰ কৰিলে । তেওঁ অনুগত দাসসকলৰ এগৰাকী আছিল ( আত-তাহৰীম/১২)। বিবি মাৰিয়মৰ চুড়ান্ত ইমানৰ পৰিচায়ক আছিল যৌনাঙ্গৰ পূৰ্ণ ৰক্ষণাবেক্ষন কাৰী , আল্লাহৰ কথা ও কিতাপৰ প্ৰতি অটল বিশ্বাসী আৰু নিয়মিত ইবাদতৰ অতুলনীয় নিদৰ্শন ।

আন দুগৰাকী মহান নাৰীৰ শ্ৰেষ্ঠতাৰ বিষয়ে নবী (চঃ) ৰ চহীহ হাদীছৰ ত্বথ্য ইতিমধ্যে দাঙি ধৰা হৈছে । ইয়াৰ ওপৰিও আবু মুছা (ৰাঃ) পৰা বৰ্ণিত হৈছে , নবী ( চঃ) কৈছে : “সকলো নাৰীৰ ওপৰত আয়েশ্বাৰ মৰ্য্যদা এনেকুৱা , যেনেকৈ সকলো খাদ্যৰ ওপৰত ছাৰীদৰ মৰ্য্যদা ( বুখাৰী হা/৩৪১১ , মুচলীম হা/৪৪৫৯ , মিশকাত হা/৫৭২৪ )। [ ৰুটি টুকুৰা টুকুৰ কৰি মাংসৰ জোলৰ মাজত ডুবাই দিয়াক ছাৰিদ বোলা হয় ] ।

এই হাদীছ সমূহৰ দ্বাৰা উক্ত নাৰী সকলৰ বিষয়ে নবী (চঃ) জনোৱাৰ কাৰণ হৈছে , কোনো নাৰী বা পুৰুষ প্ৰকৃতপক্ষে আদৰ্শবান বা আল্লাহ ভীৰু হবলৈ এই নাৰীসকলৰ ইতিহাস অৱগত হোৱাটো অপৰিহাৰ্য্য । যিদৰে কোনো নাৰীয়ে সতীত্বৰ পূৰ্ণ ৰক্ষণাবেক্ষন দিবলৈ বিবি মাৰিয়ামৰ আৰু কঠিন দূৰ্বিহ অৱস্থাত ধৰ্য্যধাৰণ কৰিবলৈ আছিয়াৰ ইমানী আদৰ্শ জনাৰ প্ৰয়োজন ।

আল্লাহে আমাক সকলোকে এনে শক্তিশালী ইমানৰ আদৰ্শৰে অনুপ্ৰাণিত কৰক ! আ-মী-ন ।

     ** প্ৰচাৰাৰ্থে ** # চহীহ আমল ।

Muktabul hussain 

Leave a comment