“নিশ্চয় আল্লাহে মুমিনসকলক প্ৰতিৰক্ষা দি থাকে, তেওঁ কোনো বিশ্বাসঘাতক, অকৃতজ্ঞ ব্যক্তিক পছন্দ নকৰে”।(ছুৰাঃআল-হজ্জঃ ৩৮)
“আৰু যিসকলে নিজকে প্ৰতাৰিত কৰে তুমি সিহঁতৰ সমৰ্থনত বিতৰ্ক নকৰিবা; নিশ্চয় আল্লাহে বিশ্বাস ভঙ্গকাৰী পাপীক পছন্দ নকৰে।”(ছুৰাঃ আন-নিছাঃ ১০৭)
“আৰু যদি তুমি কোনো সম্প্ৰদায়ৰ চুক্তি ভঙ্গৰ আশংকা কৰা তেন্তে সিহঁতৰ চুক্তি প্ৰকাশ্যভাৱে সিহঁতলৈ দলিয়াই দিবা, নিশ্চয় আল্লাহে চুক্তি ভঙ্গকাৰীসকলক পছন্দ নকৰে।” (ছুৰাঃ আল-আনফালঃ ৫৮)
“আল্লাহে সুতক নিশ্চিহ্ন কৰে আৰু ছাদাকাক বৃদ্ধি কৰে; আৰু আল্লাহে কোনো অধিক কুফৰীকাৰী, পাপীক ভাল নাপায়।”(ছুৰাঃ আল-বাক্কাৰাহঃ ২৭৬)
“কোৱা, ‘তোমালোকে আল্লাহ আৰু ৰাছুলৰ আনুগত্য কৰা’। তাৰ পিছতো যদি সিহঁতে মুখ ঘুৰাই লয়, তেন্তে (জানি থোৱা) আল্লাহে নিশ্চয় কাফিৰসকলক পছন্দ নকৰে।”(ছুৰাঃআলে-ইমৰাণঃ ৩২)
“যাতে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে আল্লাহে তেওঁলোকক নিজ অনুগ্ৰহেৰে পুৰষ্কৃত কৰিব পাৰে। নিশ্চয় তেওঁ কাফিৰসকলক পছন্দ নকৰে।”(ছুৰাঃ আৰ-ৰুমঃ ৪৫)
“আৰু তেৱেঁই সৃষ্টি কৰিছে এনেকুৱা বাগিছাসমূহ যিবোৰৰ কিছুমান চাংনিৰ্ভৰশীল আৰু আন কিছুমান চাংনিৰ্ভৰশীল নহয় লগতে খেজুৰ গছ আৰু শস্য, যাৰ সোৱাদ বিভিন্ন ধৰণৰ, যায়তুন আৰু ডালিম, এইবোৰৰ একোটা আনটোৰ দৰে, আকৌ কিছুমান বিভিন্ন ধৰণৰ। যেতিয়া সেইবোৰ পকিব তেতিয়া তাৰ পৰা খোৱা আৰু ফচল চপোৱাৰ দিনা সেইবোৰৰ হক প্ৰদান কৰিবা। অপচয় নকৰিবা, নিশ্চয় তেওঁ অপচয়কাৰীসকলক পছন্দ নকৰে।”(ছুৰাঃআল-আন’আমঃ ১৪১)
“হে আদম সন্তান! প্ৰত্যেক ছালাতৰ সময়ত তোমালোকে সুন্দৰ পোছাক পৰিধান কৰা। খোৱা আৰু পান কৰা কিন্তু অপচয় নকৰিবা। নিশ্চয় তেওঁ অপচয়কাৰীসকলক পছন্দ নকৰে।” (ছুৰাঃ আল-আ’ৰাফঃ ৩১)
“আৰু যেতিয়া সি উভতি যায়, তেতিয়া সি পৃথিৱীত ফাছাদ (অশান্তি) সৃষ্টি আৰু শস্যক্ষেত্ৰ ও প্ৰাণী ধ্বংস কৰবলৈ চেষ্টা কৰে; আৰু আল্লাহে ফাছাদ ভাল নাপায়”।(ছুৰাঃ আল-বাক্কাৰাহঃ ২০৫)
“আৰু যিসকলে তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰে, তোমালোকেও আল্লাহৰ পথত সিহঁতৰ বিৰুদ্ধে যুদ্ধ কৰা; কিন্তু সীমালংঘন নকৰিবা। নিশ্চয় আল্লাহে
সীমালংঘনকাৰীসকলক ভাল নাপায়।”(ছুৰাঃ আল-বাক্কাৰাহঃ ১৯০)
“হে মুমিনসকল! আল্লাহে তোমালোকৰ বাবে উৎকৃষ্ট যিবোৰ বস্তু হালাল কৰিছে সেইবোৰক তোমালোকে হাৰাম নকৰিবা আৰু সীমালংঘন নকৰিবা। নিশ্চয় আল্লাহে সীমালংঘনকাৰীক পছন্দ নকৰে।”(ছুৰাঃ আল-মায়িদাহঃ ৮৭)
“আৰু ইয়াহুদীসকলে কয়, ‘আল্লাহৰ হাত ৰুদ্ধ’। দৰাচলতে সিহঁতৰ হাতেই ৰুদ্ধ কৰা হৈছে আৰু সিহঁতে যি কয় সেই বাবে সিহঁত অভিশপ্ত, বৰং আল্লাহৰ উভয় হাতেই প্ৰসাৰিত; যেনেকৈ ইচ্ছা তেওঁ দান কৰে। তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰা হৈছে সেয়া নিশ্চয় সিহঁতৰ বহুতৰে অবাধ্যতা আৰু কুফৰী বৃদ্ধি কৰিব। আমি সিহঁতৰ মাজত কিয়ামত পৰ্যন্ত স্থায়ী শত্ৰুতা আৰু বিদ্বেষ ঢালি দিছো। যেতিয়াই সিহঁতে যুদ্ধৰ জুই লগায় তেতিয়াই আল্লাহে সেয়া নুমাই দিয়ে আৰু সিহঁতে পৃথিৱীত বিপৰ্যয় কৰি ফুৰে; আৰু আল্লাহে বিপৰ্যয়কাৰীসকলক ভাল নাপায়।”(ছুৰাঃআল-মায়িদাহঃ ৬৪)
“আৰু আল্লাহে তোমাক যি দান কৰিছে তাৰ দ্বাৰা আখিৰাতৰ আবাস অনুসন্ধান কৰা আৰু পৃথিৱীৰ পৰাও তোমাৰ অংশখিনি নাপহৰিবা, তুমিও অনুগ্ৰহ কৰা যেনেকৈ আল্লাহে তোমাৰ প্ৰতি অনুগ্ৰহ কৰিছে আৰু পৃথিৱীৰ বুকুত বিপৰ্যয় সৃষ্টি কৰাৰ ইচ্ছা নকৰিবা। নিশ্চয় আল্লাহে বিপৰ্যয় সৃষ্টিকাৰী সকলক ভাল নাপায়’।”(ছুৰাঃ আল-কাছাছঃ ৭৭)
“তোমালোকে বিনিতভাৱে আৰু গোপনে নিজ প্ৰতিপালকক আহ্বান কৰা; নিশ্চয় তেওঁ সীমালংঘনকাৰী সকলক পছন্দ নকৰে ।” (ছুৰাঃ আল-আৰাফঃ ৫৫)
“আৰু যিসকলে ঈমান আনিছে আৰু সৎকাম কৰিছে তেওঁ সিহঁতৰ প্ৰতিফল পৰিপূৰ্ণভাৱে প্ৰদান কৰিব; আৰু আল্লাহে যালিমসকলক পছন্দ নকৰে।”(ছুৰাঃআলে- ইমৰাণঃ ৫৭ )
“যদি তোমালোকে আঘাত পাইছা তেন্তে সিহঁতেও তেনেই আঘাত পাইছে। আমি মানুহৰ মাজত পৰ্যায়ক্ৰমে এই দিনবোৰৰ আৱৰ্তন ঘটাই থাকো, যাতে আল্লাহে মুমিনসকলক প্ৰকাশ কৰিব পাৰে আৰু তোমালোকৰ মাজৰ পৰা কিছুমানক শ্বহীদৰূপে গ্ৰহণ কৰিব পাৰে; আৰু আল্লাহে যালিমসকলক পছন্দ নকৰে”।(ছুৰাঃআলে- ইমৰাণঃ ১৪০)
“আৰু বেয়াৰ প্ৰতিফল সেই অনুপাতেই বেয়া। এতেকে যিয়ে ক্ষমা কৰি দিয়ে আৰু আপোচ-নিষ্পত্তি কৰে তাৰ বাবে আছে আল্লাহৰ ওচৰত পুৰষ্কাৰ। নিশ্চয় তেওঁ অন্যায়কাৰী বিলাকক পছন্দ নকৰে।”(ছুৰাঃআশ্ব-শ্বুৰাঃ৪০)
“তোমালোকে আল্লাহৰ ইবাদত কৰা, আৰু তেওঁৰ লগত আন কাকো অংশীদাৰ স্থাপন নকৰিবা; লগতে পিতৃ-মাতৃ আৰু আত্মীয়-স্বজন, ইয়াতীম, অভাৱগ্ৰস্ত, নিকট প্ৰতিৱেশী, দূৰ-প্ৰতিৱেশী, সঙ্গী-সাৰথী, মুছাফিৰ আৰু তোমালোকৰ অধিকাৰভুক্ত দাস-দাসীসকলৰ প্ৰতি সদ্ব্যৱহাৰ কৰা। নিশ্চয় আল্লাহে দাম্ভিক, অহংকাৰীক পছন্দ নকৰে।”(ছুৰাঃ আন-নিছাঃ৩৬)
“আৰু তুমি মানুহৰ প্ৰতি অৱজ্ঞা কৰি তোমাৰ গাল বেকা নকৰিবা আৰু পৃথিৱীত ফিতাহি মাৰি নুফুৰিবা; নিশ্চয় আল্লাহে কোনো উদ্ধত, অহংকাৰীক পছন্দ নকৰে।”(ছুৰাঃ লুকমানঃ ১৮)
“এইটো এইবাবে যে, যাতে তোমালোকে যি হেৰাইছা তাৰ প্ৰতি পৰিতাপ নকৰা আৰু তেওঁ তোমালোকক যি প্ৰদান কৰিছে তাৰ বাবে উৎফুল্লিত নোহোৱা। কাৰণ আল্লাহে কোনো উদ্ধত আৰু অহংকাৰী ব্যক্তিক পছন্দ নকৰে”।(ছুৰাঃআল-হাদীদঃ ২৩)
“নিশ্চয় ক্বাৰূন আছিল মুছাৰ সম্প্ৰদায়ভুক্ত, কিন্তু সি সিহঁতৰ প্ৰতি ঔদ্ধত্য প্ৰকাশ কৰিছিল। আৰু আমি তাক দান কৰিছিলো ইমান ধন-ভাণ্ডাৰ যে, যাৰ চাবিবোৰ বহন কৰা এদল শক্তিশালী মানুহৰ পক্ষেও কষ্টসাধ্য আছিল। স্মৰণ কৰা, যেতিয়া তাৰ সম্প্ৰদায়ৰ মানুহে তাক কৈছিল, ‘অহংকাৰ নকৰিবা। নিশ্চয় আল্লাহে অহংকাৰী লোকক পছন্দ নকৰে।”(ছুৰাঃআল-কাছাছঃ৭৬)
“ইয়াত কোনো সন্দেহ নাই যে, আল্লাহে (ভালদৰেই) জানে সিহঁতে যি গোপন কৰে আৰু যি ঘোষণা কৰে। নিশ্চয় তেওঁ অহংকাৰীসকলক পছন্দ নকৰে।” (ছুৰাঃআন-নাহলঃ ২৩)
✍✍.. তাহেৰা বেগম