٩:١٥
إِنَّا نَحْنُ نَزَّلْنَا الذِّكْرَ وَإِنَّا لَهُ لَحَافِظُونَ
১৫:৯
নিশ্চয় আমিয়েই কোৰআন অৱতীৰ্ণ কৰিছো আৰু অৱশ্যে আমিয়েই ইয়াৰ সংৰক্ষক।
(আল্লাই পৱিত্ৰ কুৰআন হেফাজতৰ দায়িত্ব ঘোষণা কৰিছে।)
#সংখ্যা_১৯_সম্পৰ্কে_কুৰআনৰ_আয়াত—-
٣٠:٧٤
عَلَيْهَا تِسْعَةَ عَشَرَ
৭৪:৩০
ছাক্বাৰৰ তত্ত্বাৱধানত আছে ঊনৈশজন (প্ৰহৰী)।
(এই ১৯ সংখ্যাটোৰে পৱিত্ৰ কুৰআনত এক গাণিতিক বান্ধোন আছে)
#সংখ্যা_১৯_ৰ_তথ্য–
১৯৭৩ চনত প্ৰখ্যাত বিজ্ঞানী ড: ৰশীদ খলিফাই কুৰআনৰ ওপৰত এক চমকপ্ৰদ গৱেষণা কৰিছিল। তেখেতে কুৰআনৰ প্ৰতিটো আখৰ কুৰআনত যিদৰে সন্নিবিষ্ট আছে ঠিক একেদৰে কম্পিউটাৰত উপস্থাপন কৰিছিল। তেতিয়া কুৰআনত ১৯ ৰ এক দুৰ্ভেদ্য বন্ধনৰ সন্ধান পাইছিল। তাৰে কিছু তথ্য তলত উল্লেখ কৰা হ’ল—-
১) بِسْمِ اللَّهِ الرَّحْمَنِ الرَّحِيم (বিচমিল্লাহিৰ ৰহমানিৰ ৰহিম)-
এই পৱিত্ৰ আয়াতটোত ১৯ টা আখৰ আছে। এই ১৯ সংখ্যটো ১৯ ৰে বিভাজিত। (হৰণ কৰিব পাৰি) ১৯/১৯=১
ইয়াত থকা اِسْم (ইচম) শব্দটো পৱিত্ৰ কুৰআনত মুঠ ১৯ বাৰ আছে। ১৯/১৯=১
ইয়াত থকা الله (আল্লাহ) শব্দটো পৱিত্ৰ কুৰআনত মুঠ ২৬৯৮ বাৰ আছে। ২৬৯৮/১৯=১৪২
ইয়াত থকা الرحمن (ৰহমান) শব্দটো পৱিত্ৰ কুৰআনত মুঠ ৫৭ বাৰ আছে। ৫৭/১৯=৩
ইয়াত থকা الرحيم (ৰহিম) শব্দটো পৱিত্ৰ কুৰআনত মুঠ ১৪৪ বাৰ আছে। ১৪৪/১৯=৬
২) #কুৰআনৰ_ছীল- بِسْمِ اللَّهِ الرَّحْمَنِ الرَّحِيم (বিচমিল্লাহিৰ ৰহমানিৰ ৰহিম) ক কুৰআনৰ ছীল বুলি কোৱা হয়। এই ছীল প্ৰতিটো চুৰাৰে আৰম্ভণিত থাকে। কুৰআনত মুঠ ১৪৪ টা চুৰা আছে। ১১৩ টা চুৰাৰ আৰম্ভণিত এই ‘বিচমিল্লাহিৰ ৰহমানিৰ ৰহিম’ আছে কিন্তু চুৰা তওবাহত নাই। এতিয়া ১১৩ ক ১৯ ৰে হৰণ কৰিব নোৱাৰি। ১৯ ৰে বিভাজিত যোৱাৰ বাবে মাত্ৰ ১ ৰ প্ৰয়োজন। ইয়াত মহান আল্লাৰ মাহত্ব চাওঁক। আল্লাই চুৰা নমলৰ ৩০ নং আয়াতত এই ‘বিচমিল্লাহিৰ ৰহমানিৰ ৰহিম’ এবাৰ বেছি দিছে। চুৰা নমলত এই ছীল ২ বাৰ আছে। আৰু এই ছীলে ১১৩ ক ১৪৪ ত পৰিণত কৰিলে। অৰ্থাৎ ১৪৪/১৯=৬
৩) #মুকাত্তা- ألم, ألمص, ألر (আলিফ লাম মিম, আলিফ লাম মিম চ’ড, আলিফ লাম ৰ’) এইবোৰক মুকাত্তা বোলে।
পৱিত্ৰ কুৰআনত মুঠ ১৪ টা মুকাত্তা আছে। আৰু এই ১৪ টা বেলেগ বেলেগ মুকাত্তাত মুঠ ১৪ টা আখৰ ব্যৱহাৰ হৈছে। পৱিত্ৰ কুৰআনত এই মুকাত্তা মুঠ ২৯ টা চুৰাত আছে।
মুকাত্তা=১৪
আখৰ= ১৪
চুৰা=২৯
১৪+১৪+২৯=৫৭
অৰ্থাৎ ৫৭/১৯=৩
#মুকাত্তাৰ_বিশ্লেষণ-
#A) মুকাত্তা ألم (আলিফ লাম মিম) থকা চুৰা কেইটা হ’ল- আল বাকাৰা, আল ইমৰাণ, আনকাবুত, ৰূম, লোকমান, ছাজদাহ।
চুৰা আল বাকাৰাত �থকা মুঠ আলিফ লাম মিমৰ সংখ্যা=৯৮৯৯ বাৰ
৯৮৯৯/১৯=৫২১
চুৰা আল ইমৰাণত থকা মুঠ আলিফ লাম মিমৰ সংখ্যা= ৫৬৬২ বাৰ
৫৬৬২/১৯=২৯৮
চুৰা আনকাবুত থকা মুঠ আলিফ লাম মিমৰ সংখ্যা =১৬৭২ বাৰ
১৬৭২/১৯=৮৮
চুৰা ৰূম থকা মুঠ আলিফ লাম মিমৰ সংখ্যা=১২৫৪ বাৰ
১২৫৪/১৯=৬৬
চুৰা লোকমানত থকা মুঠ আলিফ লাম মিমৰ সংখ্যা=৮১৭ বাৰ
৮১৭/১৯=৪৩
চুৰা ছাজদাহত থকা মুঠ আলিফ লাম মিমৰ সংখ্যা=৫৭০ বাৰ
৫৭০/১৯=৩০
এতিয়া মুঠ ৯৮৯৯+৫৬৬২+১৬৭২+১২৫৪+৮১৭+৫৭০=১৯৮৭৪
১৯৮৭৪/১৯=১০৭৬
#B) মুকাত্তা ن(নূন) থকা চুৰা হ’ল- ৬৮ নং চুৰা কা’লাম।
এই চুৰাত থকা নূনৰ মুঠ সংখ্যা=১৩৩
১৩৩/১৯=৭
#C) মুকাত্তা ق(ক্কাফ) থকা চুৰা হ’ল- ৫০ নং চুৰা ক্কাহাফ।
এই চুৰাত থকা ক্কাফৰ মুঠ সংখ্যা=৫৭
৫৭/১৯=৩
ইয়াত এটা ৰহস্য আছে। সেইটো জানি লওঁ আহক-
আল্লাই পৱিত্ৰ কুৰআনত লুত সম্প্ৰদায়ৰ কথা ১২ বাৰ উল্লেখ কৰিছে। আল্লাই ১১ বাৰْ قَوْمُ لُوطٍ (ক্কাওমোলুত) ব্যৱহাৰ কৰিছে, কিন্তু চুৰা ক্কাহাফৰ ১৩ নং আয়াতত ক্কাওমোলুতৰ ঠাইৰ إِخْوَانُ لُوطٍ(ইখওয়ানুলুত) শব্দটো ব্যৱহাৰ কৰিছে। দুয়োটা শব্দৰ অৰ্থ এটাই। অৰ্থটো হ’ল-লুত সম্প্ৰদায়। আল্লাই চুৰা ক্কাহাফত ক্কাওমোলুত ব্যৱহাৰ কৰিলে ইয়াত ق(ক্কাফ) সংখ্যা ৫৮ হ’লহেঁতেন। তেতিয়া ১৯ ৰে ৫৮ ক বিভাজিত নহ’লহেঁতন।
সেইবাবে আল্লাই চুৰা ক্কাহাফত ক্কাওমোলুতৰ ঠাইত ইখওয়ানুলুত ব্যৱহাৰ কৰিছে। কি যে আচাৰ্যকৰ!
#D) মুকাত্তা حم عسق(হা মিম চ’ড চিন ক্কাফ) থকা চুৰা হ’ল- আশ্ব-শ্বুৰা।
ইয়াত মুঠ ক্কাফৰ সংখ্যা=৫৭ অৰ্থাৎ ৫৭/১৯=৩
এই চুৰাটোত থকা হা মিম চ’ড চিন ক্কাফৰ মুঠ সংখ্যা=৫৭০ অৰ্থাৎ ৫৭০/১৯=৩০
আৰু ইয়াত عسق ২০৯ বাৰ আছে।
২০৯/১৯= ১১
#E) মুকাত্তা ألمص,كهيعص,ص(আলিফ লাম মিম চ’ড, ক্কাফ হা য়া আইন চ’ড আৰু চ’ড) ক্ৰমে চুৰা আল-আৰাফ, মাৰিয়াম আৰু ছা’দত আছে।
চুৰা আল-আৰাফত থকা ص ৰ মুঠ সংখ্যা=৯৭ বাৰ
চুৰা মাৰিয়ামত থকা ص ৰ মুঠ সংখ্যা=২৬ বাৰ
চুৰা ছা’দত থকা ص ৰ মুঠ সংখ্যা=২৯ বাৰ
এতিয়া ৯৭+২৬+২৯=১৫২
১৫২/২৯=৮
(চুৰা মাৰিয়ামত মুকত্তা كهيعص (ক্কাফ হা য়া আইন চ’ড) আছে।
ইয়াত থকা ক্কাফ হা য়া আইন চ’ডৰ মুঠ সংখ্যা=৭৯৮
৭৯৮/১৯=৪২
চুৰা আল-আৰাফত মুকাত্তা ألمص (আলিফ লাম মিম চ’ড) আছে।
ইয়াত থকা আলিফ লাম মিম চ’ডৰ মুঠ সংখ্যা=৫৩২০
৫৩২০/১৯=২৮০)
চুৰা আল আৰাফতো এটা ৰহস্য আছে। সেইটোও জানি লওঁ আহক-
এই চুৰাৰ ৬৯ নং আয়াততُ بَسْطَةً (বাছতাতান) শব্দৰ ঠাইত ব্যৱহাৰ হোৱা শব্দটোত চিনৰ ঠাইত চোৱাদ আছে। চোৱাদ থকাৰ বাবে ১৯ ৰে বিভাজ্য সম্ভৱ হৈছে।
#F মুকত্তা طه,طسم, طس চুৰা ১৯,২০,২৬,২৭,২৮ ত আছে। এই চুৰাকেইটাত তা হা চিন মুঠ ১৭৬৭ বাৰ আছে। ১৭৬৭/১৯=৯৩
#G মুকাত্তা ألر (আলিফ লাম ৰ’) থকা চুৰা কেইটা হ’ল- ১০,১১,১২,১৪,১৫ নং চুৰা
১০ আৰু ১১ নং চুৰাত থকা আলিফ লাম মিমৰ মুঠ সংখ্যা=২৪৮৯ অৰ্থাৎ ২৪৮৯/১৯=১৩১
১২ নং চুৰাত থকা মুঠ সংখ্যা=২৩৭৫
অৰ্থাৎ ২৩৭৫/১৯=১২৫
১৪ নং চুৰাত থকা মুঠ সংখ্যা=১১৯৭
অৰ্থাৎ ১১৯৭/১৯=৬৩
১৫ নং চুৰাত থকা মুঠ সংখ্যা=৯১২
অৰ্থাৎ ৯১২/১৯=৪৮
#H মুকাত্তা ألمر,ألمص ক্ৰমে ১৩ আৰু ৭ নং চুৰাত আছে।
১৩ নং চুৰাত থকা আলিফ লাম মিম ৰ’ৰ সংখ্যা=১৪৮২
অৰ্থাৎ ১৪৮২/১৯=৭৮
৭নং চুৰাত থকা আলিফ লাম মিম চ’ডৰ সংখ্যা=৫৩২০
অৰ্থাৎ ৫৩২০/১৯=২৮০
এই আচৰ্যকৰ ১৯ ৰ বিভাজিত প্ৰণালীটোৱে আকৌ এবাৰ প্ৰমাণ কৰে যে এই কুৰআন মহান আল্লাৰ বাণী। লগতে কুৰআনৰ এটা আখৰ ইফাল কৰিলে এই গাণিতিক বান্ধোন ভাঙি যাব।