দু’আ নিৰ্দিষ্ট ইবাদত । ইয়াৰ লগত আৰু কিছু বঢ়াই যোগ কৰাৰ অধিকাৰ কাৰো নাই । মানব ৰচিত কথা সংযুক্ত হব নোৱাৰে । ৰাছুল (ছা:)ৰ নামত চলাই দিলে পৰিণাম জাহান্নাম । ১
অথচ বিভিন্ন শব্দ যোগ কৰি আযানৰ দু’আ পাঠ কৰা হয় । যেনে :-
ক) বায়হাকীত বৰ্ণিত এটা হাদিচৰ শেষত ‘ইন্নাকা লা তুখলিফুল মিয়াদ ‘ কথাটো আহিছে কিন্তু হাদিচটো চহিহ নহয় । শ্বেখ আলবানী (ৰহ) কৈছে , বিৰল হিচাবে যঈফ । কাৰণ আলী ইবনে আইয়াশ্বৰ পৰা কোনো সূত্ৰেই বৰ্ণিত হোৱা নাই । ২
(খ) উক্ত বাক্যৰ পূৰ্বে ,”ওৱাৰযুকনা শ্বাফা‘আতহু ইয়াওমাল ক্বিয়ামাহ ” যোগ কৰাৰ কোনো প্ৰমাণ নাই । এই মনেসজা কথা ধৰ্মৰ নামত চলি আছে ।
(গ) একেদৰেই ইবনুচ চুন্নীৰ বৰ্ণিত ,”ওৱাদ দাৰাজাতাৰ ৰাফি’আহ” বাক্যশাৰীৰ ও কোনো চহিহ দলীল নাই । এইটো ও মনেসজা আৰু সংযোজিত ।৩
ইবনু হাজাৰ আচকালানী আৰু আল্লামা চাখবীয়ে কৈছে , উক্ত অংশ কোনো হাদিচত বৰ্ণিত হোৱা নাই । ৪
(ঘ) কোনো কোনো গ্ৰন্থত ‘ইয়া আৰহামাৰ ৰাহীমীন’ যোগ কৰাৰ কথা উল্লেখ কৰা হৈছে । এই কথাৰো কোনো শ্বাৰ ভিত্তি নাই । ইবনু হাজাৰ আচকালানীয়ে কৈছে , শেষত ইয়া আৰহামাৰ ৰাহীমিন যোগ কৰাৰ কোনো হাদিচ বৰ্ণিত হোৱা নাই । ৫
জ্ঞাতব্য : আযান হোৱাৰ পিছত দূৰুদে ইব্ৰাহীম পঢ়িব । ৬
তাৰপিছত নিম্নৰ দু’আটো পাঠ কৰিব । অতিৰিক্ত কোনো শব্দ যোগ নকৰিব ।
“আল্লাহুম্মা- ৰব্বা -হা-যিহিদ দা’ওৱাতিত তা-ম্মা ওৱাছ ছালাতুল ক্বা-ইমাহ আ-তি মুহাম্মদানীল ওৱাছিলাতা ওৱাল ফাযিলাহ , ওৱা’বাছহু মাক্বা-মাম মাহমুদানীল্লাযী ওৱা আদতাহ্’।”
ৰাছুল চাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে , “যি ব্যক্তিয়ে আযান শুনি উক্ত দু’আ পাঠ কৰিব , তাৰ কাৰণে ক্বিয়ামতৰ দিন মোৰ শ্বফা’আত ওৱাজিব হৈ যাব ।” ৭
১. চহিহ বুখাৰী/ ১০৯ । ২.ইৰওৱাউল গালীল হা/২৪৩ ৰ আলোচনা দ্ৰ:১/২৬১ পৃ:। ৩) ইৰওৱাউল গালীল ১/২৬১ পৃ:। ৪) তাখলীছুল হাবীৰ ১/৫১৮ পৃ:। ৫) তাখলীছুল হাবীৰ ১/৫১৮ পৃ:। ৬) চহিহ মুছলিম /৮৫৭ । ৭) চহিহ বুখাৰী/ ৬১৪ ।