আয়াতুল কুৰ্ছীৰ ফজিলত

♣ ✤ আচ্ছালামু আলাইকুম ওৱা ৰাহমাতুল্লাহি ওৱা বাৰাকাতুহু ✤ ♣

আয়াতুল কুৰ্ছীৰ ফজিলত :-

জান্নাতৰ দৰ্জা :-
আবূ উমামা ৰাদিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেওঁ কৈছে: আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে: “যি ব্যক্তিয়ে প্রত্যেক ফৰজ ছালাতৰ শেষত আয়াতুল কুৰ্ছী পাঠ কৰে, তাৰ জান্নাতত প্রৱেশ কৰাৰ ক্ষেত্ৰত মৃত্যুৰ বাহিৰে আন কোনো বাধা নহ’ব। (ছহীহ আল্ জামে :৬৪৬৪)

হজৰত আলী ৰাদিয়াল্লাহু আনহুৱে কৈছে, মই ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামক কোৱা শুনিছোঁ, যি ব্যক্তিয়ে প্রত্যেক ফৰজ ছালাতৰ পিছত আয়াতুল কুৰ্ছী নিয়মিত পঢ়ে, তাৰ জান্নাতত প্রৱেশত কেৱল মৃত্যুই অন্তৰায় হৈ আছে। যি ব্যক্তিয়ে এই আয়াতটি বিছনাত শয়নৰ সমযত় পঢ়িব আল্লাহে তাৰ ঘৰত, প্রতিবেশীৰ ঘৰত আৰু আশে-পাশে থকা সকলো ঘৰত শান্তি বজায় ৰাখিব। (চুনানে বাইহাকী )

মর্য্যদাসম্পন্ন মহান আয়াত:-
আবু যৰ জুনদুব ইবনে জানাদাহ ৰাদিয়াল্লাহু আনহুৱে নবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামক প্ৰশ্ন কৰিছিল, হে আল্লাহৰ ৰাছূল! (চাল্লাল্লাহু আলাইহি ৱাছাল্লাম) আপোনাৰ প্রতি সকলোতকৈ মর্য্যদাসম্পন্ন কোনটো আয়াতটি নাজিল হৈছে? ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছিল, “আয়াতুল কুৰ্ছী”। (নাছাঈ)

উবাই বিন কা‘বৰ দ্বাৰা বর্ণিত: নবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামে উবাই বিন কা‘বক প্ৰশ্ন কৰিছিল: “তোমাৰ ওচৰত কুৰআন মজিদৰ কোনটো আয়াত সর্ব মহান”? তেওঁ কৈছিল: (আল্লাহু লা ইলাহা ইল্লা হুআল্ হাইয়্যূল কাইয়্যূম…..) তাৰ পিছত ৰাছূলুল্লাহ্ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে নিজ হাতৰ দ্বাৰা তেওঁৰ বক্ষত আঘাত কৰি কয়: আবুল মুনযিৰ! এই ইলমৰ কাৰণে তোমাক ধন্যবাদ”, (ছহীহ মুসলিম ১৭৫৫)

ফিৰিস্তা নিযুক্তকাৰী আয়াত:-
আবু হুরায়ৰা ৰাদিয়াল্লাহু আনহুৱে এদিন দেখিবলৈ পালে এজন আগন্তুকে ছদকাৰ মাল চুৰি কৰিছে তেতিয়া তেওঁ আগন্তুকৰ হাতত ধৰি ক’লে, “আল্লাহৰ কচম! মই তোমাক আল্লাহৰ ৰাছূলৰ ওচৰলৈ লৈ যাম”। তেতিয়া আগন্তুকে ক’লে যে সি খুব অভাৱী আৰু তাৰ বহুত প্রয়োজন। সেয়ে দয়া কৰি আবু হুৰায়ৰা ৰাদিয়াল্লাহু আনহুৱে তাক এৰি দিলে। পিছ দিনাখন ৰাতিপুৱা ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ ওচৰলৈ অহাৰ পিছত তেওঁ আবু হুৰায়ৰা ৰাদিয়াল্লাহু আনহুক প্ৰশ্ন কৰিলে- “যোৱাকালি তোমাৰ অপৰাধীক কি কৰিলা?” আবু হুৰায়ৰা ৰাদিয়াল্লাহু আনহুৱে তেতিয়া তাক ক্ষমা কৰাৰ কথা ক’লে। ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে ক’লে, “নিশ্চয় সি তোমাক মিছা কৈছে আৰু সি পুনৰ আহিব”। পিছ দিনাখন আবু হুৰায়ৰা ৰাদিয়াল্লাহু আনহুৱে চোৰৰ কাৰণে অপেক্ষা কৰিব ধৰিলে আৰু যেতিয়া সি পুনৰবাৰ চুৰি কৰিবলৈ আহিল তেতিয়া তেওঁ তাক ধৰি পেলালে আৰু ক’লে “এইবাৰ নিশ্চয়¸ মই তোমাক আল্লাহৰ ৰাছূলৰ ওচৰলৈ লৈ যাম”। এইবাৰো সেই চোৰে ক’লে যে¸ সি খুব অভাৱী আৰু তাৰ বহুত প্রয়োজন আৰু শপত কৰিলে যে পুনৰ নাহে। পিছদিনা পুনৰাই ৰাছূলে তেওঁক প্ৰশ্ন কৰাত তেওঁ একেই জবাব দিয়ে আৰু তেতিয়া তেওঁ ক’লে, “সচাঁকৈয়েই সি তোমাক মিছা কৈছে আৰু সি পুনৰ আহিব”। পিছদিনাও পুনৰ আবু হুৰায়ৰা ৰাদিয়াল্লাহু আনহুৱে চোৰৰ কাৰণে অপেক্ষা কৰিব ধৰিলে আৰু যেতিয়া সি পুনৰাই চুৰি কৰিবলৈ আহিল তেতিয়া তেওঁ তাক গ্ৰেপ্তাৰ কৰিলে আৰু ক’লে “এইবাৰ নিশ্চয়, মই তোমাক আল্লাহৰ ৰাছূলৰ ওচৰলৈ লৈ যাম। তুমি বাৰে বাৰে শপত খাই পুনৰ চুৰি কৰিবলৈ আঁহা”। চোৰে যেতিয়া দেখিলে এইবাৰ তেওঁ সচাঁকৈয়ে ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ ওচৰলৈ লৈ যাব। তেতিয়া অৱস্থা বিষম দেখি সি ক’লে, “মোক ক্ষমা কৰা। মই তোমাক এনেকুৱা কিবা কৈ দিম যাৰ মাধ্যমত আল্লাহে তোমাক কল্যাণ দান কৰিব”। আবু হুৰায়ৰা ৰাদিয়াল্লাহু আনহুৱে সেইটো জানিব বিচৰাত চোৰে ক’লে; “যেতিয়া শুবলৈ যাব তেতিয়া আয়াতুল কুৰ্ছী (আল্লাহু লা ইলাহা ইল্লা হুৱাল……) পঢ়ি শুব¸ তেনেহ’লে আল্লাহে তোমাৰ কাৰণে এজন পহৰাদ্বাৰ নিযুক্ত কৰিব যিজন তোমাৰ লগত থাকিব আৰু কোনো শ্বয়তানে ফজৰ পর্যন্ত তোমাৰ ওচৰত আহিব নোৱাৰিব”। এইটো শুনি আবু হুৰায়ৰা ৰাদিয়াল্লাহু আনহুৱে তাক এৰি দিলে। পিছদিনা ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে পুনৰ অপৰাধীৰ কথা জানিব বিচৰাত তেওঁ আগনিশাৰ কথা ক’লে। তেতিয়া ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে ক’লে; “যদিও সি চৰম মিথ্যাবাদী¸ কিন্তু সি সত্য কৈছে”। ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে আবু হুৰায়ৰা ৰাদিয়াল্লাহু আনহুক ক’লে; “তুমি জানানে সি কোন?” আবু হুৰায়ৰা ৰাদিয়াল্লাহু আনহুৱে ক’লে; “নাজানো”। ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে আবু হুৰায়ৰা ৰাদিয়াল্লাহু আনহুক ক’লে, “সি হৈছে শ্বয়তান”। [ছহীহ বুখাৰী নং ২৩১১][২][৩]

শ্বয়তানৰ প্রভাৱৰ পৰা বাচি থকাৰ আয়াত-

হজৰত আবু হুৰাইৰা ৰাদিয়াল্লাহু আনহুৰ পৰা বর্ণিত: ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে: ছূৰা বাকাৰাত় এটি শ্রেষ্ঠ আয়াত আছে, যি ঘৰত আয়াতুল কুৰ্ছী পাঠ কৰা হয়¸ তাৰ পৰা শ্বয়তান পলাই থাকে। (মুস্তাদৰাকে হাকিম:২১০৩)[২][৩]

উবাই ইবনে কা‘ব ৰাদিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেওঁৰ এখন খেজুৰ ৰখাৰ থলি আছিল। তাৰ পৰা ক্রমশ তেওঁৰ খেজুৰ কমিবলৈ ধৰিলে। এদিন ৰাতি তেওঁ পহৰা দিযে়। হঠাৎ যুৱকৰ দৰে এটা জন্তু দেখা গ’ল, তেওঁ তাক চালাম দিয়ে। সি চালামৰ উত্তৰ দিয়ে। তেওঁ ক’লে: তুমি কোন? জ্বিন নে মানুহ? সি ক’লে: জ্বিন। উবাই ৰাদিয়াল্লাহু আনহুৱে তাৰ হাত চাব খুজিলে। সি তাৰ হাত দেখুৱায়। তাৰ হাত আছিল কুকুৰৰ হাতৰ দৰে আৰু চুলি আছিল কুকুৰৰ চুলিৰ দৰে। তেওঁ ক’লে: এইটো জ্বিনৰ ছুৰত। সি (জন্তু) ক’লে: জ্বিন সম্প্রদায়ৰ মাজত মই সকলোতকৈ সাহসী। তেওঁ ক’লে: তোমাৰ অহাৰ কাৰণ কি? সি ক’লে: মই শুনিছোঁ আপুনি ছাদকা পছন্দ কৰে, সেয়ে কিছু ছাদকাৰ খাদ্য-সামগ্রী নিব আহিছোঁ। চাহাবীয়ে ক’লে: তোমালোকৰ পৰা পৰিত্রাণৰ উপায় কি? সি ক’লে: ছূৰা বাকাৰাৰ এই আয়াতটি (আল্লাহু লা ইলাহা ইল্লাহ হুআল হাইয়্যূল কাইয়্যূম…..), যি ব্যক্তিয়ে সন্ধিয়া এইটো পাঠ কৰিব, ফজৰ পর্যন্ত আমাৰ পৰা পৰিত্রাণ পাব আৰু যি ব্যক্তিয়ে ৰাতিপুৱা এইটো পঢ়িব, সন্ধিয়া পর্যন্ত আমাৰ পৰা নিৰাপদে থাকিব। ৰাতিপুৱা হোৱাত তেওঁ ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ ওচৰলৈ আহে আৰু ঘটনাৰ খবৰ দিয়ে। ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে ক’লে: “খবীছে সত্য কৈছে” (ছহীহুত্ তাৰগীব:১/৪১৮)[২]

আয়াতুল কুৰ্ছীৰ অঙ্গ আছে:-
উবাই বিন কা‘ব ৰাদিয়াল্লাহু আনহুৰ পৰা বর্ণিত: নবী কাৰীম চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে: আল্লাহৰ কচম! যাৰ হাতত মোৰ প্রাণ আয়াতুল কুৰ্ছীৰ এখন জিভা আৰু দুটা ঠোঁট আছে ইয়ে আৰশ্বৰ ওচৰত আল্লাহৰ প্রশংসা কৰি থাকে। মুছনাদে আহমদ: ২১৬০২[২]

— Abu atika

Leave a comment