আমি প্ৰথমে নিজকে মুছলিম বুলি কম নে ভাৰতীয় ?

আমি প্ৰথমে নিজকে মুছলিম বুলি কম নে ভাৰতীয় ?

⇒ সাধাৰণতে অমুছলিমৰ পৰা এনে প্রশ্ন শুনিবলৈ পোৱা যায় ৷ দুর্ভাগ্যক্রমে কিছু জাহিল মুছলিমে ইছলামী জ্ঞান নথকাৰ বাবে কয় আমি প্রথমে ভাৰতীয় তাৰ পিছত মুছলিম ৷

আৰু আমি প্রথমে সেই অমুছলিম জনক উলোটাই প্রশ্ন সোধো যে আপুনি আগতে এজন মানুহ নে ভাৰতীয় ?
তেতিয়া যদি সেই অমুছলিমজনে কয় যে মই আগতে এজন মানুহ, তাৰমানে কি তেওঁ দেশদ্রোহী?
নাইবা যদি তেও কয়, মই আগতে এজন ভাৰতীয়, তাৰ মানে কি তেওঁ মানবজাতিৰ শত্রু?

ঠিক সেইদৰে আমি কোৰআন-ছুন্নাহ মতে চলিব বিচৰা মুছলিম সকলে কওঁ- আমি প্রথমে এজন মুছলিম, তাৰ পাছত এজন ভাৰতীয় ৷ ইয়াৰ অর্থ এইটো নহয় যে আমি দেশক ভাল নাপাও ৷

আকৌ যদি আৰবৰ মুছলিমক সোধা হয় তেনেহ’লে সেইজনেও ক’ব যে মই আগতে এজন মুছলিম, তাৰ পাছত আৰবীয়ান ৷
আনহাতে আমাক সৃষ্টি কৰিছে আল্লাহ তাআলাই ৷ এই জীবনটো আমাক তেখেতেই দিছে ৷ গতিকে আমি প্রথমে আল্লাহৰ আদেশ মানিম, তাৰ পাছতহে অন্য কোনোবাৰ ৷ আল্লাহ তাআলাৰ আদেশ অমান্য কৰি কোনো ব্যাক্তি বা দেশৰ বা কোনো জাতিৰ অনুগত্য কৰা জায়েয নহয় ৷

মই নিজকে গৌৰৱ কৰো মই এজন ভাৰতীয়, মই অসমীয়া , মই মোৰ দেশক অন্তৰেৰে ভাল পাওঁ । কিন্তু তাৰ আগত মই এজন মুছলিম । সেয়ে মই মোৰ দ্বীনক সকলো বস্তুৰ ওপৰত প্ৰধান্য দিওঁ। প্ৰত্যেক সেই কাম যিটো আমাৰ চৰিয়ত (ইছলাম) বিৰোধী তাক মই প্ৰত্যাখান কৰোঁ ।

উদাহৰণ স্বৰূপে, আল্লাহ তাআলাই কোৰ’আনত (৫:৯০-৯১) মদ, জুৱা, লটাৰি হাৰাম বুলি ঘোষণা কৰিছে, অথচ আমাৰ দেশত ইয়াক বৈধ কৰা হৈছে আৰু মদৰ বাবে লাইচেঞ্চ দি থকা হৈছে। এনে ধৰণৰ আৰু বহুত আছে ৷ আমি এনে চৰিয়ত (ইছলাম) বিৰোধী কামক প্ৰত্যাখান কৰোঁ ।

ইছলামে এজন মুছলিমক তাঁৰ মাতৃভূমি তথা যি দেশত তেও বসবাস কৰে সেই দেশক ভাল পোৱাত নিষেধ কৰা নাই ৷ বৰঞ্চ ইছলামে যিটো নিন্দা কৰে সেইটো হ’ল দেশপ্রেম বা জন্মভূমিৰ উপৰত ভিত্তি কৰি কোনোবাক ভালপোৱা কিংবা ঘৃণা কৰা অথবা কাৰোৰ প্রতি আনুগত্য বা অসহযোগিতাৰ মাত্রা নির্ধাৰণ কৰা। একেই দেশৰ নাগৰিক নে ভিন দেশৰ নাগৰিক, তাৰ উপৰত ভিত্তি কৰি কেতিয়াবা কাৰোবাক ভালপোৱা কিংবা ঘৃণা কৰা উচিত নহয় ৷ আমাৰ মতে নিজ দেশৰ এজন নাগৰিক অন্য দেশৰ এজন মুছলিমৰ পৰা অধিক নিকটৰ নহয় । বৰং আমাৰ বন্ধুত্ব আৰু সহায় সহযোগিতা, অথবা ভালোপোৱা- ইয়াৰ ভিত্তি হ’ল ইছলাম ও তাকওয়া ।

কোৰ’আনৰ এটা আয়াতৰ দ্বাৰা এই লিখনিটো সমাপ্ত কৰো ৷

আল্লাহ তাআলাই কৈছেঃ
যিহঁতে আল্লাহ আৰু পৰকালক বিশ্বাস কৰে, সিহঁতক আপুনি আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধাচৰণকাৰী সকলৰ লগত বন্ধুত্ব কৰোঁতে নেদেখিব, যদিও সিহঁত তেওঁলোকৰ পিতা, পুত্র, ভাতৃ অথবা জাতি-গোষ্ঠী নহওক কিয়। তেওঁলোকৰ অন্তৰত আল্লাহে ঈমান লিখি দিছে আৰু তেওঁলোকক শক্তিশালী কৰিছে তেওঁৰ অদৃশ্য শক্তি দ্বাৰা। তেওঁ তেওঁলোকক জান্নাতত প্ৰৱেশ কৰাব, যাৰ তলেদি নিজৰা প্রবাহিত। তেওঁলোকে তাত চিৰকাল থাকিব। আল্লাহ তেওঁলোকৰ প্রতি সন্তুষ্ট আৰু তেওঁলোকেও আল্লাহৰ প্রতি সন্তুষ্ট। তেওঁলোকেই আল্লাহৰ সৈন্য বাহিনী। জানি থোৱা, আল্লাহৰ সন্য বাহিনীয়ে সফল হ’ব।
(ছুৰা মুজাদালাহ ২২)

✍✍.. অসমত ইচলাম প্ৰচাৰ Q.A

Leave a comment