আমাৰ সমাজত প্রচলিত কিছুমান নিষিদ্ধ /হাৰাম কৰ্ম-

আমাৰ সমাজত প্রচলিত কিছুমান নিষিদ্ধ /হাৰাম কৰ্ম-

১- তাবিজ লোৱা, সুতা -তাগা বন্ধা।

২- গনকৰ ওচৰলৈ যোৱা।

৩- ৰাশিফলত বিশ্বাস কৰা।

৪- আল্লাহৰ বাহিৰে অন্যৰ নামত মানত বা কচম কৰা যেনে- কুৰআন, সন্তান বা স্বামীৰ মূৰত হাত ৰাখি কচম কৰা শ্বিৰ্ক, আল্লাহৰ নামত মিছা কচম কৰা।

৫-মাজাৰ¸ দৰগাহ¸ পীৰৰ ওচৰলৈ যোৱা।

৬- শ্বিৰ্কি জৰা-ফুক কৰা।

৭- কুলক্ষণত বিশ্বাস কৰা।

৮- কুসংস্কাকাৰত বিশ্বাস কৰা।

৯- গলত লকেট বনাই মহিলাসকলে কুৰআন বা আল্লাহৰ নাম লিখি ওলমোৱা।

১০- ঘৰত কুৰআনৰ আয়াত লিখা কাঠ¸ ফলক আদি ওলমোৱা।

১১- ল’ৰা সন্তানক সোণৰ চেইন পিন্ধোৱা [ যিটো সৰু-ডাঙৰ সকলো পুৰুষৰ কাৰণে হাৰাম]

১২- পুৰুষে ভৰিৰ সৰু গাঁঠিৰ তললৈ কাপোৰ ওলোমাই পিন্ধা।

১৩- শিশুৰ কপালত ক’লা ফোট দিয়া।

১৪- কবৰ পকা কৰা, চূণ-ৰং কৰা আৰু নাম লিখা।

১৫-মহিলাসকলে মৃতকৰ কাৰণে বিলাপ কৰা।

১৫- মিলাদ, মৃত্যুবার্ষিকী, জন্মদিন কুলখানি চল্লিশা পালন কৰা।

১৬- শ্ববে বৰাত¸ শ্ববে মেৰাজ, মিলাদুন্নাবি, উৰছ উদযাপন পালন কৰা।

১৭- ফৰজ নামাজৰ পিছত সন্মিলিত মোনাজাত কৰাৰ লগতে যিকোনো সন্মিলিত মুনাজাত¸ দোৱাৰ অনুষ্ঠান জিকিৰ আৰু কুৰআন খতমৰ অনুষ্ঠান কৰা।

১৭- যাদু কৰা, যাদু দ্বাৰা যাদু কাটা বা তাবিজ দিয়া।

১৮-আজমীৰত চাওৱাবৰ নিয়তত যোৱা আৰু হাতত সুতা বন্ধা। তেনেকৈ অন্যান্য মাজাৰলৈ চাওৱাবৰ নিয়তত যোৱা।

১৯- ৰাষ্টাত গাড়ী ৰাখি মাজাৰত টকা দিয়া এই বিশ্বাসত যে নিদিলে কিবা ক্ষতি হব।

২০- নেয়ামুল কুৰআন, বেহেস্তী জেওৰ, মকছুদুল মুমিন, ফাজায়েল আমল কিতাবৰ বানোৱা দলিলবিহীন আমল, পাঞ্জেগানা অজিফাৰ ৫ ছূৰাৰ বনোৱা ফজিলত আৰু বনোৱা দৰূদ পঢ়া। যেনে- দৰূদে হাজাৰি, লাকি, আহাদনামা, গঞ্জে আৰছ ইত্যাদি বনোৱা আমল কৰা।

২১- কুৰআনৰ আয়াত বা ছহীহ হাদিছৰ সুত্র অবিহনে যিকোনো কথা বিশ্বাস কৰা, আমল কৰা। যেনে- আল হাদিছ, বা হাদিছত আছে¸ কিন্তু কোনো দলিল উল্লেখ নাই যে কোন হাদিছ। ইত্যাদি আৰু বহুতো —

( ✍  জুবেৰ ৰহমান )

Leave a comment