সেয়েহে এই ধাৰণাৰ তাগিদাত সাধাৰণ মুছলমান ভাই ভনীয়ে বিভিন্ন পীৰৰ ওচৰত যায় আৰু মুৰীদ গ্ৰহণ কৰে । পীৰৰ প্ৰতি সাধাৰণ মানুহৰ মনত থকা আস্থাৰ সুযোগ লৈ বহুত ভণ্ড পীৰে ইয়াক অৰ্থ লাভ আৰু কু-স্বাৰ্থ সিদ্ধি কৰাৰ পথৰূপে বাছি লয় ।
ভণ্ড পীৰ সকলৰ কিছুমান গুণ, যেনে — টকাৰ বিনিময়ত দোৱা কৰা, তাবিজ কবজৰ ব্যৱসায় কৰা ইত্যাদি । কিছুমান ভণ্ড পীৰে আকৌ মুৰীদৰ মন মুহিবৰ কাৰণে ভৱিষ্যত বাণীও কৰা দেখা যায় । লগতে জান্নাতত লৈ যোৱাৰ প্ৰতিশ্ৰুতিও দিয়ে ।
আচৰিত লাগে এইসকল ভণ্ড পীৰৰ কৰ্মকাণ্ডক লৈ ।
হাশ্বৰৰ দিনা এই ভণ্ড পীৰবোৰৰ কি অৱস্থা হব তাৰ কোনো গ্যাৰাণ্টি নাই, ইহঁতে আকৌ মুৰীদক জান্নাতত লৈ যোৱাৰ গ্যাৰাণ্টি দিয়ে (নাউজুবিল্লাহ)
অথচ আল্লাহে কৈছে, “সেইদিনা কোনো মানুহ কাৰো বাবে বাবে একো কৰিব নোৱাৰিব । সেইদিনা সকলো ক্ষমতা একমাত্ৰ আল্লাহৰ হাতত থাকিব ।”
(82:19)
পীৰ মুৰীদি সকলৰ কেইটামান ভণ্ডামী তলত উল্লেখ কৰা হল ।
১. জীৱনত মাত্র এটা ৰোজা ৰখা ।
2. জীৱনত মাত্ৰ এক ৰাকাত নামাজ পঢ়া ।
৩. মাজাৰ জিয়াৰতৰ নামত মাজাৰত কবৰস্থ ব্যক্তিৰ পৈতানত ছিজদা কৰা ।
৪. পীৰক ভক্তি কৰাৰ নামত তথা পীৰৰ সন্তুষ্টিৰ কাৰণে পীৰৰ ভৰিত ধৰা ।
৫. প্ৰতি বছৰে পীৰৰ জন্ম জন্ম- মৃত্যু বাৰ্ষিকী উপলক্ষে মাজাৰত উৰুছ বা মেলা উৎসৱ পালন কৰা ।
৬. জিকিৰৰ নাম দি ঢোল, বাদ্য-বাজনা আৰু গানৰ তালে তালে অদ্ভুত দেহ ভঙ্গৰে জিকিৰ কৰা ।
৭.পীৰ নধৰিলে জান্নাতত যাব নোৱাৰা বুলি ভবা ।
৮.পীৰে ভবিষ্যতৰ কথা পাৰে বুলি বিশ্বাস কৰা ।
৯. মাজাৰত মান্নাত মাগা ।
১০. জীৱিত বা মৃত পীৰে সন্তান দিব পাৰে বুলি বিশ্বাস কৰা । ইত্যাদি ইত্যাদি ।
এইখিনিতে আৰু এটা মন কৰিবলগীয়া কথা যে, অধিকাংশ পীৰ -মুৰীদসকলৰ মাজত যিটো বিষয় অগ্ৰাধিকাৰ লাভ কৰে সেইটো হল #মাৰিফত ।
ভণ্ড পীৰ বোৰে মাৰিফতৰ দোহাই দি ভণ্ডামী, বিদআতি, কুফৰী, শ্বিৰ্কী কামত লিপ্ত হয় । উল্লেখ্য যে বহুতো মুছলিম ভাই ভনীয়ে ভণ্ড পীৰসকলৰ প্ৰৰোচনাত পৰি নিজৰ ঈমান ধ্বংস কৰি আছে । ভণ্ড পীৰ সকলে কিছুমান সহজ সৰল মুছলিমক মাৰিফতৰ কথা কৈ অসামাজিক কৰ্ম কাণ্ডত লিপ্ত কৰাই আছে । যিটো ইচলামৰ দৃষ্টিত অসভ্যালি ।