!! আমাৰ কৰ্ম্মই আমাৰ ফলাফল !!
মানুহৰ দৈনন্দিন জীৱন যাত্ৰাত ” পৰিৱৰ্তন ” এক স্বভাৱগত প্ৰক্ৰিয়া , যাৰ প্ৰয়োজনতা কোনেও অস্বীকাৰ কৰিব নোৱাৰে !! কিন্তু এই পৰিৱৰ্তন বোলা শব্দটোৱে যেতিয়া দ্বীন ইছলামৰ আভ্যন্তৰীন বিষয়ত দংশন কৰিব, তেতিয়াই ই আমাৰ বাবে হৈ পৰিব এক ধ্বংসাত্মক ব্যাধি !! পৰিৱৰ্তন কৰি পেলাব আমাৰ নিৰ্দ্ধাৰিত সৰল দিশৰ গতিপথ !!
দ্বীন ইছলামৰ স্বৰ্ন যুগৰ পৰাই এক অশুভ শক্তিয়ে সদায়েই মানুহক আল্লাহ প্ৰদত্ত সৰল দিশৰ পৰা আঁতৰাই অসংখ্য উপপথেৰে গতি কৰোৱাৰ চেষ্টা কৰি আহিছে !! সেয়েহে মহান আল্লাহে দ্বীন ইছলামৰ পথ বুলি বিশ্বাস কৰি গতি কৰি থকা পথচাৰী সকলৰ জ্ঞাতাৰ্থে সাৱধান বাণী শুনাই কৈছে -: ইছলামত সৰ্ব্বমুঠ ৭৩ টি ভিন্ন পথ থাকিব আৰু প্ৰত্যেকটি পথতেই নিজকে শুদ্ধ ইছলাম বুলি দাবী কৰা ৭৩ টি ভিন্ন দল বা ফিৰকা থাকিব !! ৰহস্য জনক ভাবে আল্লাহে স্পষ্টকৈ কৈছে যে এই ৭৩ টি দলৰ ভিতৰত মাত্ৰ এটি দলহে সৰল পথেৰে গতি কৰি জান্নাত পাবলৈ সক্ষম হব, বাকী ৭২ টি দলেই ভ্ৰান্ত পথেৰে গতি কৰি বিপথগামী হৈ জাহান্নামত প্ৰৱেশ কৰিব !! ইয়াৰ ওপৰিও আল্লাহে আৰু স্পষ্ট কৰি দি কৈছে যে- সৰল পথদি সেইসকল পথচাৰীহে গতি কৰিবলৈ সক্ষম হব, যি সকলে জীৱনত একমাত্ৰ কোৰআন আৰু হাদীছে দেখুৱাই দিয়া আদৰ্শ খামুচি ধৰিব !!
ইমান ধুনীয়াকৈ মহান আল্লাহে সকলো স্পষ্ট কৰি দিয়াৰ পাছতো জীৱনটোত কিয় আমি ইমান over risk লব লাগে ?? একমাত্ৰ কোৰআন আৰু হাদীছ অনুসৰি চলিলেহে মানুহ পথভ্ৰষ্ট নহব বুলি স্পষ্ট কৰি দিছে যিহেতু আমি সেইমতে চলাত আপত্তি কত ?? মুখেৰেটো আমি সকলোৱে কৈ আছোঁ যে আমি কোৰআন হাদীছ অনুসৰিয়েইটো চলিছো , কিন্তু সেই কথা জানো সত্য হয় ?? সৰ্ব্বোত্তম ইবাদত চালাতৰ বিষয়েই যদি আমি অনুসন্ধান কৰি চাওঁ, তেন্তে ক’তা আমাৰ দৈনন্দিন আদায় কৰা পাঁচ ৱক্ত চালাত, বিতিৰ চালাত, জুমু’আহৰ চালাত, চালাতৰ শ্বাহো চিজদাহ, ঈদৰ চালাত, জানাজাৰ চালাত ইত্যাদি একোৰেই দেখুন চহীহ হাদীছৰ সৈতে একো মিল নাই !! তেন্তে কিহৰ ভিত্তিত আমি দাবী কৰিছোঁ যে আমি হাদীছত উল্লেখ থকা চুন্নত মতেই চলিছো বুলি ?? একেবাৰেই ভূৱা দাবী, বিশ্বাস নহলে চহীহ হাদীছৰ দলীল মেলি প্ৰমাণ কৰি চাওক !!
দ্বিতীয়তে আমি যদি কোৰআন মতেই চলিছো বুলি দাবী কৰো, তেন্তে সেই দাবীও জানো সঠিক হয় ?? আহকচোন মাত্ৰ এটি জলন্ত উদাহৰণেৰে আমি এই দাবীৰ সত্যা – সত্যতাৰ বিবেচনা কৰো ! আল্লাহে পবিত্ৰ কোৰআনত সকিয়াই দি কৈছে -” তোমালোকে সিহঁতৰ দৰে নহবা, যিবিলাকে বিভিন্ন দলত বিভক্ত হল আৰু স্পষ্ট নিদৰ্শন পোৱাৰ পাছতো সিহঁতৰ মাজত মতবিৰোধ সৃষ্টি হল ( আল-ইমৰাণ/১০৫ )। এইয়া আল্লাহে দিয়া স্পষ্ট বাধা , কিন্তু ক’তা ! আমি জানো এই বাধা মানিছো ?? কিয়নো কোৰআনৰ এই হুকুমৰ সম্পূৰ্ণ বিপৰীতে মাজহাবৰ দোহাই দি ইছলামক চাৰিটা ভিন্ন দলত বিভক্ত কৰি স্পষ্ট মতবিৰোধ থকাৰ স্বত্তেও আমিটো সেইয়াই শুদ্ধ বুলি মানি চলি আহিছোঁ !! তেন্তে কিহৰ ভিত্তিত আমি কোৰআন মানি চলিছো বুলি দাবী কৰিব পাৰিম ?? এনেদৰে ভিন্ন মতেৰে চাৰিটা খণ্ডত ইছলাম বিভক্ত কৰিবলৈ আল্লাহে দিয়া অনুমতিৰ আয়াত কোনোবাই দাঙি ধৰিব পাৰিবনে ?? যদি নোৱাৰে তেন্তে আমি কৰা দাবী ভূৱা বুলি প্ৰমাণিত নহলনে ??
সেয়েহে দলীল বিহীন আওপকীয়া বিভিন্ন ফূলজাৰি মৰা কথাত আকৃষ্ট হৈ আমি কোৰআন হাদীছৰ সৈতে মিল নথকা পথেৰে গতি কৰিলে আমি গন্তব্য স্হানত উপনীত হবলৈ সক্ষম হম নে আল্লাহৰ প্ৰতিশ্ৰুতি অনুসৰি কোৰআন হাদীছ সৈতে মিলি থকা আমল কৰি সৰল পথেৰে গতি কৰিলে নিদিষ্ট স্হানত উপনীত হব পাৰিম, সেই বিষয়ে কোনো বিবেক সম্পন্ন লোকক অধিক কোৱাৰ প্ৰয়োজন নাই !! পৃথিৱীত লোৱা আজিৰ সিদ্ধান্ত আৰু আমলেই হব আমাৰ ৰোজ হাচৰত আল্লাহৰ বিচাৰৰ একমাত্ৰ মাফকাঠি !! সেয়েহে সময় থাকোতেই সঠিক সিদ্ধান্ত বিবেচনা কৰক , যিহেতু আমাৰ কৰ্ম্মই আমাৰ ফলাফল !!
আল্লাহে আমাক সকলোকে চহীহ দ্বীন বুজি চলাৰ তৌফিক দান কৰক !! আমীন ।

–Muktabul Hussain