আপোনাৰ জন্ম সৃষ্টিৰ লক্ষতে

বিজ্ঞানে কৈছে এজন প্রাপ্তবয়স্ক সুস্থ্য পুৰুষে এবাৰ সহবাস কৰিলে যি পৰিমাণে বীর্য্য নির্গত হয় তাত ২০-ৰ পৰা ৩০ কোটি স্পার্ম নির্গত হয়, (স্থান পালে ২০-৩০ কোটি সন্তান জন্ম হ’লহেঁতেন)

এই ২০-৩০ কোটি স্পার্মে, মাতৃৰ ওভামৰ পিনে পাগলৰ দৰে দৌৰি গৈ তাত উপস্থিত হয় মাত্ৰ ৩০০-৫০০ সংখ্যক স্পাৰ্মে, আৰু এনেকৈ দৌৰি যোৱাৰ ফলত ক্লান্ত, শ্রান্ত অথবা পৰাজিত হৈ বাকীবোৰৰ মৃত্যু হয়, বিলীন হৈ যায়।

এই ৩০০-৫০০ স্পার্মৰ, যিবোৰে ডিম্বানুৰ ওচৰলৈ যাব পাৰিছে সেইবোৰৰ মাজৰ পৰা মাত্র এটি, মহা শক্তিশালী স্পার্ম-এ ডিম্বানুক ফার্টিলাইজ কৰে অথবা ডিম্বানুত আসন গ্রহণ কৰে।

সেই ভাগ্যৱান স্পার্মটিয়েই হৈছে আপুনি নাইবা মই অথবা আমি। আমি সকলোৱে কেতিয়াবা এই মহাযুদ্ধৰ কথা চিন্তা কৰিছোঁ নে? আপুনি তেতিয়া দৌৰিছিল, যেতিয়া আপোনাৰ চকু, হাত, ভৰি, মূৰ নাছিল! তথাপি আপুনি জয়ী হৈছিল।  আপুনি যেতিয়া দৌৰিছিল, যেতিয়া আপোনাৰ কোনো চার্টিফিকেট নাছিল! মস্তিষ্ক নাছিল, তথাপিও আপুনি জয়ী হৈছিল। আপুনি তেতিয়া দৌৰিছিল, যেতিয়া আপোনাৰ কোনো শিক্ষা নাছিল, দৌৰিছিল কাৰো সাহায্য অবিহনে, কেৱল আছিল মহান আল্লাহ তা‘আলা আৰু তেতিয়া আপুনি জয়ী হৈছিল। আপুনি তেতিয়া দৌৰিছিল, যেতিয়া আপোনাৰ এটি গন্তব্যস্থান আছিল আৰু সেই গন্তব্যস্থানৰ ফালে উদ্দেশ্য ঠিক ৰাখি অকলে একাগ্রচিত্তে দৌৰি আছিল আৰু শেষ পৰ্যন্ত আপুনি জয়ী হৈছিল। 
.
.
আৰু আজি!
আপুনি কিবা অলপ হ’লেই ভয় পায়, নিৰাশ হৈ ভাগৰি পৰে, কিন্তু কিয়? কিয় আপুনি আত্মবিশ্বাস হেৰুৱাই পেলাইছে। এতিয়া আপোনাৰ বন্ধু-বান্ধৱ, ভাই-ভনী, চার্টিফিকেট সকলোবোৰ আছে। হাত-ভৰি আছে, শিক্ষা আছে, প্ল্যান কৰাৰ মস্তিষ্ক আছে, সহায়ৰ বাবে মানুহ আছে, তথাপিও আপুনি আশা হেৰুৱাই নিৰাশাত ভুগিছে।
.
.
 যিহেতু আপুনি জীৱনৰ প্রথম দিনত হাৰ মনা নাছিল, ৩০ কোটি স্পার্মৰ সৈতে মৰণপণ যুদ্ধ কৰি ক্রমাগত দৌৰ প্রতিযোগিতাত একো বস্তুৰ সহায় অবিহনে কেৱল অকলেই জয়ী হৈছিল।
.
.
কিন্তু আজি!
আপুনি কিয় হাৰিব?
কিয় হাৰ মানিব? 
আল্লাহৰ ওপৰত ভৰসা ৰাখক! আপুনি আৰম্ভণিতে জয়ী হৈছিল, তাৰ পিছত জয়ী হৈছিল, মাজপথতো আপুনি জয়ী হ’ব, ইন শ্বা আল্লাহ। সকলোতকৈ বেছি কি বিচাৰে? 

মূল্য দিয়ক, বিৰামহীনভাৱে লাগি থাকক- আপুনি জয়ী হ’ব।।।

কাৰণ,

(#আপোনাৰ_জন্ম_সৃষ্টিৰ_লক্ষতে)

আগুৱাই বলক!
ইন শ্বা আল্লাহ! আপুনিয়েই জয়ী হ’ব।

Leave a comment